ETV Bharat / entertainment

Amitabh Bachchan : ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অমিতাভ বচ্চনৰ

author img

By

Published : Oct 25, 2022, 12:59 PM IST

বলীউডৰ অভিনেতা অমিতাভ বচ্চনে মঙলবাৰে ঋষি চুনাক যুক্তৰাজ্যৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰশংসা কৰে ।

Amitabh Bachchan
ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া অমিতাভ বচ্চনৰ

চিটাৰা ডেস্ক, 25 অক্টোবৰ : মেগাষ্টাৰ অমিতাভ বচ্চনে মঙলবাৰে ঋষি ছুনাক যুক্তৰাজ্যৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰশংসা কৰে । ইনষ্টাগ্ৰামত অমিতাভে এখন ফটো শ্বেয়াৰ কৰি কেপছনত লিখে, "জয় ভাৰত.. অৱশেষত ব্ৰিটেইনে মাতৃ দেশৰ পৰা প্ৰধানমন্ত্ৰী ৰূপত এজন নতুন নেতা লাভ কৰিলে" (Amitabh Bachchan on Rishi Sunak) ৷

ছবিখনত অমিতাভক গ্ৰে ৰঙৰ হুডি আৰু একেই ৰঙৰ ট্ৰেক পেণ্ট পিন্ধি এটা ডেপাৰ লুকত দেখা পোৱা গৈছে । ট’ৰী নেতৃত্বৰ দৌৰত লিজ ট্ৰাছৰ হাতত পৰাস্ত হোৱাৰ দুমাহ নৌহওঁতেই সোমবাৰে ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টীৰ নেতা ঋষি ছুনক যুক্তৰাজ্যৰ প্ৰথমজন ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ।

ছুনকৰ ভাগ্যৰ পৰিৱৰ্তনৰ সূচনা হৈছিল যেতিয়া ব্ৰিটেইনৰ পাউণ্ডৰ মূল্য তললৈ নামি অহাৰ ফলত তীব্ৰ সমালোচনা কৰা মিনি বাজেটৰ পিছত ট্ৰাছে হাই-প্ৰফাইল বৰ্খাস্ত দিছিল আৰু কেবিনেট ত্যাগ কৰিছিল ৷ মাত্ৰ 45 দিনৰ কাৰ্যকালত পদত্যাগ কৰিবলৈ বাধ্য হোৱাৰ পিছত ট্ৰাছ আটাইতকৈ কম সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় । 10 ডাউনিং ষ্ট্ৰীটৰ সন্মুখত থিয় হৈ ট্ৰাছে স্বীকাৰ কৰে যে তেওঁ সেই কাৰ্যভাৰ প্ৰদান কৰিব নোৱাৰে যাৰ বাবে তেওঁ নিৰ্বাচিত হৈছিল ।

পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰা চাউথমপটনৰ ভাৰতীয় মূলৰ এটা পৰিয়ালত ছুনকৰ জন্ম হৈছিল । অক্সফৰ্ড আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছুনক বিখ্যাত ইনফ’ছিছ প্ৰতিষ্ঠা কৰা কোটিপতি ব্যৱসায়ী এন আৰ নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে ।

অমিতাভৰ ৱৰ্ক ফ্ৰণ্টৰ বিষয়ে ক’বলৈ গ’লে তেওঁক পৰৱৰ্তী সময়ত পৰিয়ালৰ মনোৰঞ্জনমূলক ছবি ‘উউঞ্চাই’ত অনুপম খেৰ, বোমান ইৰাণী আৰু পৰিণীতি চোপ্ৰাৰ সৈতে দেখিবলৈ পোৱা যাব । সূৰজ বৰজতায়াৰ নেতৃত্বত ছবিখন 2022 চনৰ 11 নৱেম্বৰত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে । তাৰ উপৰিও তেওঁৰ হাতত আছে দীপিকা পাডুকন আৰু প্ৰভাসৰ সৈতে এখন পান ইণ্ডিয়া ছবি ‘প্ৰজেক্ট কে’ আৰু ‘দ্য ইণ্টাৰন’ ।

লগতে পঢ়ক : Injured Big B: বিগ বিৰ বাওঁ ভৰিত পৰিল চিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.