ETV Bharat / entertainment

KKBKKJ Trailer : ছলমানে শ্বেহনাজক দিলে আগবাঢ়ি যোৱাৰ পৰামৰ্শ, উত্তৰত পঞ্জাৱৰ কেটৰিণা কাইফে ক’লে এই কথা

author img

By

Published : Apr 11, 2023, 1:41 PM IST

‘‘কিছি কা ভাই কিচি কি জান’’ৰ ট্ৰেইলাৰ লঞ্চত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে শ্বেহনাজ গীলক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিলে (KKBKKJ Trailer Launch) । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেটিজেনৰ ৷

Salman Khan advises Shehnaaz Gill to move on at Kisi Ka Bhai Kisi Ki Jaan trailer launch, Watch
ছুপাৰষ্টাৰ ছলমান খানে শ্বেহনাজ গিলক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিলে

চিটাৰা ডেস্ক, 11 এপ্ৰিল : ছলমান খান আৰু ‘‘কিছি কা ভাই কিচি কি জান’’ ছবিখনৰ সমগ্ৰ কাষ্ট সোমবাৰে (১০ এপ্ৰিল) পিভিআৰ জুহু (মুম্বাই)ত উপস্থিত হয় ৷ দৰাচলতে ছবিখনৰ ট্ৰেইলাৰ লঞ্চৰ বাবে ছবিখনৰ সমগ্ৰ কাষ্ট একত্ৰিত হয় । ট্ৰেইলাৰ লঞ্চৰ সময়ছোৱাত ছলমান খানে ‘‘পাঞ্জাৱৰ কেটৰিণা কাইফ’’ শ্বেহনাজ গীলক জীৱনত "Move on" অৰ্থাৎ আগবাঢ়ি যাবলৈ পৰামৰ্শ দি দৰ্শকৰ লগতে তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰে । ছলমানৰ এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (KKBKKJ Trailer Launch)।

ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ সময়ত এজন আয়োজকে শ্বেহনাজ গীলক প্ৰশ্ন কৰিছিল যে ছবিখনত কাম কৰাৰ সময়ত তেওঁ নাৰ্ভাছ হৈছিল নেকি ? শ্বেহনাজে কেইছেকেণ্ডমান প্ৰশ্নটো শুনি নিমাত হৈ থাকিল, ইফালে ছলমানে এই প্ৰশ্নৰ উত্তৰত ক’লে, ‘‘ম’ভ অন কাৰ জাও শ্বেহনাজ’’ । এই বিষয়ে ‘‘পঞ্জাৱৰ কেটৰিণা কাইফে’’ উত্তৰ দিলে, ‘‘কাৰ গয়ী’’ । ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে নেটিজেনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । নেটিজেনৰ মতে এই মন্তব্য প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাক লৈ কৰা হৈছিল (KBKJ trailer Launch)।

ইয়াৰ পিচত প্ৰশ্নৰ উত্তৰ দিওঁতে শ্বেহনাজে ক’লে, ‘নাই, মই নাৰ্ভাছ নহয় । কিন্তু ছলমান ছাৰৰ সন্মুখত, আপোনালোকে জানে । এনেই মই কেতিয়াও নাৰ্ভাছ অনুভৱ নকৰো (Kisi Ka Bhai Kisi Ki Jaan trailer launch)। শ্বেহনাজক পৰৱৰ্তী প্ৰশ্নটো সোধা হৈছিল যে নিজকে ট্ৰেইলাৰত দেখি কেনেকুৱা লাগিল ? এই বিষয়ে শ্বাহনাজে কয়, ‘নিজকে দেখি মোৰ বৰ ভাল লাগে । মই নিজকে ভাল পাওঁ প্ৰথম কথা হ’ল প্ৰথমে নিজকে ভালপোৱা আৰু তাৰ পিচত আন কাৰোবাক ভাল পোৱা । যেনে ছলমান ছাৰ আৰু সকলো ।

ইফালে বহুদিনৰ মূৰত ডাঙৰ পৰ্দাত ছলমান খানক দেখি উৎফুল্লিত হৈ পৰিছে অনুৰাগীসকল । ট্ৰেইলাৰ চোৱাৰ পিচত ছবিখনক লৈ আৰু অধিক উত্তেজনা বৃদ্ধি পাইছে অনুৰাগীৰ মাজত (Salman Khan advises Shehnaaz Gill) ।

ফাৰহাদ ছামজীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন একচন, পাৰিবাৰিক নাটক আৰু ৰোমাঞ্চেৰে ভৰপূৰ । শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ নতুন গীত ‘য়েতম্মা’ মুকলি কৰিছে, য’ত ‘আৰ আৰ আৰ’ৰ তাৰকা ৰাম চৰণৰ প্ৰৱেশে গীতটি আৰু অধিক বিশেষ কৰি তুলিছে ৷ অহা ২১ এপ্ৰিলত ঈদ উপলক্ষে মুক্তি লাভ কৰিব ছবিখন (Salman Khan Shehnaaz Gill video) ।

লগতে পঢ়ক: KKBKKJ Movie Trailer out: 'কিছি কা ভাই কিচি জান'ৰ ট্ৰেইলাৰ মুকলি, ঈদৰ দিনা মুক্তি পাব ভাইজানৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.