ETV Bharat / entertainment

বক্স অফিচত ছালাৰে ৰচিলে ইতিহাস, প্ৰথম দিনাৰ উপাৰ্জন জানিলে হতবাক হ’ব আপুনি

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 2:29 PM IST

Salaar box office collection day 1 prediction: Prabhas starrer poised for a spectacular opening, likely to mint over Rs 100 cr gross
ছালাৰ বক্স অফিচ সংগ্ৰহ

Salaar Box Office Collection Day 1: আজি ছবিগৃহত মুকলি হ’ল প্ৰভাস অভিনীত ‘ছালাৰ’ ৷ মুক্তিৰ লগে লগে 'ছালাৰ' ছবিখন বছৰটোৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ ছবি হিচাপে পৰিগণিত হৈছে ।

চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ : প্ৰভাসৰ বহু প্ৰত্যাশিত একচন থ্ৰিলাৰ ছবি ‘ছালাৰ : পাৰ্ট-১ ছিজফাইয়াৰ’ অৱশেষত ২২ ডিচেম্বৰত অৰ্থাৎ আজি ছবিগৃহত মুক্তি লাভ কৰিছে । যিহেতু একে সময়ত শ্বাহৰুখ খানৰ ‘ডাংকি’ও মুকলি হৈছে ৷ গতিকে দুয়োখন ছবিৰ মাজত সংঘৰ্ষ হোৱাটো নিশ্চিত হৈ পৰিছে । যদিও দুয়োখন ছবিক লৈ অনুৰাগীৰ মাজত উন্মাদনা দেখা গৈছে ৷ তথাপিও কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত ছালাৰে ‘ডাংকি’ক ধূলিসাৎ কৰিবলৈ সক্ষম হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰভাসৰ ছবিখনৰ অগ্ৰিম বুকিঙৰ উপাৰ্জন (প্ৰায় ৫০ কোটি) ‘ডাংকি’ৰ মুকলি দিনৰ উপাৰ্জনকৈ (৩০ কোটি)তকৈ বহু বেছি । আনকি ‘ছালাৰ’এ শ্বাহৰুখ খানৰ বছৰৰ সৰ্ববৃহৎ ছবি ‘জৱান’ৰ অভিলেখো ভংগ কৰিছে । গতিকে জানো আহক ছবিখনে প্ৰথম দিনাই বক্স অফিচত কিমান ধন উপাৰ্জন কৰিছে ।

ছালাৰৰ প্ৰথম দিনৰ উপাৰ্জন

প্ৰভাসৰ ‘ছালাৰ’ মুক্তিৰ পিচৰে পৰা বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । দৰ্শকৰ মাজত ছবিখনৰ ব্যাপক উন্মাদনা দেখা গৈছে আৰু প্ৰথম দিনাই ছবিখন চাবলৈ চিনেমা হলত দেখা গৈছে দৰ্শকৰ বিপুল ভিৰ । বহু ছবিগৃহত সকলো শ্ব’ হাউচফুল হৈ আছে । এই সকলোবোৰৰ মাজতে মুক্তিৰ লগে লগে ‘ছালাৰ’এ ৰচিলে ইতিহাস । ছবিখনে প্ৰথম দিনাই অগ্ৰিম বুকিঙৰ পৰা প্ৰায় ৫০ কোটি টকা সংগ্ৰহ কৰিছিল আৰু এতিয়া প্ৰথম দিনাৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যাও পোহৰলৈ আহিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘ছালাৰ’এ ভংগ কৰিলে ‘জৱান’ৰ অভিলেখ

প্ৰভাসৰ ‘ছালাৰ’এ বক্স অফিচত বাম্পাৰ ওপেনিং কৰিছে । মুক্তিৰ প্ৰথম দিনাই প্ৰায় ৯৫ কোটি টকা সংগ্ৰহ কৰাটো বৃহৎ সফলতাৰ কথা । ইয়াৰ সমান্তৰালকৈ এই ছবিখনে শ্বাহৰুখ খানৰ এই বছৰৰ আটাইতকৈ ডাঙৰ ছবি ‘জৱান’ৰ অভিলেখ ভংগ কৰিছে ।

  • 'জৱান' মুক্তিৰ প্ৰথম দিনা ৭৫ কোটি টকাৰে ওপেনিং কৰিছিল ।
  • আনহাতে ‘ছালাৰ’এ প্ৰথম দিনাই ৯৫ কোটি টকা সংগ্ৰহ কৰি নতুন মাপকাঠী স্থাপন কৰিছে ।

'ছালাৰ'ৰ বিষয়ে

কেজিএফ খ্যাত পৰিচালক প্ৰশান্ত নীলে পৰিচালনা কৰা ছালাৰত অভিনয় কৰিছে প্ৰভাস, পৃথ্বীৰাজ সুকুমাৰন, শ্ৰুতি হাছান আৰু জগাপতি বাবুৱে ৷

লগতে পঢ়ক : ছবিগৃহৰ বাহিৰত প্ৰভাসৰ অনুৰাগীৰ ভিৰ, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.