ETV Bharat / entertainment

HCA Film Awards 2023 : শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিলে RRR ৰে, এই সন্দৰ্ভত কি ক’লে ৰাম চৰণে...

author img

By

Published : Feb 25, 2023, 9:44 PM IST

rrr-wins-best-international-film-at-hca-ss-rajamouli-dedicates-award-to-indian-filmmakers
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ’ বঁটা লাভ কৰিলে RRR ছবিখনে

বক্স অফিচত সকলো ৰেকৰ্ড ভংগ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱা এছ এছ ৰাজামৌলিৰ RRR ছবিখনে আজুৰি আনিবলৈ সক্ষম হৈছে এটাৰ পিচত আনটো সন্মান ৷ এইবাৰ ‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ’ বঁটা লাভ কৰিলে RRR ছবিখনে (Rajamouli at HCA Awards 2023) ৷

চিটাৰা ডেস্ক, 25 ফেব্ৰুৱাৰী: বিশ্বত খলকনি তোলা এছ এছ ৰাজামৌলিৰ ছবি RRR ৰে লাভ কৰিছে এটাৰ পিচত আনটোকৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সন্মান ৷ এইবাৰ হলীউড সমালোচক সংস্থাৰ চলচ্চিত্ৰ বঁটাত ‘RRR’ ৰে লাভ কৰিছে বিশেষ সন্মান ৷ ছবিখনে ‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ’কে ধৰি তিনিটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে (RRR wins Best International Film at HCA) ৷

হলীউড সমালোচক সংস্থাৰ চলচ্চিত্ৰ বঁটা অনুষ্ঠানত পৰিচালক এছ এছ ৰাজামৌলি আৰু অভিনেতা ৰাম চৰণক অতি আনন্দ আৰু গৌৰৱেৰে এই বঁটা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় । উল্লেখ্য যে, RRR ছবিখন মুক্তি পোৱাৰ পিচতে বক্স অফিচত সকলো ৰেকৰ্ড ভংগ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল (Rajamouli at HCA Awards 2023) ৷

এছ এছ ৰাজামৌলিয়ে বঁটা গ্ৰহণ কৰিবলৈ যোৱা সময়ত তেওঁক মঞ্চত সংগ দি ছবিখনৰ অন্যতম নায়ক ৰাম চৰণে কয়, "মঞ্চৰ ওপৰলৈ আহিম বুলি ভবা নাছিলোঁ, কিন্তু মোৰ পৰিচালকে মোক তেওঁৰ লগত মঞ্চত আহিবলৈ কৈছিল, গতিকে...ধন্যবাদ । আমাক এই সকলোবোৰ মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ ৷ ই এটা ডাঙৰ সঁহাৰি, গতিকে আমি পুনৰ আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম এনে ছবি আৰু আগন্তুক ছবিতো আপোনালোকে মনোৰঞ্জন লাভ কৰিব বুলি আশা থাকিল । সকলোকে বহুত বহুত ধন্যবাদ, ধন্যবাদ এইচ চি এ !"

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলক এই বঁটা উৎসৰ্গা কৰি এছ এছ ৰাজামৌলীয়ে কয় (Rajamouli HCA awards winning speech), "আহ ! শ্ৰেষ্ঠ আন্তৰ্জাতিক চলচ্চিত্ৰ... এই সন্মান কেৱল মোৰ নহয়, ভাৰতৰ মোৰ সকলো সহযোগী চলচ্চিত্ৰ নিৰ্মাতাৰ বাবেও এই সন্মান, সকলোৱে বিশ্বাস কৰা উচিত যে ভাৰতীয় মানুহে সঁচাকৈয়ে আন্তৰ্জাতিক চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰে ! তাৰ বাবে এইচচিএক ধন্যবাদ... এই সন্মানৰ যথেষ্ট অৰ্থ বহুত । বহুত বহুত ধন্যবাদ । জয় হিন্দ !"

‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি’ বঁটা লাভ কৰাৰ পূৰ্বে RRR য়ে এইচ চি এ ৰ পৰা আন তিনিটা বঁটা লাভ কৰিছিল - ‘শ্ৰেষ্ঠ একচন ছবি’, ‘শ্ৰেষ্ঠ ষ্টাণ্ট’, আৰু ‘শ্ৰেষ্ঠ অৰিজিনেল গীত’। ইফালে RRR ছবিখনৰ এই সাফল্যৰ পিচতে অনুৰাগীসকলে ছবিখনৰ বাবে বৰ্তমান অস্কাৰ বঁটা আশা কৰিছে । ইফালে RRR ছবিখনৰ দলটোৱে ১২ মাৰ্চত অস্কাৰ বঁটাত অংশ ল’ব ।

উল্লেখ্য যে, RRR ছবিখনত দুগৰাকী তেলেগু স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰাম ৰাজু আৰু কোমাৰম ভীমৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছে । মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰে (Jr NTR) । এই ছবিখনে বিশ্বজুৰি ১২০০ কোটিৰো অধিক উপাৰ্জন কৰে । ছবিখনত আলিয়া ভাট, অজয় দেৱগণ, আৰু শ্ৰিয়া সাৰণেও অভিনয় কৰিছিল (Rajamouli on best stunts award for RRR movie)।

লগতে পঢ়ক: Gangubai Kathiawadi: এবছৰীয়া যাত্ৰা সম্পূৰ্ণ গংগুবাই কাথিয়াৱাড়ীৰ, ইনষ্টাযোগে মনৰ ভাৱ প্ৰকাশ আলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.