ETV Bharat / entertainment

কেটৰিনা কাইফ-বিজয় ছেঠুপতীৰ ছবি মেৰী খ্ৰীষ্টমাছৰ টাইটেল ট্ৰেক মুকলি

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:31 PM IST

Merry Christmas: Title track of Katrina Kaif and Vijay Sethupati starrer out now
মেৰী খ্ৰীষ্টমাছৰ টাইটেল ট্ৰেক মুকলি

Merry Christmas Title Song Release: মুক্তি পালে কেটৰিণা কাইফ আৰু বিজয় ছেঠুপতী অভিনীত ছবি ‘মেৰী খ্ৰীষ্টমাছ’ৰ প্ৰথমটো গীত ।

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ : ‘টাইগাৰ ৩’ৰ বৃহৎ সফলতাৰ পিচত শীঘ্ৰেই আন এখন ছবিৰ সৈতে ডাঙৰ পৰ্দাত দেখা যাব কেটৰিণা কাইফক ৷ অতি সোনকালে কেটৰিণা কাইফ অভিনীত ছবি ‘মেৰী খ্ৰীষ্টমাছ’ ছবিগৃহত মুক্তি লাভ কৰিব । এই ছবিখনত কেটৰিণাক প্ৰথমবাৰৰ বাবে দক্ষিণৰ অভিনেতা বিজয় ছেঠুপতীৰ সৈতে ডাঙৰ পৰ্দাত দেখা যাব । অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই ছবিখনৰ বাবে । এই সকলোবোৰৰ মাজতে নিৰ্মাতাই এতিয়া মুকলি কৰিছে ‘মেৰী খ্ৰীষ্টমাছ’ৰ টাইটেল ট্ৰেক ।

'মেৰী খ্ৰীষ্টমাছ'ৰ প্ৰথমটো গীত মুকলি

'মেৰী খ্ৰীষ্টমাছ'ৰ প্ৰথমটো গীত মুকলি কৰিছে নিৰ্মাতাই ৷ অৱশ্যে ‘মেৰী খ্ৰীষ্টমাছ’ গীতটিৰ কেৱল অডিঅ’ ক্লিপটো হে মুকলি কৰিছে ৷ কেটৰিণা কাইফ আৰু বিজয় ছেঠুপতীৰ ফটোৰে অডিঅ’ ক্লিপটো মুকলি নিৰ্মাতাই । টিপছে এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছে, "পাৰফেক্ট #MerryChristmas গীতটি ১২ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব ।" উল্লেখ্য যে, শেহতীয়াকৈ মুক্তি পোৱা ‘মেৰী খ্ৰীষ্টমাছ’ৰ টাইটেল ট্ৰেকটো এছ কিঙে গাইছে আৰু ইয়াৰ সংগীত দিছে প্ৰীতমে ।

  • " class="align-text-top noRightClick twitterSection" data="">

'মেৰী খ্ৰীষ্টমাছ’ ছবিখন পৰিচালনা কৰিছে শ্ৰীৰাম ৰাঘৱনে

উল্লেখ্য যে, 'মেৰী খ্ৰীষ্টমাছ' ছবিখন পৰিচালনা কৰিছে শ্ৰীৰাম ৰাঘৱনে । ইয়াৰ পূৰ্বে তেওঁ বদলাপুৰ, অন্ধধুন আদি হিট ছবি নিৰ্মাণ কৰিছিল । কিছুদিন পূৰ্বে ছবিখনৰ ট্ৰেইলাৰ মুক্তি লাভ কৰিছিল ৷ দৰ্শকে ভাল পাইছিল ছবিখনৰ ট্ৰেইলাৰটো । দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি পাইছিল ট্ৰেইলাৰটোৱে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কেতিয়া মুক্তি পাব ‘মেৰী খ্ৰীষ্টমাছ’ ?

বিভিন্ন সহযোগী শিল্পীৰ সৈতে দুটা ভাষাত শ্বুটিং কৰা হৈছে ‘মেৰী খ্ৰীষ্টমাছ’ । হিন্দী সংস্কৰণত সঞ্জয় কাপুৰ, বিনয় পাঠক, প্ৰতিমা কান্নান আৰু টিনু আনন্দেও অভিনয় কৰিছে । আনহাতে, তামিল সংস্কৰণত ৰাধিকা সাৰথকুমাৰ, শনমুগৰাজা, কেভিন জয় বাবু আৰু ৰাজেশ উইলিয়ামছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । উল্লেখ্য যে, ২০২৪ চনৰ ১২ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব মেৰী খ্ৰীষ্টমাছ ।

লগতে পঢ়ক: Merry Christmas New Release Date: কাক লৈ ভয় কৰিছে কেটৰিণাই ? আকৌ সলনি ‘মেৰী খ্ৰীষ্টমাছ’ৰ মুক্তিৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.