ETV Bharat / entertainment

Merry Christmas New Release Date: কাক লৈ ভয় কৰিছে কেটৰিণাই ? আকৌ সলনি ‘মেৰী খ্ৰীষ্টমাছ’ৰ মুক্তিৰ তাৰিখ

author img

By ANI

Published : Nov 16, 2023, 1:44 PM IST

Katrina Kaif, Vijay Sethupathi's 'Merry Christmas' release postponed to 2024
মেৰী খ্ৰীষ্টমাছ’ৰ মুক্তিৰ তাৰিখ পুনৰ সলনি

কেটৰিণা কাইফৰ বহু প্ৰত্যাশিত ছবি ‘মেৰী খ্ৰীষ্টমাছ’ৰ মুক্তিৰ তাৰিখ পুনৰ সলনি কৰা হৈছে । দ্বিতীয়বাৰৰ বাবে সলনি হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ । ইয়াৰ পূৰ্বে এই ছবিখন ৮ ডিচেম্বৰত মুক্তি পোৱাৰ কথা আছিল । কিন্তু এতিয়া এই ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে । এই ছবিখন এতিয়া অহা বছৰ মুক্তি পাব ।

চিটাৰা ডেস্ক, 16 নৱেম্বৰ: কেটৰিণা কাইফ আৰু বিজয় সেতুপতিৰ ছবি ‘মেৰী খ্ৰীষ্টমাছ’ৰ মুক্তিৰ তাৰিখ পুনৰ সলনি কৰা হৈছে । ইয়াৰ পূৰ্বে এই ছবিখন ১৫ ডিচেম্বৰত মুক্তি পোৱাৰ কথা আছিল । কিন্তু নিৰ্মাতাই ছবিখনৰ তাৰিখ এসপ্তাহ আগুৱাই দিছিল অৰ্থাৎ 8 ডিচেম্বৰলৈ সলনি কৰা হৈছিল । কিন্তু এতিয়া দ্বিতীয়বাৰৰ বাবে এই ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰিছে নিৰ্মাতাই । এতিয়া এই ছবিখন এই বৰ্ষত নহয়, নতুন বৰ্ষত অৰ্থাৎ 2024 চনত হে মুক্তি পাব ।

ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা

ছ’চিয়েল মিডিয়াত ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰাৰ সন্দৰ্ভত আনুষ্ঠানিক তথ্য দিলে ৰাধিকা আপ্তেই । ৰাধিকাই ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰি লিখিছে- ‘‘এতিয়া অৱশেষত আপোনাৰ অপেক্ষা শেষ হ’ল । আপোনাৰ শীতকাল আৰু অধিক জোৰদাৰ হ’বলৈ গৈ আছে । 2024 চনৰ 12 জানুৱাৰীত মুক্তি পাব মেৰী খ্ৰীষ্টমাছ ।’’

দ্বিতীয়বাৰৰ বাবে তাৰিখ সলনি মেৰী খ্ৰীষ্টমাছৰ

ইয়াৰ পূৰ্বে কেটৰিণা কাইফৰ এই ছবিখন সিদ্ধাৰ্থ মালহোত্ৰাৰ ‘যোদ্ধা’ ছবিৰ সৈতে 15 ডিচেম্বৰত বক্স অফিচত মুক্তি পোৱাৰ কথা আছিল । কিন্তু এই ছবিখনৰ সৈতে সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ ইয়াৰ মুক্তিৰ তাৰিখ এসপ্তাহ আগুৱাই অৰ্থাৎ 8 ডিচেম্বৰলৈ আগুৱাই দিয়া হৈছিল । কিন্তু এতিয়া এই ছবিখনৰ মুক্তিৰ তাৰিখ অহা বছৰলৈ সলনি কৰা হৈছে । অৰ্থাৎ এতিয়া এই ছবিখন 8 ডিচেম্বৰৰ পৰিৱৰ্তে 2024 চনৰ 12 জানুৱাৰীত ছবিগৃহত মুক্তি পাব । অৱশ্যে ‘যোদ্ধা’ৰ মুক্তিৰ তাৰিখো সলনি কৰা হৈছে । এই ছবিখনো অহা বছৰৰ মাৰ্চ মাহত মুক্তি পাব ।

এই ছবিখনত প্ৰথমবাৰৰ বাবে পৰ্দাত একেলগে দেখা যাব কেটৰিণা কাইফ আৰু বিজয় সেতুপথিক ৷ দুয়ো তাৰকাই পূৰ্বে কেতিয়াও একেলগে কাম কৰা নাছিল । বিজয় সেতুপথিক শেষবাৰৰ বাবে দেখা গৈছিল শ্বাহৰুখ খানৰ ছবি ‘জৱান’ত । ছবিখনত তেওঁ নেতিবাচক ভূমিকাত অভিনয় কৰিছিল । ইফালে শেহতীয়াকৈ মুক্তি লাভ কৰিছে কেটৰিণা কাইফৰ ছবি ‘টাইগাৰ ৩’। এই ছবিখনত কেটৰিণা আৰু ছলমানৰ যুটিয়ে অনুৰাগীৰ পৰা যথেষ্ট মৰম লাভ কৰিছে ।

লগতে পঢ়ক: Merry Christmas new poster: এইদিনা মুক্তিলাভ কৰিব বিজয় সেথুপতি-কেটৰিনা কাইফৰ ছবি মেৰী খ্ৰীষ্টমাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.