ETV Bharat / entertainment

Merry Christmas new poster: এইদিনা মুক্তিলাভ কৰিব বিজয় সেথুপতি-কেটৰিনা কাইফৰ ছবি মেৰী খ্ৰীষ্টমাছ

author img

By

Published : Jul 17, 2023, 5:25 PM IST

Katrina Kaif Vijay Sethupathi make for intriguing duo in Merry Christmas new posters, film to clash with Yodha at box office
এইদিনা মুক্তিলাভ কৰিব বিজয় সেথুপতি কেটৰিনা কাইফৰ ছবি মেৰী খ্ৰীষ্টমাছ

অৱশেষত ঘোষণা কৰা হ’ল কেটৰিণা কাইফ, বিজয় সেথুপতি অভিনীত ছবি ‘মেৰী খ্ৰীষ্টমাছ’ৰ মুক্তিৰ দিন ৷ জানি লওক কোন দিনা ছবিগৃহত মুক্তি পাব ‘মেৰী খ্ৰীষ্টমাছ’ ৷

চিটাৰা ডেস্ক, 17 জুলাই: কেটৰিনা কাইফ আৰু বিজয় সেথুপতি অভিনীত ছবি ‘মেৰী খ্ৰীষ্টমাছ’ ২০২৩ বৰ্ষৰ অন্যতম এখন ডাঙৰ ছবি হ’বলৈ গৈ আছে । প্ৰথমবাৰৰ বাবে কেটৰিনা আৰু বিজয় একেলগে চাবৰ বাবে শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ বাবে দৰ্শকে অতি আগ্ৰহেৰে এই ছবিখন মুক্তিৰ বাবে অপেক্ষা কৰি আছে ।

সকলোকে বহু সময় অপেক্ষা কৰি থকাৰ পিছত অৱশেষত ঘোষণা কৰা হ’ল ছবিখনৰ মুক্তিৰ তাৰিখ । বিজয় আৰু কেটৰিনাই ছ’চিয়েল মিডিয়াত একেবাৰে নতুন পোষ্টাৰেৰে এই তাৰিখ ঘোষণা কৰিছে ।

ইয়াৰ পূৰ্বে ২০২২ চনত ছবিখন ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল । কিন্তু পিছত ২০২৩ চনলৈ পিছুৱাই দিয়া হয় । অৱশেষত ২০২৩ চনৰ ১৫ ডিচেম্বৰত মুক্তি পাব ছবিখন । বিজয় আৰু কেটৰিনা কাইফে উন্মোচন কৰে দুখন পোষ্টাৰ, এখন হিন্দী আৰু আনখন তামিল ভাষাত । দুয়োখন পোষ্টাৰতে কেটৰিনা আৰু বিজয়ৰ ছবিয়ে সকলোৰে আগ্ৰহ জগাই তুলিছে । নতুন পোষ্টাৰখনে ভিনটেজ ভাইবছ দিছে ।

হিন্দী পোষ্টাৰখনলৈ চাই ছবিখনত পুৰণি বম্বেক দেখা পোৱাৰ আশা কৰিব পাৰি । পোষ্টাৰখনৰ টেগলাইনত লিখা আছে, ‘ৰাতি গভীৰ হ’ব, পুৱা সিমানেই ৰঙীন হ’ব’। কেটৰিনাই পোষ্টাৰখন শ্বেয়াৰ কৰি লিখিছে, ‘আমি খ্ৰীষ্টমাছ উদযাপনৰ বাবে অপেক্ষা কৰাটো চুটি কৰাৰ সিদ্ধান্ত লৈছিলো । ২০২৩ চনৰ ১৫ ডিচেম্বৰত আপোনাৰ ওচৰৰ চিনেমাগৃহত মুক্তি পাব MerryChristmas।

মেৰী খ্ৰীষ্টমাছৰ বিস্ময়কৰ পোষ্টাৰ

হিন্দী সংস্কৰণত সঞ্জয় কাপুৰ, বিনয় পাঠক, প্ৰতিমা কান্নান আৰু টিন্নু আনন্দৰ লগতে তামিল সংস্কৰণত অভিনয় কৰিছে ৰাধিকা সাৰথকুমাৰ, শনমুগৰাজা, কেভিন জয় বাবু আৰু ৰাজেশ উইলিয়ামছে । শিশু অভিনেতা অশ্বিনী কালছেকাৰ আৰু ৰাধিকা আপ্তেক কেমিঅ’ত দেখা যাব । খবৰ অনুসৰি ক্ৰাইম থ্ৰিলাৰখনে কেটৰিনা আৰু বিজয়ৰ জগতখনক ওলোটা কৰি পেলোৱা এটা ভাগ্যৰ দিনক কেন্দ্ৰ কৰি ঘূৰিব । বৰদিনৰ পূৰ্বে সংঘটিত হোৱা এটা কাণ্ডৰ বিষয়ে এই ছবিখনত দেখুওৱা হ’ব ।

শ্ৰীৰাম ৰাঘৱন কেটৰিনাৰ প্ৰিয়

ইয়াৰ পূৰ্বে ‘পিংকভিলা’ৰ সৈতে কথা পাতি থাকোঁতে কেটৰিনাই ছবিখনক লৈ উত্তেজনা প্ৰকাশ কৰিছিল । তেওঁ কৈছিল, ‘ফোন ভূতৰ পিছত বিজয়ৰ সৈতে শ্ৰীৰাম ৰাঘৱনৰ মেৰী খ্ৰীষ্টমাছ । শীঘ্ৰেই আহি আছে । ছবিখন উৎসাহপূৰ্ণ । শ্ৰীৰাম ছাৰ মোৰ প্ৰিয় পৰিচালক ।

সিদ্ধাৰ্থ মালহোত্ৰাৰ যোদ্ধাৰ সৈতে হ’ব বক্স অফিচত সংঘৰ্ষ

উল্লেখ্য যে, সিদ্ধাৰ্থ মালহোত্ৰা আগন্তুক মুক্তি পাবলগীয়া ছবি যোদ্ধাৰ সৈতে মুখামুখি সংঘৰ্ষ কৰিব কেটৰিনা কাইফ আৰু বিজয় সেতুপথি অভিনীত ছবি ‘মেৰী খ্ৰীষ্টমাছে’ ৷ এতিয়া কোন ছবিয়ে বক্স অফিচত ভাল প্ৰদৰ্শণ কৰিব পাৰিব সেয়া সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Stuntman Suresh: চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত 20 ফুট তলত পৰি ষ্টান্টমেন সুৰেশৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.