ETV Bharat / entertainment

Urvashi Rautela memes: এছিয়া কাপ 2022 ত উপস্থিত থাকি নিজৰেই মিম বনাবলৈ সুযোগ দিছে উৰ্ৱশীয়ে

author img

By

Published : Sep 5, 2022, 8:57 PM IST

IND vs PAK
নিজৰেই মিম বনাবলৈ সুযোগ দিছে উৰ্ৱশীয়ে

দেওবাৰে এছিয়া কাপ 2022 ত ভাৰত বনাম পাকিস্তানৰ খেল উপভোগ কৰিবলৈ গৈছিল উৰ্ৱশী ৰৌতেলা ৷ অভিনেত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰাৰ পিছত ছ’চিয়েল মিডিয়া ভৰি পৰিছে অসংখ্য মিমেৰে ( Urvashi Rautela memes) ৷ উৰ্ৱশী ৰৌতেলা আৰু ঋষভ পাণ্টকলৈ চলি থকা মিমসমূহ চাওক-

চিটাৰা ডেস্ক, 5 ছেপ্তেম্বৰ : উৰ্ৱশী ৰৌতেলাই দেওবাৰে ভাৰত বনাম পাকিস্তানৰ খেলখনত অংশগ্ৰহণ কৰিছিল ৷ ক্ৰিকেটাৰ ঋষভ পণ্টৰ সৈতে বিভিন্ন কাৰণত বাতৰিলৈ আহি থাকিলেও খেল উপভোগ কৰাটো উৰ্ৱশীৰ বাবে আছিল সম্পূৰ্ণ স্বাভাৱিক কথা, কিন্তু ইণ্টাৰনেটৰ কথাটো আপোনালোক সকলোৰে জ্ঞাত ! মিমৰ ওপৰত মিম শ্বেয়াৰ হৈছে উৰ্ৱশীকলৈ ( Urvashi Rautela memes)৷

ভাৰত বনাম পাকিস্তান খেলখন অৱশ্যেই আকৰ্ষণীয় আছিল যদিও ষ্টেডিয়ামত উৰ্ৱশীৰ উপস্থিতি আছিল নেটিজেনসকলৰ বাবে অধিক আমোদজনক । কিন্তু কেণা তেতিয়া লাগিল যেতিয়া ঋষভ পণ্টে অধিক ৰান কৰিব নোৱাৰি মাত্ৰ 14 ৰানতে নিজৰ বেট এৰিব লগীয়া হয় ৷ ঋষভ আউট হোৱাৰ পিছতেই নেটিজেনসকলে উৰ্ৱশীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি ষ্টেডিয়ামৰ পৰা নিষিদ্ধ কৰিবলৈ দাবী জনায় ।

আনকি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত উৰ্ৱশীৰ উপস্থিতিৰ বাবে পাণ্টে খেলত মনোনিৱেশ কৰিব পৰা নাছিল বুলি একাংশই তেওঁক জগৰীয়া কৰিছে (India Vs Pakistan match) । এই দুটা কথাৰে কোনো সম্পৰ্ক নাই যদিও ইণ্টাৰনেট হৈছে এনে এক মাধ্যম য’ত সমাজ, দেশ, পৃথিৱীৰ গুৰুতৰ পৰা গুৰুতৰ সমস্যা আলোচনা কৰাৰ লগতে একেবাৰে ভিত্তিহীন কথাটো মানুহ উবুৰি খাই পৰে ৷ এছিয়া কাপ 2022 ত উৰ্ৱশীৰ উপস্থিতিৰ কথাটোতো নেটিজেনে এতিয়া মিম বনাবলৈ ৰস বিচাৰি পাইছে ৷ অৱশ্যে এই মিমবোৰে আপোনালোকক হাঁহিৰ খোৰাক যোগাব কিছু সময়ৰ বাবে ৷

চলিত মাহৰ আৰম্ভণিতে উৰ্ৱশীয়ে এটা জনপ্ৰিয় মনোৰঞ্জন প’ৰ্টেলত এক সাক্ষাৎকাৰ দিছিল, যিটো ক্লিপ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে । সাক্ষাৎকাৰটোত তেওঁ কয় যে, হোটেলৰ লবীত এজন নিৰ্দিষ্ট ‘আৰ পি’ য়ে তেওঁৰ বাবে অলপ টোপনি অহাৰ সময়ত তেওঁক লগ কৰিবলৈ হোটেলৰ লবীত প্ৰায় 10 ঘণ্টা অপেক্ষা কৰি আছিল আৰু তেওঁ ইমান সময় অপেক্ষা কৰি থকাৰ বাবে তেওঁৰ বেয়া লাগিছিল (Urvashi Rautela and Rishabh Pant memes) ।

ক্লিপটো ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলে পুনৰ ঋষভ পণ্টৰ তেওঁৰ সৈতে সম্পৰ্ক আছে বুলি আলোচনা আৰম্ভ কৰে । নেটিজেনে লিখিবলৈ আৰম্ভ কৰিলে যে সাক্ষাৎকাৰত উৰ্ৱশীয়ে যি "আৰ পি"ৰ কথা কৈছে, তেওঁ আন কোনো নহয় ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট ।

তাৰ পিছত ঋষভে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা আপডেট দিছিল (যিটো তেওঁ কেইঘণ্টামানৰ পিছত ডিলিট কৰি দিছিল) আৰু লিখিছিল, "কেৱল কিছু সামান্য জনপ্ৰিয়তাৰ বাবে আৰু শিৰোনামত থাকিবৰ বাবেই ইন্টাৰভিউত মানুহে কেনেকৈ মিছা কথা ক’ব পাৰে সেইয়া ধেমেলীয়া । দুখৰ বিষয় যে কিদৰে কিছুমান মানুহ খ্যাতি আৰু নামৰ পিছত দৌৰি থাকিব পাৰে । ভগৱানে তেওঁলোকক আশীৰ্বাদ কৰক"। আপডেটটোৰ শেষত হেচটেগ দি লিখে - 'মেৰা পিছা ছোড়ো বেহেন' আৰু 'ঝুথ কি ভি লিমিট হোতি হাে'।

ঋষভৰ এই ষ্ট’ৰীটো দেখাৰ পিছত উৰ্ৱশীয়েও ইনষ্টাগ্ৰামত এটা টোকা পোষ্ট কৰিছিল য'ত লিখা আছিল, "চোতু ভাইয়াই বেট বল খেলিব লাগে...মে কৌই মুন্নী নহি হু বদনাম হোনে ইয়ং কিড্ডো ডাৰ্লিং তেৰে লিয়ে #RAKSHABANDHAN মুবাৰক হো" ৷ উৰ্ৱশীয়েও হেচটেগ যোগ কৰি লিখে - "RP CHOTU BHAIYYA, Cougar Hunter, আৰু Don't take advantage of a silent girl"।

2018 চনত মুম্বাইৰ বহু জনপ্ৰিয় ৰেষ্টুৰেণ্ট, পাৰ্টী, অনুষ্ঠানত একেলগে দেখা পোৱাৰ পিছত দুয়োৱে ডেট কৰি থকাৰ উৰাবাতৰি আৰম্ভ হয় । বহু পিছত একে বছৰতে হোৱাটছএপত দুয়োজনে ইজনে সিজনক ব্লক কৰা বুলি বাতৰি প্ৰকাশ পাইছিল ।

2019 চনত ঋষভে উৰাবাতৰি খাৰিজ কৰি প্ৰেমিকা ঈশা নেগীৰ সৈতে সম্পৰ্ক ঘোষণা কৰিছিল । ঋষভে ঈশাৰ সৈতে ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰি তেওঁৰ বাবে এটা মেছেজ লিখিছিল, "মাত্ৰ তোমাক সুখী কৰিব বিচাৰো কাৰণ তুমিয়েই মোৰ ইমান সুখী হোৱাৰ কাৰণ" ৷

লগতে পঢ়ক : মহেশ ভাটে লুকুৱাইছে নিজৰ প্ৰকৃত পৰিচয়, কংগনাই খুচঁৰি শ্বেয়াৰ কৰিছে পুৰণা ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.