ETV Bharat / entertainment

Ram Charan: গেম চেঞ্জাৰ ছবিখনৰ পৰা ৰাম চৰণক ফাৰ্ষ্ট লুক মুকলি

author img

By

Published : Mar 27, 2023, 10:41 PM IST

আজি দক্ষিণৰ তাৰকা ৰাম চৰণৰ জন্মদিন উপলক্ষে তাৰকাগৰাকীৰ আহিবলগীয়া ছবিৰ প্ৰথম লুক মুকলি কৰিছে দিল ৰাজুৰ বেনাৰ শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েচনে (Ram Charan game changer first look poster) ৷

Game Changer makers treat Ram Charan with first look poster, actor says, Couldn't have asked for better gist'
গেম চেঞ্জাৰ ছবিখনৰ ফাৰ্ষ্ট লুক মুকলি

চিটাৰা ডেস্ক, 27 মাৰ্চ: আজি দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ বাবে দুগুণ উদযাপনৰ সময় (Ram Charan birthday) ৷ কাৰণ আজি ছুপাৰষ্টাৰগৰাকীৰ জন্মদিনৰ লগতে তেওঁৰ আগন্তুক ছবিখনৰ প্ৰথম লুক মুকলি কৰিছে ছবিখনৰ মেকাৰে (Team Game Changer) । গেম চেঞ্জাৰৰ মোচন টাইটেল উন্মোচন কৰাৰ পিচত এতিয়া মেকাৰসকলে ৰাম চৰণৰ ৩৮ সংখ্যক জন্মদিনত ছবিখনৰ পৰা প্ৰথম লুক অনুৰাগীৰ বাবে মুকলি কৰিছে (Ram Charan game changer first look poster) ৷

পূৰ্বে পোৱা খবৰ অনুসৰি শংকৰৰ সৈতে ৰাম চৰণৰ পৰৱৰ্তী ছবি হৈছে গেম চেঞ্জাৰ (Ram Charan game changer birthday poster)। সোমবাৰে ৰাম চৰণৰ জন্মদিন উপলক্ষে দিল ৰাজুৰ বেনাৰ শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েচনে এই ঘোষণা কৰে । গেম চেঞ্জাৰ মোচন টাইটেলৰে ছ’চিয়েল মিডিয়াৰ দায়িত্ব লোৱাৰ পিচত এতিয়া ছবিখনৰ পৰা আন এখন ফটো শ্বেয়াৰ কৰিছে (Sri Venkateswara Creations)।

গেম চেঞ্জাৰৰ পৰা ৰাম চৰণৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েচনে । ফাৰ্ষ্ট লুকৰ পোষ্টাৰত অভিনেতাগৰাকীক ষ্টাইলিছ অৱতাৰত দেখা পোৱা গৈছে (Ram Charans first look from Game Changer) ৷ শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েচনৰ ইনষ্টাগ্ৰাম একাউন্টত ছবিখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, "এয়া মেগাষ্টাৰ ৰাম চৰণৰ আগন্তুক ছবিখনৰ প্ৰথম লুক #GameChanger Happy Birthday Megapower Star Ram Charan" ৷

ৰাম চৰণে টিম গেম চেঞ্জাৰৰ এই প্ৰথম লুকটোৰ প্ৰতি সোনকালে সঁহাৰি জনাই ছ’চিয়েল মিডিয়াত মেকাৰসকলক ধন্যবাদ জনায় । ইনষ্টাগ্ৰামত গেম চেঞ্জাৰৰ পৰা প্ৰথম লুক শ্বেয়াৰ কৰি ৰাম চৰণে লিখিছে, "ইয়াতকৈ ভাল জন্মদিনৰ উপহাৰ আৰু কি হ’ব !! #GameChanger ধন্যবাদ @shanmughamshankar sir!! "

গেম চেঞ্জাৰৰ ছবিখনত থামান এছৰ সংগীত আৰু থিৰুনাভুকাৰাছুৰ চিনেমেট’গ্ৰাফী দেখিবলৈ পোৱা যাব । ২০১৯ চনত মুক্তি পোৱা বিনয় বিধেয়া ৰামাৰ পিচত ৰাম চৰণৰ সৈতে কিয়াৰা আদৱানীয়ে দ্বিতীয়বাৰৰ বাবে একেলগে ৰূপালী পৰ্দাত দেখা পোৱা যাব ৷ ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও নিৰ্মাতাসকলে প্ৰকাশ কৰা নাই যদিও চলিত বৰ্ষৰ শেষৰ ফালে ডাঙৰ পৰ্দাত মুক্তি পাব বুলি জানিব পৰা গৈছে । গেম চেঞ্জাৰ ছবিখন মুক্তি লাব কৰিব তেলেগু, তামিল আৰু হিন্দী ভাষাত (Ram Charan game changer first look) ।

লগতে পঢ়ক: Ram Charan in Delhi: দিল্লীত উপস্থিত অস্কাৰ বিজয়ী আৰ আৰ আৰৰ তাৰকা ৰাম চৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.