Ram Charan in Delhi: দিল্লীত উপস্থিত অস্কাৰ বিজয়ী আৰ আৰ আৰৰ তাৰকা ৰাম চৰণ
Published: Mar 17, 2023, 1:07 PM


Ram Charan in Delhi: দিল্লীত উপস্থিত অস্কাৰ বিজয়ী আৰ আৰ আৰৰ তাৰকা ৰাম চৰণ
Published: Mar 17, 2023, 1:07 PM
আমেৰিকাৰ পৰা নিজৰ জন্মভূমি ভাৰতলৈ উভতি আহিছে ছুপাৰষ্টাৰ ৰাম চৰণ (Ram Charan in Delhi) । ৰাজধানী চহৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাম চৰণক উষ্ম আদৰণি জনোৱা হয় ৷
চিটাৰা ডেস্ক, 17 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰহিট ছবি ‘আৰ আৰ আৰ’ৰ মুখ্য অভিনেতা ৰাম চৰণে অস্কাৰ বঁটা লাভ কৰি আমেৰিকাৰ পৰা নিজৰ জন্মভূমি ভাৰতলৈ উভতি আহিছে (Naatu Naatu Song) । ভাৰতত উভতি অহাৰ সময়ত বিজয়ৰ আনন্দ স্পষ্টকৈ দেখা গৈছে অভিনেতাগৰাকীৰ মুখত (Ram Charan in Delhi) ।
১৭ মাৰ্চৰ পুৱা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে ৰাম চৰণ । অভিনেতাগৰাকী বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে তেওঁক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় । ইয়াৰ পিচত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ছুপাৰষ্টাৰগৰাকীয়ে অস্কাৰ বিজয়ী গীত নাটু-নাটুক দেশবাসীৰ গীত বুলি অভিহিত কৰে (Oscars 2023) ।
দিল্লীত উপস্থিত হৈছে অস্কাৰ বিজয়ী ৰাম চৰণ
ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অভিনেতাগৰাকীক ক’লা টি-চাৰ্টৰ সৈতে নীলা ৰঙৰ হুডি আৰু চকুত ক’লা ৰঙৰ চশমা পৰিধান কৰা দেখা গ’ল । লগতে অভিনেতাগৰাকীৰ পত্নী উপাসনাকো তেওঁৰ সৈতে দেখা গ’ল বিমানবন্দৰত । ইয়াৰ পিচত নাটু-নাটুৰ অস্কাৰ বিজয়ৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে অতি গৌৰৱেৰে কথা পাতিলে ৰাম চৰণে ।
ৰাম চৰণে কয় যে এয়া সমগ্ৰ ভাৰতীয় ছবিজগতৰ আৰু ভাৰতৰ জয় । নাটু-নাটু গীত কেৱল তেলেগুৰ নহয়, সমগ্ৰ দেশবাসীৰ গীত । সমান্তৰালকৈ ৰাম চৰণে এই জয়ৰ বাবে প্ৰত্যেকগৰাকী দৰ্শক আৰু অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে, যিসকলে ‘আৰ আৰ আৰ’ ছবিখনক অভূতপূৰ্ব মৰম দিছে ।
অস্কাৰত বহু গীতক পৰাস্ত কৰি ‘নাটু-নাটুৱে’, শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰ লাভ কৰি দেশৰ প্ৰতিপত্তি বৃদ্ধি কৰিছে । তেলেগু গীত নাটু-নাটুৱে ‘টেল ইট লাইক এ উইমেন’ ছবিখনৰ গীত ‘এপ্লাউজ’, ‘টপ গান মেভেৰিক’ ছবিখনৰ ‘হল্ড মাই হেণ্ড’, ‘ব্লেক পেন্থাৰ’ ছবিখনৰ ‘ৰেচ মি আপ’ আৰু ‘এভাৰিথিং এভাৰিৱেৰ অল এট ৱানছ’ ছবিখনৰ গীত 'দিছ ইজ লাইফ'ক পৰাস্ত কৰি অস্কাৰ লাভ কৰে । নাটু-নাটু গীতটিয়ে জয় লাভ কৰাৰ পিচতে দেশজুৰি এক সুখৰ জোৱাৰ উঠিছে । কাৰণ এয়া আছিল ঐতিহাসিক বিজয় ৷
লগতে পঢ়ক: Superman Legacy: আমেৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা জেমছ গনে পৰিচালনা কৰিব ছুপাৰমেন লেগেচি
