Officer harassed Salman Yusuff Khan: কৰিঅ’গ্ৰাফাৰ ছলমান ইউছুফ খানক কোনে কৰিলে অপদস্থ ?
Published: Mar 15, 2023, 10:28 PM


Officer harassed Salman Yusuff Khan: কৰিঅ’গ্ৰাফাৰ ছলমান ইউছুফ খানক কোনে কৰিলে অপদস্থ ?
Published: Mar 15, 2023, 10:28 PM
কৰিঅ’গ্ৰাফাৰ ছলমান ইউছুফ খানে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’ ৷ বেংগালুৰু বিমানবন্দৰৰ এজন ইমিগ্ৰেচন বিষয়াই ছলমানক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে (Salman Yusuff Khan insulted by immigration officer) ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷
চিটাৰা ডেস্ক, 15 মাৰ্চ: নৃত্যশিল্পী তথা নৃত্য পৰিচালক ছলমান ইউছুফ খানে কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (KempeGowda International Airport) ইমিগ্ৰেচন বিষয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে অভিযোগ ৷ কানাড়া ভাষা নজনাৰ বাবেই ইমিগ্ৰেচন বিষয়াগৰাকীয়ে ছলমানক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইউছুফ খানে কয় যে তেওঁক বেংগালুৰুত জন্মগ্ৰহণ কৰাৰ পিচতো কানাড়া ভাষা নজনা বুলি জেৰা কৰি ভাবুকি দিছিল বিষয়াগৰাকীয়ে (Choreographer Salman Yusuff Khan) ।
সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি নৃত্য পৰিচালকগৰাকীয়ে কয়, "মই এজন গৌৰৱান্বিত বেংগালুৰু । কিন্তু, আজি মই যিখিনিৰ সন্মুখীন হৈছো সেয়া গ্ৰহণযোগ্য নহয় (Salman Yusuff Khan insulted by immigration officer)। মানুহক যিকোনো স্থানীয় ভাষা শিকিবলৈ উৎসাহিত কৰা উচিত কিন্তু সেই ভাষা নজনাৰ বাবে তেওঁলোকক হেয়জ্ঞান কৰা আৰু পিতৃ-মাতৃৰ নাম টানি অনাটো উচিত নহয় ।"
ডুবাইৰ পৰা উভতি অহাৰ সময়ত ছলমানৰ লগত সংঘটিত হৈছিল এই কাণ্ড (Choreographer Salman Yusuff Khan)। অভিযোগ অনুসৰি এজন ইমিগ্ৰেচন বিষয়াই কৰিঅ’গ্ৰাফাৰজনৰ সৈতে কানাড়া ভাষাত কথা পাতে ৷ অৱশ্যে কানাড়া ভাষা বুজি পাইছিল যদিও কানাড়া ভাষা ক’ব পৰা নাছিল ছলমানে ৷ ছলমানে দাবী কৰে যে বিষয়াজনে তেওঁৰ পাছপ’ৰ্টত নাম আৰু জন্মস্থান বেংগালুৰু বুলি আঙুলিয়াই দিছিল । লগতে কৈছিল, "আপুনি আৰু আপোনাৰ পিতৃৰ জন্মস্থান বেংগালুৰুত আৰু আপুনি কানাড়া ভাষা ক’ব নোৱাৰা ।" যিটোৰ উত্তৰত ছলমানে কৈছিল, "বেংগালুৰুত জন্ম লোৱাৰ অৰ্থ এইটো নহয় যে মই ভাষাটোৰ সৈতে জন্ম লৈছো ।"
লগতে ছলমানে কয়, মই বেংগালুৰুত জন্ম ল’ব পাৰো আৰু চৌদি আৰৱত ডাঙৰ-দীঘল হোৱা চৌদি শিশুৰ দৰে পৃথিৱী ভ্ৰমণ কৰিবও পাৰো । স্কুলীয়া শিক্ষাৰ সময়ত দেশত কেতিয়াও নাথাকিলেও মই কেতিয়াও কানাড়া ভাষাক ভাষা হিচাপে লোৱা নাই, মই যিমানেই কম জানো তাকেই পাৰ হৈ গৈছে ।" ইয়াৰ পিচত ইমিগ্ৰেচন বিষয়াগৰাকীয়ে কয়,"যদি আপুনি কানাড়া ক’ব নোৱাৰে তেন্তে মই আপোনাক সন্দেহ কৰিব পাৰো ।"
ইয়াৰ পিচত ছলমানে পুনৰ কয়, " মই চৰকাৰী ভাষা হিন্দী জানো আৰু মই কানাড়া জনাৰ কি প্ৰয়োজন আছে ৷ মোক কিহৰ বাবে সন্দেহ কৰিব ?" ইয়াৰ পিচত পুনৰ ইমিগ্ৰেচন বিষয়াগৰাকীয়ে কয়, "মই আপোনাক যিকোনো কথাৰ বাবে সন্দেহ কৰিব পাৰো ৷" ইয়াৰ প্ৰত্যুত্তৰত ছলমানে কয়, " চেষ্টা কৰক ৷ অলপ জোৰেৰে আৰু তিনিবাৰকৈ ক’লো মোক চেষ্টা কৰক । এই কাণ্ডৰ বিষয়ে বিমানবন্দৰ কৰ্তৃপক্ষক জনাবলৈ মোক কোনেও পথ প্ৰদৰ্শন নকৰিলে ৷ "
লগতে পঢ়ক: Lawrence threatened Salman Khan : ছলমান খানৰ সলনি শ্বাহৰুখ খানক হত্যা কৰিলোহেঁতেন - লৰেন্স বিষ্ণই
