Lawrence threatened Salman Khan : ছলমান খানৰ সলনি শ্বাহৰুখ খানক হত্যা কৰিলোহেঁতেন - লৰেন্স বিষ্ণই

author img

By

Published : Mar 15, 2023, 12:31 PM IST

Lawrence Bishnoi threatened Salman Khan Once Again

সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত কাৰাবন্দী হৈ থকা লৰেন্স বিষ্ণই পুনৰবাৰ ছলমান খানক হত্যাৰ ভাবুকি প্ৰদান কৰে (Lawrence Bishnoi threatened Salman Khan) ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 15 মাৰ্চ: পুনৰ চৰ্চালৈ সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ অপৰাধাত কাৰাবন্দী হৈ থকা লৰেন্স বিষ্ণই (Sidhu Moose Wala murder case) ৷ পুনৰবাৰ বলীউডৰ ভাইজান ছলমান খানক ভাবুকি প্ৰদান কৰে লৰেন্সে (Lawrence Bishnoi threatened Salman Khan) ৷ ভাবুকি প্ৰদান কৰি লৰেন্স কয় যে ছলমান খানে ক’লা হৰিণা চিকাৰৰ গোচৰত ক্ষমা খুজিব লাগিব নহ’লে ছলমান খানক উপযুক্ত উত্তৰ দিয়া হ’ব বুলিও উল্লেখ কৰে ।

জানিব পৰা মতে গেংষ্টাৰ লৰেন্স বিষ্ণইয়ে কাৰাগাৰৰ পৰা দিয়া এক সাক্ষাৎকাৰত কয়, "মই নিজে সিদ্ধু মুছেৱালাক হত্যা কৰা নাছিলো, হত্যাকাণ্ডটো গোল্ডি ব্ৰাৰক দি সংঘটিত কৰাইছিলো ৷" পুনৰবাৰ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক ভাবুকি দি কয় যে মই তেওঁক টকাৰ বাবে নহয়, আন কিবা উদ্দেশ্যত হত্যা কৰিবলৈ চেষ্টা কৰিম (Salman Khan blackbuck hunting Case) ।

লৰেন্স বিষ্ণইয়ে লগতে কয় যে ছলমান খানে ক’লা হৰিণা চিকাৰৰ ক্ষেত্ৰত সমাজৰ ওচৰত যদি ক্ষমা খুজিব নোৱাৰে, তেন্তে সময় আহিলে ছলমানক উত্তৰ দিয়া হ’ব । অৱশ্যে কাৰাবন্দীত থাকি কুখ্যাত অপৰাধী লৰেন্স বিষ্ণইয়ে কেনেদৰে ভিডিঅ’ ইন্টাৰভিউ দি আছে সেয়া তদন্তৰ বিষয় (Lawrence Bishnoi threatened Salman Khan Once Again) ।

লৰেন্স বিষ্ণইয়ে লগতে কয় যে পূৰ্বে কাৰাগাৰত মোবাইল ফোনবোৰ সাল-সলনি কৰিব পৰা গৈছিল, যাৰ জৰিয়তে আমি জেলৰ পৰাই এই সকলোবোৰ মেনেজ কৰি লৈছিলো । সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰ অনুসৰি লৰেন্স বিষ্ণই স্পষ্টকৈ কয় যে তেওঁ জনপ্ৰিয় হোৱাৰ বাবে ছলমান খানক হত্যা কৰিব নিবিচাৰে । কাৰোবাক হত্যা কৰি খ্যাতি অৰ্জন কৰিব বিচাৰিলে ছলমান খানৰ সলনি শ্বাহৰুখ খানক হত্যা কৰিলেহেঁতেন ।

লৰেন্স বিষ্ণইয়ে কয় যে ছলমান খানে আমাৰ সমাজখনক অৱনমিত কৰাৰ কাম কৰিছে । সেইবাবেই ছলমান খানৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰে লৰেন্সে ৷ যদি ছলমানে ক্ষমা নোখোজে তেন্তে লৰেন্সে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক: Lawrence Bishnoi warns Salman: ছলমানলৈ সতৰ্কবাণী লৰেন্স বিষ্ণোইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.