ETV Bharat / entertainment

শ্বাহৰুখ-অক্ষয়-অজয় ​​দেৱগনলৈ উচ্চ ন্যায়ালয়ৰ জাননী

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 10:01 AM IST

Central Government notice to Akshay Kumar Shahrukh Khan and Ajay Devgn For pan masala Advertisement
পান মছলাৰ বিজ্ঞাপন কৰি বিপদক তিনি তাৰকা

HC Notice to Shahrukh-Akshay-Ajay: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা শ্বাহৰুখ খান, অক্ষয় কুমাৰ আৰু অজয় ​​দেৱগনলৈ জাননী প্ৰেৰণ কৰা হৈছে । পান মছলা কোম্পানীৰ বিজ্ঞাপনৰ বিষয়ত এই জাননী জাৰি কৰা হৈছে ।

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে শ্বাহৰুখ খান, অক্ষয় কুমাৰ আৰু অজয় ​​দেৱগনলৈ জাননী প্ৰেৰণ কৰিছে । পান মছলা কোম্পানীৰ বিজ্ঞাপনক লৈ এই জাননী জাৰি কৰা হৈছে । দৰাচলতে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই এই অৱমাননা আৱেদন সন্দৰ্ভত এই আৱেদন খাৰিজ কৰিবলৈ লক্ষ্ণৌ বিচাৰপীঠলৈও আৱেদন জনাইছিল ।

কেতিয়া অনুষ্ঠিত হ’ব শুনানি

কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই লক্ষ্ণৌৰ বিচাৰপীঠক জনাই যে উচ্চতম ন্যায়ালয়েও এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে । সেয়েহে, এই আৱেদন নাকচ কৰা উচিত । ইয়াৰ পিচত ন্যায়াধীশ ৰাজেশ সিং চৌহানৰ একক বিচাৰপীঠে এই অৱমাননা আৱেদন গৃহীত কৰিছে । লগতে পৰৱৰ্তী শুনানিৰ তাৰিখ ২০২৪ চনৰ ৯ মে’ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ।

ইয়াৰ পূৰ্বে ন্যায়াধীশ ৰাজেশ সিং চৌহানৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক আবেদনকাৰীৰ প্ৰতিনিধিত্ব সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছিল । এই অভিনেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত বুলি যুক্তি দিয়া হৈছিল, কিয়নো এই অভিনেতাসকলক উচ্চ সন্মান দিয়া হয় ৷ কিন্তু উচ্চ সন্মান লাভ কৰা স্বত্বেও অভিনেতাসকলে গুটখা কোম্পানীৰ দৰে বিজ্ঞাপন কৰে ।

কেন্দ্ৰীয় চৰকাৰে লাভ কৰিলে জাননী

এই গোচৰত আৱেদনকাৰীয়ে কয় যে ২২ অক্টোবৰত চৰকাৰক প্ৰতিবেদন দিয়া হৈছিল যদিও বিষয়টোত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । ইয়াৰ পিচতে অৱমাননা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিবলৈ জাননী জাৰি কৰিছিল ।

শুকুৰবাৰে অনুষ্ঠিত শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ ডেপুটি ছলিচিটৰ জেনেৰেল এছ বি পাণ্ডেয়ে কয় যে কেন্দ্ৰই অক্ষয় কুমাৰ, শ্বাহৰুখ খান আৰু অজয় ​​দেৱগনক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে ৷ একে সময়তে আদালতক এই কথাও অৱগত কৰা হয় যে চুক্তি বাতিল কৰাৰ পিচতো অভিনেতা অমিতাভ বচ্চনে বিজ্ঞাপনত তেওঁক দেখুওৱাৰ বাবে সংশ্লিষ্ট পান মছলা কোম্পানীলৈ আইনী জাননী প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: Akshay Kumar: বিমলৰ বিজ্ঞাপনৰ বাবে ট্ৰ’ল হ’ল শ্বাহৰুখ-অজয়-অক্ষয়, নেটিজেনে ক’লে- লাজ পাব লাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.