ETV Bharat / entertainment

Akshay Kumar: বিমলৰ বিজ্ঞাপনৰ বাবে ট্ৰ’ল হ’ল শ্বাহৰুখ-অজয়-অক্ষয়, নেটিজেনে ক’লে- লাজ পাব লাগে

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:15 PM IST

পান মছলাৰ বিজ্ঞাপন কৰি পুনৰ বিপদত পৰিছে শ্বাহৰুখ খান, অজয় ​​দেৱগন আৰু অক্ষয় কুমাৰ । নেটিজেনৰ ক্ষোভৰ সন্মুখীন হ’ল তিনিওজন অভিনেতা ৷

Akshay Kumar returns as Vimal Ambassador a Year After Backlash, Joins SRK, Ajay Devgn in New Ad
পান মছলাৰ বিজ্ঞাপন কৰি পুনৰ বিপদত পৰিছে শ্বাহৰুখ খান, অজয় ​​দেৱগন আৰু অক্ষয় কুমাৰ

চিটাৰা ডেস্ক, 9 অক্টোবৰ: পুনৰবাৰ বিমলৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কামবেক কৰিছে অভিনেতা অক্ষয় কুমাৰে । এটা নতুন বিজ্ঞাপনত নিশ্চিত হৈছে যে পুনৰবাৰ শ্বাহৰুখ খান আৰু অজয় ​​দেৱগনৰ সৈতে ব্ৰেণ্ড এম্বেছাদৰ হ’ব অক্ষয় । ইয়াৰ পূৰ্বেও এই তিনিজন তাৰকাই পান মছলাৰ বিজ্ঞাপন কৰিছিল, যাৰ বাবে তিনিওজনকে ছ’চিয়েল মিডিয়াত নেটিজেনে ব্যাপকভাৱে ট্ৰ’ল কৰিছিল । ইয়াৰ পিচত অক্ষয় কুমাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছিল । কিন্তু এতিয়া আকৌ এবাৰ অজয় ​​দেৱগন, শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰক দেখা গৈছে পান মছলাৰ বিজ্ঞাপনত । যাৰ বাবে তেওঁক পুনৰবাৰ ছ’চিয়েল মিডিয়াত সমালোচনা কৰা হৈছে ।

অক্ষয়, শ্বাহৰুখ আৰু অজয়ক পুনৰ একেলগে দেখা গৈছে পান মছলাৰ বিজ্ঞাপনত

দেওবাৰে অনলাইনত শ্বেয়াৰ কৰা ভিডিঅ’টোত শ্বাহৰুখ, অজয় ​​আৰু অক্ষয়ক ব্ৰেণ্ডটোৰ প্ৰচাৰ কৰা দেখা গৈছে । ভিডিঅ’টোত শ্বাহৰুখ আৰু অজয়ক বাহনত বহি হৰ্ণেৰে অক্ষয়ৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে । ভিডিঅ’টোত অক্ষয়ক হেডফোন পৰিধান কৰি সংগীত উপভোগ কৰা দেখা গৈছে । শ্বাহৰুখ আৰু অজয়ে যে অক্ষয়ৰ বাবে অপেক্ষা কৰি আছে সেই কথাত একেবাৰে অজ্ঞাত অক্ষয় । শ্বাহৰুখ আৰু অজয়ৰ বহু ফোনকো আওকাণ কৰে অক্ষয়ে । অৱশেষত অজয়ে পান মছলাৰ পেকেট এটা খুলি দিয়ে, যিয়ে অক্ষয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । এই বিজ্ঞাপনটো এতিয়া ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে ।

অক্ষয়, অজয় ​​আৰু শ্বাহৰুখ খানৰ এই পান মছলা বিজ্ঞাপন ভাইৰেল হোৱাৰ পিচত অনুৰাগীয়ে তেওঁলোকক তীব্ৰভাৱে ট্ৰ’ল কৰিছে।

  • Kitna paisa dete hain ye sale gutkha waale ki naa kahna mushkil ho jaata hai bc 😂😂 apne bhaisaab toh 2k cr diye hain phir bhi 😭😭

    — KNIGHT ROHIT (@SRKzMessenger) October 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

২০২২ চনত ট্ৰ’ল হোৱাৰ বাবে ক্ষমা বিচাৰিছিল অক্ষয় কুমাৰে

উল্লেখ্য যে, ২০২২ চনত সমালোচনাৰ সন্মুখীন হোৱাৰ পিচতে অক্ষয়ে বিমলৰ ব্ৰেণ্ড এম্বেছাদৰ পদৰ পৰা নিজকে আঁতৰাই ৰাখিছিল । অভিনেতাগৰাকীয়ে ব্ৰেণ্ডটোৰ সৈতে নিজকে জড়িত কৰাৰ বাবে অনুৰাগীৰ ওচৰতো ক্ষমা বিচাৰিছিল । অক্ষয়ে ২০২২ চনৰ এপ্ৰিল মাহত ইনষ্টাগ্ৰামৰ এটা পোষ্টত লিখিছিল, "ক্ষমা কৰিব, মই আপোনালোকৰ ওচৰত, মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ ওচৰত ক্ষমা খুজিব বিচাৰিছোঁ। যোৱা কেইদিনমানত আপোনালোকৰ প্ৰতিক্ৰিয়াই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছে । অৱশ্যে মই ধঁপাতক সমৰ্থন কৰা নাই আৰু কেতিয়াও নকৰো ।”

অক্ষয়ে লগতে লিখিছিল, “অতি নম্ৰতাৰে মই ব্ৰেণ্ডৰ পৰা পিছুৱাই যোৱাৰ সিদ্ধান্ত লৈছো । মই সিদ্ধান্ত লৈছো যে সমগ্ৰ এণ্ডৰ্ছমেণ্টৰ পৰা পোৱাৰ পাৰিশ্ৰমিকখিনি এটা ভাল কামত অৱদান আগবঢ়াম । চুক্তিৰ আইনী চৰ্তৰ বাবে ব্ৰেণ্ডটোৱে বিজ্ঞাপন প্ৰচাৰ কৰি থাকিব পাৰে, যিটো মোৰ বাবে বাধ্যতামূলক, কিন্তু মই প্ৰতিশ্ৰুতি দিছো যে মোৰ ভৱিষ্যতৰ বিকল্প বাছি লওঁতে অত্যন্ত সাৱধান হ’ম । বিনিময়ত মই সদায় আপোনাৰ মৰম আৰু শুভেচ্ছা বিচাৰিম ।’’

লগতে পঢ়ক: Shah Rukh Khan: বিপদাপন্ন শ্বাহৰুখ খানৰ জীৱন, মহাৰাষ্ট্ৰ চৰকাৰে প্ৰদান কৰিলে Y+ নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.