ETV Bharat / entertainment

Shah Rukh Khan: বিপদাপন্ন শ্বাহৰুখ খানৰ জীৱন, মহাৰাষ্ট্ৰ চৰকাৰে প্ৰদান কৰিলে Y+ নিৰাপত্তা

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:09 AM IST

বলীউডৰ কিং শ্বাহৰুখ খানে লাভ কৰিছে মৃত্যুৰ ভাবুকি ৷ কিং খানে মৃত্যুৰ ভাবুকি লাভ কৰাৰ পাচতে মুম্বাই আৰক্ষীয়ে অভিনেতাজনক প্ৰদান কৰিছে Y+ নিৰাপত্তা ।

Shah Rukh Khan gets Y Plus security after death threats
শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি

চিটাৰা ডেস্ক, 9 অক্টোবৰ: বলীউডৰ তাৰকা শ্বাহৰুখ খান বৰ্তমান বক্স অফিচৰ কিং ৰূপে পৰিগণিত হৈছে । তেওঁৰ বেক টু বেক দুখন ছবি পাঠান আৰু জৱানে বক্স অফিচত উপাৰ্জনৰ সকলো অভিলেখ ভংগ কৰিছে । কিন্তু ইয়াৰ মাজতে এতিয়া শ্বাহৰুখ খানক লৈ এটা ডাঙৰ খবৰ আহিছে ৷ কিং খানৰ জীৱনৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি ৷ এনে পৰিস্থিতিত কিং খানৰ সুৰক্ষাৰ কথা বিবেচনা কৰি মুম্বাই আৰক্ষীয়ে শ্বাহৰুখ খানক Y+ নিৰাপত্তা প্ৰদান কৰিছে ।

শ্বাহৰুখ খানক হত্যাৰ ভাবুকি

মুম্বাই আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি শ্বাহৰুখ খানে ৰাজ্য চৰকাৰক লিখিত অভিযোগ দিছিল যে ‘পাঠান’ আৰু ‘জৱান’ ছবিৰ পিচতে তেওঁক ফোনযোগে হত্যাৰ ভাবুকি দিয়া হৈছে । ইয়াৰ পিচতে মহাৰাষ্ট্ৰ চৰকাৰে অভিনেতা শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়াৰ সন্দৰ্ভত নিৰাপত্তা Y+ লৈ বৃদ্ধি কৰিছে ।

মহাৰাষ্ট্ৰ চৰকাৰে শ্বাহৰুখ খানক দিলে Y+ নিৰাপত্তা

মুম্বাই আৰক্ষীয়ে শ্বাহৰুখ খানক প্ৰদান কৰা Y+ ছিকিউৰিটিত ২৪ ঘণ্টাই শ্বাহৰুখ খানৰ লগত থাকিব ৬ জন ব্যক্তিগত নিৰাপত্তা বিষয়া আৰু ৫ টা অস্ত্ৰ । দৰাচলতে আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ পৰা লাভ কৰিছে যে শ্বাহৰুখ খানৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । শেহতীয়াকৈ কিং খানৰ ছবি পাঠান আৰু তাৰ পিছত জৱান বক্স অফিচত ব্লকবাষ্টাৰ হোৱাৰে পৰা শ্বাহৰুখ আণ্ডাৰৱৰ্ল্ড আৰু গেংষ্টাৰৰ লক্ষ্য হৈ পৰিছে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ইয়াৰ পূৰ্বে অভিনেতাগৰাকীৰ নিৰাপত্তাৰ অধীনত আছিল মাত্ৰ দুজন আৰক্ষী ৷

কিং খানে ইয়াৰ পূৰ্বেও লাভ কৰিছে ভাবুকি

উল্লেখ্য যে কিং খানক মৃত্যুৰ ভাবুকি প্ৰদান কৰা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও পাঠানৰ ‘বেশৰম ৰং’ গীতটিৰ সন্দৰ্ভত অভিনেতাজনক ভাবুকি দিয়া হৈছিল । এই ভাবুকি অযোধ্যা (উত্তৰ প্ৰদেশ)ৰ সন্ত আচাৰ্য পৰমহন্সে প্ৰদান কৰিছিল ।

পাঠান আৰু জৱানৰ বিষয়ে

এইবছৰৰ আৰম্ভণিতে মুক্তি লাভ কৰিছিল কিং খানৰ ‘পাঠান’ ৷ এই ছবিখনৰ জৰিয়তে চাৰি বছৰ পাচত ছবিগৃহলৈ ঘূৰি আহিছিল কিং খান ৷ অৱশ্যে ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল বিতৰ্কৰ আৱৰ্তত ৷ কিন্তু ছবিখন মুক্তিৰ পিচতে বক্স অফিচত পাঠানে আলোড়নৰ সৃষ্টি কৰে আৰু বিশ্বজুৰি ছবিখনে 1000 কোটিতকৈও অধিক ধন সংগ্ৰহ কৰে ৷

এই ছবিখনৰ সফলতাৰ পাচতে কিং খানৰ আনখন ছবি জৱান ছবিগৃহত মু্ক্তি লাভ কৰে ৷ এই ছবিখনেও এই পৰ্যন্ত বক্স অফিচত 1000 কোটিতকৈও অধিক ধন সংগ্ৰহ কৰিছে ৷ এটা বছৰতে দুখনকৈ ব্লকবাষ্টাৰ ছবি উপহাৰ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কিং খানে ৷ এতিয়া বছৰটোৰ শেষত মুক্তি লাভ কৰিব কিং খানৰ আন এখন ছবি ডাংকি ৷ এই ছবিখনৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীয়ে ৷

লগতে পঢ়ক: Lawrence threatened Salman Khan : ছলমান খানৰ সলনি শ্বাহৰুখ খানক হত্যা কৰিলোহেঁতেন - লৰেন্স বিষ্ণোই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.