ETV Bharat / entertainment

শীঘ্ৰে অ'টিটি প্লেটফৰ্মত আত্মপ্ৰকাশ কৰিব 'ভাইৰাছ' খ্যাত বোমান ইৰাণীয়ে

author img

By

Published : Jun 9, 2022, 1:14 PM IST

বোমান ইৰাণী অ'টিটি মঞ্চত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে (Boman Irani web series) ৷ ডিজিটেল চিৰিজ 'মাছুম' ৰ জৰিয়তে এই প্লেটফৰ্মত খোজ দিব অভিনেতাজনে ৷ ১৭ জুনত মুক্তি লাভ কৰিব ছটা খণ্ডৰ এই চিৰিজটো ৷

Boman Irani
বোমান ইৰাণী

চিটাৰা ডেস্ক, 9 জুন : 'মুন্না ভাই এম বি বি এছ'ৰ পৰা 'থ্ৰি ইডিয়টছ'ৰ ভাইৰাছলৈকে ৰূপালী পৰ্দাত এটাৰ পিছত এটা স্মৰণীয় চৰিত্ৰৰ উপহাৰ দিয়া অভিনেতা বোমান ইৰাণীয়ে অ'টিটি মঞ্চত শীঘ্ৰেই আত্মপ্ৰকাশ কৰিব (Boman Irani web series) ৷ বোমান ইৰাণীক ডিজনী+ হটষ্টাৰত দেখিবলৈ পোৱা যাব ৷ অভিনেতাজনে বুধবাৰে তেওঁৰ ইনষ্টাগ্ৰামত তেওঁৰ নতুন প্ৰকল্প 'মাছুম' ৰ কথা অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে(Boman Irani latest news) ।

মিহিৰ দেশাইয়ে পৰিচালনা কৰিছে 'মাছুম' ৷ বিখ্যাত আইৰিছ শৃংখলা 'ব্লাড'ৰ ভাৰতীয় ৰিমেক 'মাছুম' ৷ বোমান ইৰাণী এই চিৰিজটোক লৈ যথেষ্ট উৎসাহী (Boman Irani instagram) ৷ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, "মই ডিজনী+ হটষ্টাৰৰ নতুন চিৰিজ মাছুমৰ জৰিয়তে অ'টিটি প্লেটফৰ্মত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছো... এই মঞ্চখনে এই বছৰ কিছুমান আকৰ্ষণীয় চিৰিজ নিৰ্মাণ কৰিছে ৷ এই চিৰিজটোৱে মোৰ বাবে এখন নতুন পৃথিৱীৰ দুৱাৰ মুকলি কৰিব আৰু মোক দৰ্শকৰ ওচৰলৈ যোৱাত অধিক সহায় কৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চিৰিজটোত পিতৃ-কন্যাৰ জটিল সম্পৰ্ক দেখুওৱা হ’ব ৷ 17 জুনত মুক্তি লাভ কৰিব এই চিৰিজটোৱে ৷ এই চিৰিজটোৰ কাহিনীত ছানা কাপুৰ নামৰ এগৰাকী যুৱতীৰ কাহিনী দেখুওৱা হ'ব ৷ চামাৰা তিজোৰীয়ে এই চৰিত্ৰটোত অভিনয় কৰিছে ৷ চামাৰাৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে বোমানে ৷

লগতে পঢ়ক: The Signature: কেৰিয়াৰৰ 525 সংখ্যক ছবিৰ নাম ঘোষণা অনুপম খেৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.