ETV Bharat / entertainment

Arjun Rampal's girlfriend: পুনৰ গৰ্ভৱতী হ’ল অৰ্জুন ৰামপালৰ প্ৰেমিকা, বল্ড আউটফিটত বেবী বাম্পৰ ফটো শ্বেয়াৰ

author img

By

Published : Apr 29, 2023, 9:31 PM IST

Arjun Rampal's girlfriend Gabriella Demetriades announces second pregnancy with stunning pictures
পুনৰ গৰ্ভৱতী হ’ল অৰ্জুন ৰামপালৰ প্ৰেমিকা, বল্ড আউটফিটত বেবী বাম্পৰ ফটো শ্বেয়াৰ

পুনৰ চতুৰ্থবাৰলৈ পিতৃ হ’বলৈ ওলাইছে বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপাল । তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছে এক সুন্দৰ গাউনত প্ৰদৰ্শন কৰিলে নিজৰ বেবী বাম্পৰ ফটো ।

চিটাৰা ডেস্ক, 29 এপ্ৰিল: আটাইতকৈ সুদৰ্শন অভিনেতা অৰ্জুন ৰামপাল ছবিৰ পৰা আঁতৰি থাকিলেও কিন্তু তেওঁ পৰিয়ালৰ সৈতে এক বিলাসী জীৱন কটাই আছে । মাজে মাজে অভিনেতাজনে এনজয়ৰ সুন্দৰ ছবি পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰে (Actor Arjun Rampal)।

প্ৰথমা পত্নীৰ পৰা বিচ্ছেদ হোৱাৰ পিচত বিদেশী মডেল গাৰ্লফ্ৰেণ্ড গেব্ৰিয়েলাৰ সৈতে অৰ্জুন ৰামপাল দীৰ্ঘদিন ধৰি সম্পৰ্কত আছে আৰু এই সম্পৰ্কৰ পৰা তেওঁৰ এটি পুত্ৰও আছে । এতিয়া Girlfriend Gabriella আকৌ মাতৃ হ’বলৈ ওলাইছে (Actor Arjun Rampal's girlfriend)। প্ৰেমিকা গেব্ৰিয়েলাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ইনষ্টাগ্ৰামত সুন্দৰ ড্ৰেছত বেবী বাম্প প্ৰদৰ্শন কৰিছে, য’ত তেওঁক অতি সুন্দৰ দেখা গৈছে (Gabriella Demetriades announced her pregnancy)।

উল্লেখ্য যে, অৰ্জুন ৰামপালৰ প্ৰেয়সী গেব্ৰিয়েলাই ইয়াৰ পূৰ্বে আৰিক নামৰ এটি পুত্ৰ সন্তানক জন্ম দিয়ে । লগতে অৰ্জুন ৰামপালৰ প্ৰাক্তন পত্নী ছুপাৰ মডেল মেহেৰ জেছিয়াৰ মাহিকা আৰু মাইৰা নামেৰে দুটিকৈ কন্যা সন্তান আছে । চলিত মাহৰ আৰম্ভণিতে তেওঁৰ কন্যা মাইৰাই মুম্বাইত ডিঅ’ৰৰ ফেশ্বন শ্ব’ৰ জৰিয়তে ৰাণৱেত নিজৰ অভিষেক ঘটায় ।

লগতে পঢ়ক: Jiah Khan : ক’ত আৰু কেনেকৈ জিয়াই লগ পাইছিল সূৰজক, কেনেকৈ হ’ল প্ৰেমৰ এনে ভয়ংকৰ পৰিণতি

এই ছবিসমূহ শ্বেয়াৰ কৰি দক্ষিণ আফ্ৰিকাৰ এই মডেলগৰাকীয়ে কেপচনত লিখিছে, সত্য নে আৰ্টিফিচিয়েল ইন্টেলিঞ্জচৰ কাম ? এতিয়া অভিনেত্ৰীগৰাকীৰ এই ভাল খবৰৰ পোষ্টটোত তেওঁৰ অনুৰাগী আৰু চেলিব্ৰিটিসকলে তেওঁক তীব্ৰ অভিনন্দন জ্ঞাপন কৰে । গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছৰ প্ৰেমিক তথা অভিনেতা অৰ্জুন ৰামপালে প্ৰেমিকাৰ এই পোষ্টটোত দুটা ৰঙা হাৰ্ট ইমোজি শ্বেয়াৰ কৰি নিজৰ প্ৰেম প্ৰকাশ কৰিছে (What nationality is Gabriella Demetriades)।

একে সময়তে দক্ষিণৰ অভিনেত্ৰী কাজল আগৰৱালাই গ্ৰেবিয়েলা ডেমেট্ৰিয়াডেছৰ এই পোষ্টটোত লিখিছে ‘অভিনন্দন’ । সিং ইঞ্জ ব্লিং আৰু ৰবট আদি ছবিৰ অভিনেত্ৰী এমি জেকচনে মডেলগৰাকীক অভিনন্দন জনাই লিখিছে,অ মাই লাভ, মই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে বহুত সুখী । একে সময়তে বলীউডৰ ফেশ্বন ডিভা মালাইকা অৰোৰাৰ কনিষ্ঠ ভগ্নী অমৃতা আৰোৰাই এই ভাল খবৰ পোষ্টটোত হাৰ্ট ইমোজি এৰি থৈ গৈছে । লগতে মৌনি ৰয়েও এই পোষ্টত অভিনন্দন জ্ঞাপন কৰে (What is the age of Gabriella Demetriades)৷

লগতে পঢ়ক: Vivek Agnihotri: দ্য কাশ্মীৰ ফাইলছে ফিল্মফেয়াৰত লাভ কৰিছে ৭ টা মনোনয়ন, কিন্তু এই এৱাৰ্ড ল’বলৈ অস্বীকাৰ অগ্নিহোত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.