ETV Bharat / entertainment

Jiah Khan : ক’ত আৰু কেনেকৈ জিয়াই লগ পাইছিল সূৰজক, কেনেকৈ হ’ল প্ৰেমৰ এনে ভয়ংকৰ পৰিণতি

author img

By

Published : Apr 28, 2023, 3:37 PM IST

জিয়া খানৰ আত্মহত্যাৰ গোচৰ কি ? এই গোচৰৰ সৈতে সূৰজ পাঞ্চোলিৰ কি সম্পৰ্ক আছিল ? এই গোচৰৰ অন্তিম ৰায়দান কি আছিল ? জানো আহক...

Jiah Khan Suicide Case sooraj pancholi love story
জিয়া-সূৰজৰ প্ৰথম সাক্ষাৎ

চিটাৰা ডেস্ক, 28 এপ্ৰিল: জিয়া খানৰ আত্মহত্যাৰ গোচৰত আজি ৰায় প্ৰদান কৰিলে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ বিশেষ আদালতে (Jiah Khan Suicide Case) ৷ প্ৰায় এটা দশকৰ অন্তত শুকুৰবাৰে এই গোচৰত অভিযুক্ত জিয়াৰ প্ৰেমিক তথা অভিনেতা সূৰজ পাঞ্চোলিক দোষমুক্ত ঘোষণা কৰে আদালতে (Jiah Khan Suicide Case hearing) ৷ গতিকে জানো আহক জিয়া খান আৰু সূৰজ পাঞ্চোলিৰ প্ৰথম সাক্ষাতৰ পৰা আৰম্ভ কৰি প্ৰেমৰ এই ভয়ংকৰ পৰিণতিৰ কাহানী ৷

‘গজিনী’ আৰু ‘হাউছফুল’ৰ দৰে হিট ছবিত অভিনয় কৰা জিয়া খানৰ চলচ্চিত্ৰ জগতৰ ৷যাত্ৰা দ্ৰুতগতিত আগবাঢ়িব ধৰিছিল । কিন্তু এই যাত্ৰা বৰ বিশেষ দিনলৈ নচলিল ৷ কাৰণ ২০১৩ চনৰ ৩ জুনত অন্ত পৰে অভিনেত্ৰীগৰাকীৰ জীৱন যাত্ৰা । 2013 চনৰ 3 জুনত মুম্বাইৰ জুহুৰ বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল জিয়াৰ মৃতদেহ (Jiah Khan suicide verdict) ৷

আত্মহত্যাৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ৬ পৃষ্ঠাৰ এখন নোট এৰি থৈ গৈছিল, যাৰ ভিত্তিত জিয়াৰ প্ৰেমিক সূৰজ পাঞ্চোলিৰ বিৰুদ্ধে আত্মহত্যাত উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল (What is Jiah Khan Suicide Case) । এই ছুইচাইড নোটখন ২০১৩ চনৰ ১০ জুনত পোৱা গৈছিল । একে সময়তে অভিনেত্ৰীগৰাকীৰ মাতৃ ৰাবিয়া খানেও জিয়াৰ প্ৰেমিক তথা ‘হিৰো’ (২০১৫) ছবিখনৰ অভিনেতা সূৰজ পাঞ্চোলিৰ বিৰুদ্ধে জিয়াক অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পিচত মুম্বাই আৰক্ষীয়ে অভিনেতা সূৰজ পাঞ্চোলিৰ বিৰুদ্ধে ৩০৬ ধাৰাত (আত্মহত্যাৰ বাবে সহায় কৰা) গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল সূৰজ পাঞ্চোলিক ।

সূৰজে জিয়াক অত্যাচাৰ কৰিছিল ?

আনহাতে বিষয়টোৰ গুৰুত্ব দেখি এই গোচৰটো চিবিআইৰ হাতত গতাই দিয়া হয়, ইয়াৰ পিচত চিবিআইয়ে তদন্ত কৰে । নোটখনত সূৰজ আৰু জিয়াৰ অন্তৰংগ সম্পৰ্ক, মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ কথা কোৱা হৈছে, যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰে বুলি অভিযোগ উত্থাপন হৈছিল (Jiah Khan sooraj pancholi)।

প্ৰথমবাৰ জিয়াই ক’ত লগ পাইছিল সূৰজক ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফেচবুকত প্ৰথমবাৰৰ বাবে জিয়া আৰু সূৰজৰ লগ হৈছিল । ষ্টাৰ কিড হিচাপে উদ্যোগটোত সূৰজে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ নতুন প্ৰজেক্ট বিচাৰি থকাৰ সময়তে জিয়াই ছবি জগতত নতুন মুখ হিচাপে আত্মপ্ৰকাশ কৰিছিল । ইফালে লাহে লাহে দুয়োৰে মাজত আৰম্ভ হয় কথা-বতৰা আৰু অৱশেষত দুয়োৰে মাজত গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্ক ৷ জিয়াহৰ মাতৃৰ মতে, ২০১২ চনৰ ছেপ্টেম্বৰ মাহত দুয়োৰে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Jiah Khan Suicide Case: জিয়া খানৰ আত্মহত্যাৰ গোচৰত আদালতৰ ডাঙৰ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.