ETV Bharat / entertainment

Vivek Agnihotri: দ্য কাশ্মীৰ ফাইলছে ফিল্মফেয়াৰত লাভ কৰিছে ৭ টা মনোনয়ন, কিন্তু এই এৱাৰ্ড ল’বলৈ অস্বীকাৰ অগ্নিহোত্ৰীৰ

author img

By

Published : Apr 27, 2023, 6:40 PM IST

Vivek Agnihotri calls Filmfare Awards 'unethical and anti-cinema,' marks his dissent with a long note
ফিল্মফেয়াৰ এৱাৰ্ডক অনৈতিক বুলি ক’লে বিবেক অগ্নিহোত্ৰীয়ে

৬৮ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত ৭ টা শাখাত মনোনয়ন লাভ কৰিছে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে (68th Filmfare Awards)। কিন্তু ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এই বঁটা ল’বলৈ অস্বীকাৰ কৰিছে । লগতে ফিল্মফেয়াৰ এৱাৰ্ডক অনৈতিক বুলিও আখ্যা দিয়ে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 27 এপ্ৰিল: পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ মুক্তিৰ লগে লগে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল । কাশ্মীৰী পণ্ডিতসকলৰ বেদনাৰ আধাৰত নিৰ্মিত এই ছবিখনে দৰ্শকক আৱেগিক কৰি তুলিছিল আৰু নিজৰ আপোন ঘৰখন হেৰুৱাৰ বেদনা কেনেকুৱা হয় সেই কথা উপলব্ধি কৰাইছিল । এই ছবিখনে অতিশয় প্ৰশংসা লাভ কৰিছিল আৰু দৰ্শকেও ভাল পাইছিল ছবিখন । শেহতীয়াকৈ ৬৮ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত ৭টা শাখাত মনোনয়ন লাভ কৰিছে ছবিখনে । কিন্তু ছবিখনৰ পৰিচালক অগ্নিহোত্ৰীয়ে এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে (Director of The Kashmir Files) ৷

শেহতীয়াকৈ নিজৰ টুইটাৰ একাউন্টত বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ কাৰণ সন্দৰ্ভত এক দীঘলীয়া বক্তব্য দাঙি ধৰিছে পৰিচালকগৰাকীয়ে । বিবেকে লিখিছে, ‘‘মই সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছো যে দ্য কাশ্মীৰ ফাইলে ৭ টা শাখাত মনোনয়ন লাভ কৰিছে । কিন্তু এই অনৈতিক আৰু ছবি বিৰোধী বঁটাবোৰ মই বিনম্ৰভাৱে নাকচ কৰো । ইয়াৰ কাৰণো কওঁ ।’’

  • ANNOUNCEMENT:
    FILMFARE AWARDS

    I learnt from media that #TheKashmirFiles is nominated in 7 categories for the 68th Filmfare Awards. But I politely refuse to be part of these unethical and anti-cinema awards. Here is why:

    According to Filmfare, other than the stars, nobody has… pic.twitter.com/2qKCiZ8Llh

    — Vivek Ranjan Agnihotri (@vivekagnihotri) April 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পৰিচালকগৰাকীয়ে লিখিছে, ‘‘ফিল্মফেয়াৰৰ মতে তাৰকাসকলৰ বাহিৰে কাৰো কোনো চিনাকি মুখ নাই । কোনোবা নাথাকিলেও কোনো কথা নাই । ফিল্মফেয়াৰৰ অনৈতিক জগতখনত সঞ্জয় লীলা ভাঞ্চালী আৰু সূৰজ বৰজাত্যৰ দৰে মাষ্টাৰ ডাইৰেক্টৰৰ কোনো চিনাকি মুখ নাই । ভাঞ্চালীৰ পৰিচয় আলিয়া ভাটৰ সৈতে, সূৰাজৰ পৰিচয় মিষ্টাৰ অমিতাভৰ সৈতে আৰু আনীছ বাজমীৰ পৰিচয় কাৰ্তিক আৰিয়ানৰ । ফিল্মফেয়াৰ বঁটা লাভ কৰিলেই এজন চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মান বাঢ়ি যায়, তেনেকুৱা নহয়, কিন্তু এই লাজৰ ব্যৱস্থা শেষ হ’ব লাগে (Vivek Agnihotri) ।

লগতে কয়, ‘‘সেইবাবেই মই বলীউডৰ এই দুৰ্নীতিগ্ৰস্ত, অনৈতিক আৰু ছাইকোফেণ্টিক বঁটাটো নাকচ কৰিছো । তেনে কোনো বঁটা মই নলওঁ । লেখক, পৰিচালক, অন্যান্য এইচ অ’ ডি আৰু ক্ৰু মেম্বাৰক তাৰকা আৰু তেওঁলোকৰ দাসতকৈ হীন বুলি গণ্য কৰা দুৰ্নীতিগ্ৰস্ত আৰু জোৰ-জবৰদস্তি ব্যৱস্থাৰ অংশ হ’বলৈ মই অস্বীকাৰ কৰো । যিসকলে জয়ী হ’ব তেওঁলোকক মোৰ অভিনন্দন । ভাল কথাটো হ’ল মই অকলশৰীয়া নহয় (68th Filmfare Awards)। লাহে লাহে এটা সমান্তৰাল হিন্দী চলচ্চিত্ৰ উদ্যোগৰ উন্মেষ ঘটিছে’’ (Vivek agnihotri slams filmfare awards) ।

কাশ্মীৰ ফাইলছ ছবিখন বক্স অফিচত হিট হৈছিল

অহা ২৭ এপ্ৰিলত মুম্বাইৰ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব ৬৮ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড । এই অনুষ্ঠানৰ আয়োজক হৈছে ছলমান খান । ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ কথা ক’বলৈ গ’লে ২০২২ চনৰ মাৰ্চ মাহত মুক্তি পাইছিল এই ছবিখন । এই ছবিখনে বক্স অফিচত সংগ্ৰহ কৰে ২৫০ কোটি টকা । ছবিখনৰ পৰিচালক বিবেকে তেওঁৰ ছবিখন অস্কাৰ ২০২৩ত প্ৰেৰণ কৰিছিল । কিন্তু মনোনয়ন লাভ কৰাত ব্যৰ্থ হয় ছবিখনে ।

লগতে পঢ়ক: Vivek Agnihotri : পৰিয়াল, পৰিয়াল, পৰিয়াল, গান্ধী পৰিয়ালে কৰণ জোহৰৰ ছবিত অভিনয় আৰম্ভ কৰক- বিবেক অগ্নিহোত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.