ETV Bharat / entertainment

নতুন ভাই বোৱাৰীৰ সৈতে নৃত্য কৰিলে ছলমান খানে, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 1:32 PM IST

Arbaaz Khan-Sshura Khan wedding: Salman Khan grooves to Dil Diyan Gallan, joined by newlywed bride and Arhaan Khan - watch
অৰবাজৰ বিবাহত ছলমান খান

Salman Khan Dance In Arbaaz-Sshura Wedding: দেওবাৰে শূৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় অৰবাজ খান, আনহাতে তেওঁৰ জ্যেষ্ঠ ভাতৃ ছলমান খানেও অভিনেতাগৰাকীৰ বিশেষ দিনত অংশগ্ৰহণ কৰে ।

চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: দেওবাৰে সন্ধিয়া ভগ্নী অৰ্পিতাৰ ঘৰত মেকআপ আৰ্টিষ্ট শূৰা খানৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় অৰবাজ খান । অভিনেতাগৰাকীৰ জ্যেষ্ঠ ভাতৃ ছলমান খানকে ধৰি সমগ্ৰ পৰিয়ালটোৱে অৰবাজ আৰু শূৰাৰ বিয়াত অংশগ্ৰহণ কৰে । এতিয়া অৰবাজৰ বিয়াৰ বহু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । তেনে এটা ভিডিঅ’ত ছলমান খানক ভাতৃৰ বিয়াত নৃত্য কৰি থকা দেখা গৈছে ।

ভাতৃ অৰবাজৰ দ্বিতীয় বিয়াত নৃত্য ছলমান খানৰ

পৰিয়ালবৰ্গ আৰু ঘনিষ্ঠ লোকৰ উপস্থিতিত প্ৰেয়সী শূৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অৰবাজ খান । অভিনেতাজনৰ এই সুখৰ ক্ষণত তেওঁৰ সমগ্ৰ পৰিয়ালে অংশগ্ৰহণ কৰে । এই সময়চোৱাত ছলমান খানো উপস্থিত থাকে । ৰূপালী ৰঙৰ পাঠানী কুৰ্তা পৰিধান কৰি ভাতৃৰ বিয়াত উপস্থিত হৈছিল ছলমান খান । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ছলমানৰ এটা ভিডিঅ’ ৷ ভাইৰেল হোৱা ভিডিঅ’টোত জ্যেষ্ঠ ভাতৃ ছলমান খানক দবাং ছবিৰ ‘তেৰে মাষ্ট মাষ্ট দো নেন’ গীতত নৃত্য কৰা দেখা গৈছে । ছলমানৰ লগতে তেওঁৰ ভগ্নী আলভিৰা, ভতিজা অৰহান খান আৰু তেওঁৰ নতুন ভাই বোৱাৰী শূৰাকো নৃত্য কৰা দেখা গৈছিল ।

শূৰাৰ সৈতে বিয়াৰ পিচত বিয়াৰ প্ৰথমখন ছবি শ্বেয়াৰ অৰবাজৰ

শূৰাৰ সৈতে বিবাহৰ পিচত অৰবাজ খানে ছচিয়েল মিডিয়াত পত্নীৰ সৈতে প্ৰথমখন ছবি শ্বেয়াৰ কৰিছে । লগতে কেপচনত লিখিছে, "পৰিয়ালবৰ্গৰ উপস্থিতিত মই আৰু মোৰ আজিৰ পৰাই আজীৱন প্ৰেম একেলগে থকাৰ আৰম্ভণি হ’ল ! আমাৰ বিশেষ দিনটোত প্ৰয়োজন আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছাৰ ! "

পুত্ৰ অৰহানেও অৰবাজৰ দ্বিতীয় বিবাহত অংশ লৈছিল

অৰবাজ খান আৰু শূৰাৰ বিয়াত অভিনেতাগৰাকীৰ পুত্ৰ অৰহান খানেও অংশগ্ৰহণ কৰে । পিতৃৰ বিয়াত অৰহানক খুব আনন্দ কৰা দেখা গ’ল ৷ কেৱল ইমানেই নহয়, পিতৃ আৰু নতুন মাতৃৰ সৈতে নৃত্যও কৰিছে অৰহানে ।

অৰবাজ-শূৰাৰ বিয়াত উপস্থিত থাকে বহু চেলিব্ৰিটি

উল্লেখ্য যে, অৰবাজ আৰু শূৰাৰ বিয়াত, বি টাউনৰ ৰবীনা টেণ্ডন, ৰিতেশ দেশমুখ, জেনেলিয়া ডিছৌজা আৰু ফাৰাহ খানকে ধৰি বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: প্ৰাক্তন স্বামী অৰবাজ খানৰ দ্বিতীয় বিবাহৰ সময়ত ক’ত, কি কৰি আছিল মালাইকা অৰোৰা ? চাওক ভাইৰেল ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.