ETV Bharat / entertainment

পুনৰ ক'ভিডত আক্ৰান্ত অক্ষয় কুমাৰ, ভাগ নলয় কান চলচ্চিত্ৰ মহোৎসৱত

author img

By

Published : May 15, 2022, 12:16 PM IST

Updated : May 15, 2022, 1:31 PM IST

অভিনেতা অক্ষয় কুমাৰৰ অনুৰাগীৰ বাবে দুঃখবৰ । কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত দেখা নাপাব অভিনেতাগৰাকীক (Akshay Kumar not to attend Cannes Film Festival)। মহোৎসৱত অংশ ল'ব নোৱাৰিব অভিনেতাগৰাকীয়ে । দ্বিতীয়বাৰৰ বাবে ক'ভিডত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেতাগৰাকী ।

Cannes Film Festival
পুনৰ ক'ভিডত আক্ৰান্ত অক্ষয় কুমাৰ

চিটাৰা ডেস্ক,১৫ এপ্ৰিল : পুনৰ ক'ভিডত আক্ৰান্ত বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ (Akshay Kumar tests covid positive)। প্ৰায় এটা বছৰত দুবাৰকৈ ক'ভিডত আক্ৰান্ত অভিনেতাগৰাকী (Akshay Kumar tests covid positive for second time)। টুইটযোগে ক'ভিডত আক্ৰান্ত হোৱাৰ কথা জনাইছে অক্ষয় কুমাৰে । ইফালে অনুষ্ঠিত হ'বলগীয়া কান চলচ্চিত্ৰ মহোৎসৱৰ (Cannes Film Festival 2022) ৰেড কাৰ্পেটতো দেখা নাযাব অভিনেতাগৰাকীয়ে ।

শনিবাৰে টুইটযোগে দুখ প্ৰকাশ কৰি কয় যে ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে তেওঁ কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকিব নোৱাৰিব । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰক উদ্দেশ্যি তেওঁ কয় যে কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকিব নোৱাৰিব কাৰণে তেওঁ দুঃখিত (Akshay Kumar not to attend Cannes Film Festival)। অৱশ্যে মন্ত্ৰীগৰাকী লগতে মহোৎসৱৰ ভাৰতীয় প্ৰতিনিধি দলটোক শুভকামনা জনালে অভিনেতাগৰাকীয়ে ।

  • Was really looking forward to rooting for our cinema at the India Pavilion at #Cannes2022, but have sadly tested positive for Covid. Will rest it out. Loads of best wishes to you and your entire team, @ianuragthakur. Will really miss being there.

    — Akshay Kumar (@akshaykumar) May 14, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ১৭ মে'ৰ পৰা আৰম্ভ হ'ব কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ । এই মহোৎসৱত ভাগ ল'বলগীয়া ভাৰতীয় প্ৰতিনিধি দলটোত থাকিব সংগীত শিল্পী এ আৰ ৰহমান, অভিনেতা আৰ মাধৱন, নৱাজুদ্দিন চিদ্দিকী, নয়নতাৰা আৰু তামান্না ভাটিয়া, চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰ, চেঞ্চৰ ব’ৰ্ডৰ মুৰব্বী প্ৰসূন যোশী আৰু দুবাৰ গ্ৰেমী বিজয়ী ৰিকি কেজৰ লগতে আন কেইবাগৰাকী ।

ইফালে কান চলচ্চিত্ৰ মহোৎসৱত অক্ষয় কুমাৰে ভাগ ল'ব নোৱাৰিব বুলি গম পোৱাৰ লগে লগে তেওঁৰ অনুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তেওঁ সোনকালে সুস্থ হোৱাৰ কামনা কৰিছে শুভাকাংক্ষী লগতে অনুৰাগীসকলে । অভিনেতাগৰাকী যোৱা বছৰ এপ্ৰিলত ক'ভিডত আক্ৰান্ত হৈছিল । স্বাস্থ্যৰ কথা চিন্তা কৰি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

লগতে পঢ়ক :দীপিকাৰ পূৰ্বে এইসকল তাৰকাই কান চলচ্চিত্ৰ মহোৎসৱত পালন কৰিছিল বিচাৰকৰ দায়িত্ব

Last Updated :May 15, 2022, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.