ETV Bharat / entertainment

Adipurush box office day 1 worldwide collection: মুক্তিৰ প্ৰথম দিনাই আদিপুৰুষে ৰচিলে অভিলেখ

author img

By

Published : Jun 17, 2023, 5:31 PM IST

Adipurush box office day 1 worldwide collection: Prabhas' film dethrones SRK's Pathaan as biggest opener in Hindi cinema
মুক্তিৰ প্ৰথম দিনাই আদিপুৰুষে ৰচিলে অভিলেখ

১৬ জুনত মুক্তি লাভ কৰা ছবি আদিপুৰুষে প্ৰথম দিনাই বক্স অফিচত নিজৰ সংগ্ৰহেৰে খলকনিৰ সৃষ্টি কৰিছে । ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰা কৃতি সেননে প্ৰথম দিনাৰ বিশ্বব্যাপী সংগ্ৰহ তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে, যিয়ে ছবিখনৰ সফলতাক দেখুৱাইছে । লগতে সৰ্বাধিক উপাৰ্জন কৰা পাঠানকো এই ছবিখনে চেৰ পেলাবলৈ সক্ষম হৈছে ৷ জনপ্ৰিয় ছবিখনে প্ৰথম দিনাই বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে জানি লওক...

চিটাৰা ডেস্ক, 17 জুন: পৰিচালক ওম ৰাউতৰ ছবি ‘আদিপুৰুষ’ৰ মুক্তিৰ পিচতেই বক্স অফিচত কৰা প্ৰথম দিনৰ উপাৰ্জনে এক খলকনিৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ ছবিখনৰ মুখ্য অভিনেত্ৰী কৃতি সেননে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহৰ সংখ্যা শ্বেয়াৰ কৰিছে । আশা কৰা মতে ছবিখনে প্ৰথম দিনাই ১৪০ কোটিৰ সীমা অতিক্ৰম কৰিছে ।

প্ৰথম দিনাই ছবিখনে ১৪০ কোটিৰ সীমা অতিক্ৰম কৰিলে

আদিপুৰুষ ছবিত সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী কৃতি সেননে শেহতীয়াকৈ তেওঁৰ ছবিখনৰ বিশ্বব্যাপী হোৱা সংগ্ৰহৰ তথ্য অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে লগতে টুইটযোগে ফিল্ম ক্ৰিটিক তৰণ আদৰ্শয়েও ছবিখনৰ বৰ্তমান সংগ্ৰহৰ তথ্য শ্বেয়াৰ কৰে । মুক্তিৰ প্ৰথম দিনাই ১৪০ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে । এই পোষ্টটো শ্বেয়াৰ কৰি কৃতিয়ে কেপচনত লিখে যে, ‘জয় শ্ৰী ৰাম’। ওম ৰাউতৰ দ্বাৰা পৰিচালিত আদিপুৰুষত ৰামৰ চৰিত্ৰত প্ৰভাস, লক্ষ্মণৰ চৰিত্ৰত ছানী সিং আৰু জানকীৰ চৰিত্ৰত অভিনয় কৰিছে কৃতি সেননে ।

বিতৰ্কৰ মাজতো ছবিখনে প্ৰচণ্ড প্ৰদৰ্শন আগবঢ়ায়

মুক্তিৰ পিছৰে পৰা আদিপুৰুষৰ ভিএফএক্স আৰু সংলাপৰ দুৰ্বলতাৰ বাবে বহু প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ লগতে চৰিত্ৰবোৰৰ সন্দৰ্ভতো মানুহে বহুত ট্ৰল কৰা দেখিবলৈ পোৱা গৈছিল । কিন্তু মুক্তিৰ পূৰ্বে ছবিখনে অভিলেখ ভংগকাৰী এডভান্স বুকিং লাভ কৰিছিল, আৰু মুক্তিৰ প্ৰথম দিনাই অতি ভাল সংগ্ৰহ কৰিছিল । ৫০০ কোটিৰ বিশাল বাজেটেৰে প্ৰস্তুত কৰা হৈছে আদিপুৰুষ । ৰামায়ণৰ আধাৰত নিৰ্মিত আদিপুৰুষ ছবিত প্ৰভাস, কৃতি আৰু ছানী সিঙৰ উপৰিও দেৱদত্ত নাগে হনুমান আৰু ছৈফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে ।

নিৰ্মাতাসকলৰ মতে হৃতিক ৰোশনৰ ৱাৰত অন্তৰ্ভুক্ত হ’ল আদিপুৰুষ ; ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অভিনীত ব্ৰহ্মাস্ত্ৰ; আৰু শ্বাহৰুখ খান অভিনীত ছবি পাঠানে অন্য ভাষাত মুক্তি লাভ কৰি বক্স অফিচত এক বৃহৎ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । অৰ্থাৎ ছবিখনে হিন্দী চিনেমাৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ হিচাপে পাঠানকো অতিক্ৰম কৰিছে ।

হিন্দী চিনেমাত এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা সকলৰ ওপৰত এবাৰ চকু ফুৰাও আহক:

আদিপুৰুষঃ ১৪০ কোটি টকা

পাঠানঃ ১০৬ কোটি টকা

ব্ৰহ্মষ্ট্ৰঃ ৭৫ কোটি টকা

যুদ্ধঃ ৫৩.৩৫ কোটি টকা

Thugs Of Hindostan: ৫২.২৫ কোটি টকা

সম্প্ৰতি তেলেগু, কানাড়া আৰু তামিল তথা হিন্দী ভাষাত মুক্তিলাভ কৰা ছবিখনে বক্স অফিচত নিজৰ প্ৰথম দিনৰ সংগ্ৰহৰ দ্বাৰা এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷

ইমান বিতৰ্কৰ পাছতো পৰিচালক ওম ৰাউতৰ দ্বাৰা নিৰ্মিত আদিপুৰুষে সপ্তাহৰ শেষত কেনে প্ৰদৰ্শন কৰিব তথা এই ছবিখনে ১০০০ কোটি টকা অতিক্ৰম কৰা পাঠানক চেৰ পেলাই ২০২৩ বৰ্ষৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত স্থান লাভ কৰিব পাৰিব নে নাই সেয়া পৰবৰ্তী সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Adipurush: আদিপুৰুষ আৰু প্ৰভাসৰ সমালোচনা কৰি বিপদক যুৱক, ছবিগৃহৰ বাহিৰতে গণ প্ৰহাৰ যুৱকজনক, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.