ETV Bharat / entertainment

Adipurush: আদিপুৰুষ আৰু প্ৰভাসৰ সমালোচনা কৰি বিপদক যুৱক, ছবিগৃহৰ বাহিৰতে গণ প্ৰহাৰ যুৱকজনক, চাওক ভিডিঅ’

author img

By

Published : Jun 16, 2023, 5:09 PM IST

আজি ছবিগৃহত মুক্তি লাভ কৰিলে আদিপুৰুষ ৷ কিন্তু ছবিগৃহত মুক্তিৰ পিচতে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ছবিখন ৷ ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ ৷ ভিডিঅ’টোত এজন যুৱকে প্ৰভাসক সমালোচনা কৰাৰ বাবে ৰাজহুৱা প্ৰহাৰৰ সন্মুখীন হয় ৷ চাওক ভিডিঅ’ ৷

Man beaten up outside Hyderabad theatre for criticising Prabhas' Adipurush
প্ৰভাসক সমালোচনা কৰি ৰাজহুৱা প্ৰহাৰৰ সন্মুখীন হ’ল এজন যুৱক

চিটাৰা ডেস্ক, 16 জুন: শুকুৰবাৰে (১৬ জুন) মুক্তি লাভ কৰিছে প্ৰভাসৰ অভিনীত ছবি ‘আদিপুৰুষ’। কিন্তু ছবিখন চোৱাৰ পিচত একাংশই প্ৰশংসা কৰাৰ বিপৰীতে একাংশই এই ছবিখনক তীব্ৰ ভাৱে সমালোচনা কৰিছে ৷ ইফালে হায়দৰাবাদৰ অনুৰাগীয়ে ছবিখনৰ সমালোচনা কৰা এজন ব্যক্তিক ৰাজহুৱা ভাৱে প্ৰহাৰ কৰে ৷

অনুৰাগীয়ে ৰাজহুৱাভাৱে প্ৰহাৰ কৰিলে এজন যুৱকক

Man beaten up outside Hyderabad theatre for criticising Prabhas' Adipurush
প্ৰভাসক সমালোচনা কৰি ৰাজহুৱা প্ৰহাৰৰ সন্মুখীন হ’ল এজন যুৱক

হায়দৰাবাদৰ প্ৰসাদ আইমেক্সৰ বাহিৰৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ভাইৰেল হোৱা ভিডিঅ’টোত এজন ব্যক্তিয়ে প্ৰভাসৰ ছবিখনক সমালোচনা কৰি থকা দেখা পোৱা গৈছে ৷ যুৱকজনে ক’লে- "প্লে ষ্টেচন গেমৰ সকলো খলনায়কক এই ছবিখনত লোৱা হৈছে ৷ এই ছবিখনত হনুমান, বেকগ্ৰাউণ্ড স্কোৰ আৰু কিছুমান থ্ৰীডি শ্বটৰ বাহিৰে একোৱেই নাই ।"

প্ৰভাসৰ অভিনয়ৰ বিষয়ে সোধাত তেওঁ কয়- "এই অৱতাৰটো তেওঁৰ বাবে উপযুক্ত নাছিল । তেওঁ বাহুবলীত ৰজা আছিল । সেই ছবিখনত তেওঁক ৰজাঘৰীয়া দেখি তেওঁক এই ছবিখনত লোৱা হৈছিল । ওম ৰাউটে প্ৰভাসক ভালকৈ দেখুৱাই দিয়া নাছিল ।" এইখিনি কথা শেষ কৰাৰ লগে লগে যুৱকজনক তাত উপস্থিত থকা মানুহবোৰে ৰাজহুৱাভাৱে প্ৰহাৰ কৰে ৷

ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে আদিপুৰুষ

ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পিছৰে পৰা ইয়াৰ ভিএফএক্সক সমালোচনা কৰা হৈছিল আৰু এতিয়া মুক্তিৰ পিচতো ছবিখনৰ ভিএফএক্স দৰ্শকে বৰ বিশেষ এটা ভাল পোৱা নাই ৷ কেৱল ভিএফএক্সেই নহয়, চৰিত্ৰবোৰৰ সাজ-পোছাক, আনকি তেওঁলোকৰ সংলাপকো সমালোচনা কৰিছে দৰ্শকে ।

এই ছবিখনে বিশ্বজুৰি ১৩০ কোটি টকাৰে বক্স অফিচত খাতা খুলিব বুলি আশা কৰা হৈছে। খবৰ অনুসৰি ছবিখন ৫০০ কোটি টকাত নিৰ্মাণ কৰা হৈছে ৷

এই ছবিখন পৰিচালনা কৰিছে ওম ৰাউটে । ছবিখনত হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা দেৱদত্ত নাগে আনহাতে অভিনেতা ছানী সিঙে ছবিখনত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে।

লগতে পঢ়ক: Adipurush: ছবিগৃহত ফুলেৰে সজাই তোলা হৈছে ভগৱান হনুমানৰ আসন, ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.