ETV Bharat / entertainment

কন্যা ৰাবিয়াৰ সৈতে প্ৰথম বৰদিন উদযাপন স্বৰা ভাস্কৰৰ, ফটো শ্বেয়াৰ কৰি লিখিলে হৃদয় চুই যোৱা কেপচন

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 5:11 PM IST

Actress Swara Bhaskar celebrates first Christmas with daughter Raabiya
ৰাবিয়াৰ সৈতে প্ৰথম বৰদিন উদযাপন স্বৰা ভাস্কৰৰ

Swara Bhaskar Daughter Raabiya's First Chritsmas: স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদে কন্যা ৰাবিয়াৰ সৈতে এইবাৰ প্ৰথম বৰদিন উদযাপন কৰিছে । এই দিনটো উপভোগ কৰাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে বৰ্তমান তেওঁৰ মাতৃত্ব উপভোগ কৰি আছে । এই বছৰ অভিনেত্ৰীগৰাকীয়ে জন্ম দিছে এটি মৰমলগা কন্যা সন্তান । সেয়েহে, ছবিজগতৰ পৰা আঁতৰি বৰ্তমান কন্যাৰ সৈতে সময় কটাইছে অভিনেত্ৰীগৰাকীয়ে ৷ কন্যাৰ সৈতে কটোৱা মুহূৰ্তবোৰ প্ৰায়েই অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে স্বৰাই । সোমবাৰে স্বৰাৰ কন্যা ৰাবিয়াই প্ৰথমবাৰ উদযাপন কৰে বৰদিন । বৰদিন উদযাপনৰ ফটো ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

স্বৰা আৰু ফাহাদে কন্যা ৰাবিয়াৰ সৈতে উদযাপন কৰিলে প্ৰথম বৰদিন

স্বৰাই নিজৰ ইনষ্টাগ্ৰামত এটা অতি মৰমলগা ফটো পোষ্ট কৰিছে । এই ফটোখনত তেওঁৰ কণমানি কন্যা ৰাবিয়া আৰু তেওঁৰ স্বামী ফাহাদ আহমেদক তেওঁৰ সৈতে দেখা গৈছে । ফাহাদে কন্যাৰ লগত খেলি থকা দেখা গৈছে । আনহাতে, স্বৰাক কন্যাৰ ফালে চাই থকা দেখা গৈছে । এই সময়ছোৱাত ৰাবিয়াক বগা জাম্প ছুটৰ সৈতে ৰঙা মোজা পৰিধান কৰা দেখা গৈছিল । ইয়াৰ উপৰি মূৰত এটা মৰমলগা চান্তা কেপ পিন্ধাও পৰিলক্ষিত হয় । কিন্তু এই ফটোখনত ৰাবিয়াৰ মুখখন দেখুওৱা নাই দম্পতীয়ে ।

ফটোখনৰ সৈতে লিখিছে হৃদয় চুই যোৱা কেপচন

এই ফটোখনৰ সৈতে স্বৰাই এটা দীঘলীয়া কেপচন লিখিছে । পোষ্টটোৰ সৈতে অভিনেত্ৰীগৰাকীয়ে লিখিছে - "ভগৱানক ধন্যবাদ জনাইছো যে আপুনি মোক সোঁৱৰাই দিয়ে যে এই আশাহীন পৰিস্থিতিত যুঁজিবলগীয়া কিছুমান বস্তু বাকী আছে । সকলোকে বন্ধৰ শুভেচ্ছা থাকিল । ২০২৩ চনে আমাৰ ঘৰলৈ আনিছে বৰদিন, দীপাৱলী, ঈদৰ সকলো উৎসৱ । এইবাৰৰ বৰদিন বৰ ভাল নহয়, কাৰণ গাজাত গণহত্যা চলি আছে । আমাৰ পৰা সকলোকে প্ৰেম ।"

উল্লেখ্য যে, ৰাজনীতিবিদ ফাহাদ আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল স্বৰা । বিয়াৰ ৮ মাহৰ পিচতে স্বৰাই জন্ম দিয়ে এটি কন্যা সন্তান । তেওঁলোকৰ কন্যাৰ নাম ৰাবিয়া ৰামা আহমেদ ৷ জীয়েকৰ জন্মৰ পিচৰে পৰা অভিনেত্ৰীগৰাকীয়ে কন্যাৰ সৈতে সময় অতিবাহিত কৰি আছে । যাৰ বাবে স্বৰাই বহুদিনৰ পৰা ছবিজগতৰ পৰা আঁতৰি আছে ।

লগতে পঢ়ক: পত্নী হেমা মালিনী-দুই কন্যাৰ সৈতে হাঁহি হাঁহি পোজ দিলে ধৰ্মেন্দ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.