ETV Bharat / entertainment

পত্নী হেমা মালিনী-দুই কন্যাৰ সৈতে হাঁহি হাঁহি পোজ দিলে ধৰ্মেন্দ্ৰই

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 12:38 PM IST

Dharmendra celebrates Christmas with Wife Hema Malini And daughters
পত্নী হেমা মালিনী-কন্যাৰ লগত বৰদিন উদযাপন ধৰ্মেন্দ্ৰ

Christmas 2023: এইবাৰ ঈশা দেওলে পিতৃ ধৰ্মেন্দ্ৰ, মাতৃ হেমা মালিনী আৰু ভগ্নী আহানাৰ সৈতে উদযাপন কৰে বৰদিন । ইয়াৰ আভাস ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে ঈশাই ।

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: সোমবাৰে সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ বৰদিন । এইক্ষেত্ৰত পিচ পৰি থকা নাই বলীউডৰ চেলিব্ৰিটিসকলো ৷ চেলিব্ৰিটিসকলে উলহ-মালহেৰে উদযাপন কৰিছে এই উৎসৱটি ৷ বহু চেলিব্ৰিটিয়ে বৰদিন উদযাপনৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । এতিয়া শেহতীয়াকৈ ঈশা দেওলেও তেওঁৰ বৰদিন উদযাপনৰ বহু মৰমলগা ছবি শ্বেয়াৰ কৰিছে । ঈশাই এইবাৰ তেওঁৰ পিতৃ ধৰ্মেন্দ্ৰ আৰু মাতৃ হেমা মালিনীৰ সৈতে বৰদিনৰ উৎসৱ পালন কৰিছে ।

পিতৃ ধৰ্মেন্দ্ৰ আৰু মাতৃ হেমাৰ সৈতে বৰদিন উদযাপন ঈশা দেওলৰ

পিতৃ ধৰ্মেন্দ্ৰ, মাতৃ হেমা মালিনী আৰু ভগ্নী আহানা দেওলৰ সৈতে এইবাৰ বৰদিন উৎসৱ পালন কৰিছে ঈশা দেওলে । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বৰদিনৰ উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে । ফটোসমূহত ঈশাক নীলা পেণ্ট আৰু প্ৰিণ্টেড টি-চাৰ্টৰ সৈতে খ্ৰীষ্টমাছ কেপ পিন্ধা দেখা গৈছে । উৎসৱৰ বিষয়বস্তুৰ লগত মিলাবলৈ ধৰ্মেন্দ্ৰই ৰঙা চাৰ্ট আৰু লগতে টুপীও পৰিধান কৰা দেখা গৈছে । ইয়াৰ উপৰি ঈশাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পিতৃ ধৰ্মেন্দ্ৰ, মাতৃ হেমা মালিনী আৰু ভগ্নী আহানাৰ সৈতে এখন মৰমলগা ছবি শ্বেয়াৰ কৰিছে । ফটোখনত হেমাকো ৰঙা সাজ-পোছাক পৰিধান কৰা দেখা গৈছে । এই সময়চোৱাত আহানাক কেজুৱেল লুকত দেখা গৈছিল । গোটেই পৰিয়ালটোৱে অতি আনন্দৰে এই উৎসৱটি পালন কৰিছে ।

পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে ঈশাৰ ফটোত ববিয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

ঈশাই আৰু কিছু ফটোও শ্বেয়াৰ কৰিছে । এখন ছবিত তেওঁক পিতৃ ধৰ্মেন্দ্ৰৰ সৈতে দেখা গৈছে । ধৰ্মেন্দ্ৰ এখন চকীত বহি থকা দেখা গৈছে আনহাতে ঈশা পিছফালে থিয় হৈ আছে আৰু দেউতাকে তাইৰ দুয়োখন হাত ধৰি আছে । দ্বিতীয় ছবিখনত ঈশা দেওলক পিতৃৰ সৈতে কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে । পিতৃ-কন্যাৰ যুটিটোৱে দেওলৰ নামৰ কাষ্টমাইজড চান্তা কেপো পৰিধান কৰিছিল ।

ঈশাই শ্বেয়াৰ কৰা বৰদিন উদযাপনৰ ছবিসমূহৰ প্ৰতি তেওঁৰ ভাতৃ ববি দেওলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কমেণ্ট বক্সত বহু হাৰ্ট ইমোজি পোষ্ট কৰিছে অভিনেতাগৰাকীয়ে ।

হেমা-ধৰ্মেন্দ্ৰৰ দুগৰাকী কন্যা ঈশা আৰু আহানা

উল্লেখ্য যে, হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ প্ৰথম সাক্ষাৎ হৈছিল ১৯৭০ চনত তেওঁলোকৰ ছবি ‘তুম হাছিন মে জৱা’ৰ শ্বুটিং চলি থকাৰ সময়ত । অনুৰাগীয়ে তেওঁলোকৰ যুটিটো বৰ ভাল পাইছিল । কিন্তু বিয়াৰ সিদ্ধান্ত লওঁতে হেমাৰ মাক-দেউতাকে এই বিয়াৰ বিৰোধিতা কৰিছিল । আচলতে ধৰ্মেন্দ্ৰ ইতিমধ্যে বিবাহিত আছিল আৰু চাৰিটা সন্তানৰ পিতৃ আছিল । ইয়াৰ পিচতো বহু সমস্যাৰ সন্মুখীন হৈ এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হয় । হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ দুগৰাকী কন্যা ঈশা দেওল আৰু আহানা দেওল ।

লগতে পঢ়ক: Christmas 2023: খুশী কাপুৰ, ডায়েনা পেণ্টী, ৰাশি খান্নাই এনেদৰে উদযাপন কৰিলে বৰদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.