ETV Bharat / politics

কটন বা আন শিক্ষানুষ্ঠানৰ কাৰণে ভিক্ষা খোজক মুখ্যমন্ত্ৰীয়ে: অখিল গগৈ - AKHIL GOGOI CRITICIZES ASSAM GOVT

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:33 PM IST

cotton university: ‘‘যিখন চৰকাৰে অসমৰ আটাইতকৈ অগ্ৰণী শিক্ষানুষ্ঠানখন চলাবলৈ ধন দিব নোৱাৰে, সেইখন চৰকাৰৰ চৰকাৰত থকাৰ যোগ্যতা নাই ৷ যদি সঁচাকৈ কটন কলেজ চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক’’- এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷

cotton university
চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ (ETV BHARAT ASSAM)

মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈৰ (ETV BHARAT ASSAM)

কাজিৰঙা, 16 মে’ : "সকলোৱে কয় আজি কটনে যি ভাবে কাইলৈ সমগ্ৰ অসমে সেয়া ভাবে ৷ তেনেকুৱা এখন শৈক্ষিক, বৌদ্ধিক প্ৰতিষ্ঠান চলাবলৈ যদি ধনৰ অভাৱ হয়, প্ৰতিষ্ঠানখনৰ মাটি যদি বিক্ৰী বা লীজত দিবলগীয়া পৰিস্থিতি হয় তেন্তে বুজিবলৈ বাকী নাথাকিব যে ৰাজ্যখনৰ চৰকাৰখন এখন ভয়ানক জনগণ বিৰোধী এখন চৰকাৰ, ভয়ানক দেউলীয়া চৰকাৰ ৷" এই মন্তব্য বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷

কটন বিশ্ববিদ্যালয়ৰ ভূমি ভাড়াত দিয়াৰ প্ৰস্তাৱিত সিদ্ধান্তক লৈ আজি কাজিৰঙাত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ ৷

তেওঁ কয় যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন নিজেই এসময়ত কটনৰ ছাত্ৰ আছিল আৰু কটনৰ সাধাৰণ সম্পাদকো আছিল ৷ তেখেতৰ কাৰ্যকালত ধনৰ অভাৱত এনেকৈ এক্সিকিউটিভ কাউঞ্চিলে এনে সিদ্ধান্ত ল’বলগীয়া হোৱাটো কেৱল নিন্দনীয়ই নহয় সমগ্ৰ জাতিটোৰ কাৰণে এক অশনি সংকেত ৷ শিক্ষাক ব্যক্তিগতকৰণৰ বাবে বিজেপি চৰকাৰৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰেই আজি বলি হৈছে কটন কলেজ ৷

লগতে কটনৰ এই অৰ্থনৈতিক সংকট অচিৰেই দূৰ কৰাৰ বাবে দাবী জনায় বিধায়ক অখিল গগৈয়ে ৷ বিধায়ক গগৈয়ে লগতে কয় যে, কটনক কেৱল শৈক্ষিক চৰ্চাৰ কেন্দ্ৰ কৰি ৰাখিব লাগে, ইয়াক বেপাৰৰ অনুষ্ঠানত পৰিণত কৰিব নালাগে ৷

মুখ্যমন্ত্ৰীক দাবী জনায় ৰাইজৰ দলৰ সভাপতিজনে কয় যে, সঁচাকৈ যদি চৰকাৰখন দেউলীয়া হৈ গৈছে, সঁচাকৈ যদি কটন চলাবলৈ চৰকাৰৰ ধনৰ অভাৱ হৈছে, তেতিয়া চৰকাৰে প্ৰথম কাম হিচাবে মুখ্যমন্ত্ৰীজনে দৈনিক আঠ লাখ টকাৰে যিখন হেলিকপ্টাৰ উৰুৱাই আছে সেইখন এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ সেই টকাৰে কটন বিশ্ববিদ্যালয়খন চলোৱাৰ ব্যৱস্থা কৰিব লাগে ৷

‘‘মুখ্যমন্ত্ৰীজনে দৈনিক আঠ লাখ টকাৰে পেলিকপ্টাৰ উৰুওৱাৰ কোনো প্ৰয়োজন নাই ৷ ইয়াৰ পিচতো যদি মুখ্যমন্ত্ৰীজনে কটনখন চলাব নোৱাৰে, চৰকাৰখন যদি সঁচাকৈ ব্যৰ্থ, দেউলীয়া হৈ গৈছে তেতিয়াহ’লে কটন চলাবলৈ অসমৰ ৰাইজক কওক ৷ মুখ্যমন্ত্ৰীজনে কটন বা আন শিক্ষানুষ্ঠানৰ কাৰণে ভিক্ষা কৰক ৷ অসমৰ মানুহে তেখেতক নিশ্চয় ভিক্ষা দিব ৷ যদি একেবাৰে নোৱাৰে তেওঁ হাত দাঙি দিয়ক, অসমৰ মানুহে তেতিয়া নিজে নিজে কটনখন চলাব ৷ কটনখন চলাব নোৱৰা মানুহজন মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয় ৷’’ এই বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক : শিক্ষানুষ্ঠানৰ ভূমি শিক্ষাৰ বাবেহে, ব্যৱসায়ৰ বাবে নহয়: আছু - AASU PRESS MEET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.