ETV Bharat / state

শিক্ষানুষ্ঠানৰ ভূমি শিক্ষাৰ বাবেহে, ব্যৱসায়ৰ বাবে নহয়: আছু - AASU PRESS MEET

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 10:04 PM IST

Lease Out Cotton University Land : কটন বিশ্ববিদ্যালয়ৰ ভূমি ভাড়াত দিয়াৰ প্ৰস্তাৱিত সিদ্ধান্তক লৈ সৰৱ আছু । প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ । বিশ্ববিদ্যালয় পৰিচালনা কৰিবৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ যোগান ধৰক চৰকাৰে । কটন বিশ্ববিদ্যালয়ক কোনেও ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰস্থল হিচাপে চাব নিবিচাৰে । কটনক অসমৰ ৰাইজে বৌদ্ধিক পীঠস্থান হিচাপে চাব বিচাৰে বুলি মন্তব্য আছু নেতাদ্বয়ৰ ৷

Lease Out Cotton University Land
আছুৰ মুখ্য উপদেষ্টা আৰু সভাপতিৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

জাঙুৰ খাই উঠিছে আছু (ETV BHARAT ASSAM)

গুৱাহাটী, 15 মে': ‘‘কটন বিশ্ববিদ্যালয় কর্তৃপক্ষই এক নিৰ্দেশযোগে বিশ্ববিদ্যালয়খনৰ মাটি ব্যক্তিগত গোষ্ঠীক ৰাজহ সংগ্ৰহৰ অজুহাতত হস্তান্তৰ কৰিবলৈ ওলোৱা কাৰ্যত স্তম্ভিত হৈছোঁ আৰু এই পৰিকল্পনাৰ বিৰোধিতা কৰিছোঁ ৷’’ - এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ ৰাজহ সংগ্ৰহৰ বাবে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ভূ-সম্পত্তি ভাড়াত দিয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা সিদ্ধান্ত জাঙুৰ খাই উঠিছে আছু ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে উত্তৰ-পূবৰ এক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ এনে কাৰ্যই বিশ্ববিদ্যালয়খনৰ গৰিমা হ্ৰাস কৰিব ৷ বিশ্ববিদ্যালয় কর্তৃপক্ষক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই তেওঁ অসম চৰকাৰে এনে এক গুৰুত্বপূৰ্ণ বিষয়ত হস্তক্ষেপ কৰি বিশ্ববিদ্যালয়খনক অনতিপলমে প্ৰয়োজনীয় আৰ্থিক সমর্থন আগবঢ়াবলৈ আহ্বান জনায় ৷

তেওঁ কয় যে শিক্ষানুষ্ঠানৰ ভূমি শিক্ষাৰ বাবেহে, ব্যৱসায়ৰ বাবে নহয় ৷ কটন বিশ্ববিদ্যালয়ৰ দৰে আন আন বিশ্ববিদ্যালয় সমূহৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে ৰাজহুৱা সম্পদৰ ব্যৱসায়ীকৰণ কোনো কাৰণতে মানি ল'ব নোৱাৰি ৷ তেওঁ লগতে বিশ্ববিদ্যালয় পৰিচালনা কৰিবৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ যোগান ধৰাৰ বাবে চৰকাৰৰ প্ৰতি দাবী জনায় ৷ তেওঁ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনা ৷

আনহাতে আছুৰ সভাপতি উৎপল শৰ্মাই এই সন্দৰ্ভত কয় যে কটন বিশ্ববিদ্যালয়ক অসমৰ ৰাইজে বৌদ্ধিক পীঠস্থান হিচাপে চাব বিচাৰে ৷ কৰ্তৃপক্ষৰ এই সিদ্ধান্তই সকলোকে হতচকিত কৰি তুলিছে ৷ কটন বিশ্ববিদ্যালয়ক কোনেও ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰস্থল হিচাপে চাব নিবিচাৰে বুলি প্ৰকাশ কৰি তেওঁ কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো গোপনে কৰা হৈছে ৷ এইক্ষেত্ৰত তেওঁ কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰে ৷

কটন বিশ্ববিদ্যালয় আৰম্ভণিহে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে ইয়াৰ পাচত উচ্চ শিক্ষাৰ আন আন প্ৰতিষ্ঠান সমূহ হ'ব নেকি ৷ শিক্ষানুষ্ঠানৰ ভূ-সম্পত্তিত কাৰোবাৰ অসৎ চকু পৰিছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ পুনৰ কয় যে কটনৰ প্ৰসংগক লৈ মানুহৰ মাজত সন্দেহৰ সৃষ্টি হৈছে ৷ কটনত নতুন নতুন পাঠ্যক্ৰমৰ বাবে অট্টালিকা হোৱাত কোনো আপত্তি নাই বুলি প্ৰকাশ কৰি তেওঁ কয় যে কটনক কোনেও বেপাৰৰ স্থান হিচাপে চাব নিবিচাৰে ৷

তেওঁ লগতে কয় যে ঐতিহাসিক কটন মহাবিদ্যালয়ৰ সত্তাটোক বিলুপ্ত কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কটনক দক্ষিণ পূব এছিয়াৰ উচ্চ শিক্ষাৰ হাব কৰাৰ সপোন দেখুৱাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কটনক লৈ সপোন দেখুওৱা হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰিস্থিতিৰ বাবে লাজ পোৱা উচিত ৷ কোনো কাৰণতে এই সিদ্ধান্ত মানি লোৱা নহ'ব বুলি মন্তব্য কৰি তেওঁ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক : কটনৰ ভূমি ভাৰালৈ দিবলৈ নিদিয়ে চৰকাৰে: মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া - Lease Out Cotton University Land

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.