ETV Bharat / crime

Psychotropic substances seized: খটখটীত নিচাযুক্ত দ্ৰব্য সহ দুজন আটক

author img

By

Published : Feb 18, 2022, 6:29 PM IST

Updated : Feb 18, 2022, 7:40 PM IST

drug-paddler-arrested-by-khatkhati-police
খটখটীত নিচাযুক্ত দ্ৰব্য সহ দুজন সৰবৰাহকাৰী আটক

শুকুৰবাৰে পুৱা খটখটী থানাৰ অ'চি ৰাজু দুৱৰাৰ নেতৃত্বত উপ পৰিদৰ্শক আতিকুৰ ৰহমান, চিআৰপিএফ ষ্টাফ কেম্প, আৰু বোকাজান থানা ষ্টাফৰ সহযোগত অভিযান চলাই নিচাজাতীয় দ্ৰব্য়সহ দুজন ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে (Two suppliers arrested including Psychotropic substances) ৷

ডিফু, 18 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান (Anti drugs mission) ৷ সম্প্ৰতি ড্ৰাগছকে ধৰি এইসমূহ অবৈধ নিচা যুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই নতুন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচা জাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ শেহতীয়াকৈ কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তৰ খটখটীত পুনৰ উদ্ধাৰ হৈছে নিচাজাতীয় দ্ৰব্য ৷

খটখটীত নিচাযুক্ত দ্ৰব্য সহ দুজন সৰবৰাহকাৰী আটক

এক গোপন সূত্ৰৰ পম খেদি খটখটী থানাৰ অ'চি ৰাজু দুৱৰাৰ নেতৃত্বত উপ-পৰিদৰ্শক আতিকুৰ ৰহমান, চিআৰপিএফৰ দল আৰু বোকাজান আৰক্ষীৰ যৌথ অভিযানত শুকুৰবাৰে পুৱা খটখটী ষ্টেট বেংকৰ কাষত এক বিশেষ নাকা তালাচী বহোৱা হয় ৷ তেনে সময়তে মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা AS 02 AC 8750 নম্বৰৰ এখন যাত্ৰীবাহী বাছত তালাচী চলাই প্ৰায় 567 গ্ৰাম ওজনৰ নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Two suppliers arrested including Psychotropic substances) ৷

আটকাধীন নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী দুজন ক্ৰমে লাহৰিঘাটৰ নাগাবান্ধা নিবাসী নুৰ ইছলামৰ পুত্ৰ ইক্ৰামুল হক (33) আৰু আৰু নগাওঁ জিলাৰ ধিং থানা এলেকাৰ বেছামাৰী গাঁৱৰ ৰজব আলীৰ পুত্ৰ আছাদুল হক (29) বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিলে স্থিতি

Last Updated :Feb 18, 2022, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.