ETV Bharat / bharat

ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিলে স্থিতি

author img

By

Published : Feb 18, 2022, 1:50 PM IST

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে শ্বীনা বৰা হত্যাকাণ্ডৰ (Sheena Bora murder case ) মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদনৰ শুনানি ৰখাৰ বাবে সন্মত হয় । জানো আহক এই গোচৰৰ বৰ্তমান স্থিতি ৷

Sheena Bora murder case SC seeks CBI response on Indrani Mukerjea's bail plea
ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিলে স্থিতি

নেচনেল ডেস্ক, 18 ফেব্ৰুৱাৰী : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে শ্বীনা বৰা হত্যাকাণ্ডৰ (Sheena Bora murder case ) মুখ্য অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদনৰ শুনানিৰ বাবে সন্মত হয় আৰু চিবিআইৰ পৰা সঁহাৰি বিচাৰে (Supreme Court agreed to hear bail plea) । ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত এখন বিচাৰপীঠে মুখাৰ্জীৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত চিবিআইক জাননী জাৰি কৰিছিল । ন্যায়ালয়ে জনায় যে, দুসপ্তাহৰ পিছত আবেদনগ্ৰহণ কৰা হ’ব ।

মুখাৰ্জীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে দাবী কৰিছিল যে বিচাৰ পক্ৰিয়াই গোচৰটো জটিল কৰিছে আৰু সৰহভাগ সাক্ষীক পৰীক্ষা কৰা হোৱা নাই। তেওঁ লগতে কয় যে, যোৱা ডেৰ বছৰত কোনো সাক্ষীৰ পৰীক্ষা কৰা হোৱা নাই আৰু ইন্দ্ৰাণীৰ স্বামী ইতিমধ্যে জামিনত আছে। ৰোহতগীয়ে কৈয় যে, ইন্দ্ৰানীৰ শাৰীৰিক অৱস্থা বৰ্তমান ভাল নহয় আৰু লগতে কয় যে, ট্ৰায়েল কোৰ্টতো বৰ্তমান কোনো প্ৰিজাইডিং বিষয়া নাই ।

উল্লেখ্য যে, ২০১৫ চনত হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা মুখাৰ্জী কাৰাগাৰত আছে । শেহতীয়াকৈ, মুখাৰ্জীয়ে চিবিআইলৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁৰ জীয়েক শ্বীনা বৰা জীয়াই আছে বুলি দাবী কৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল (Indrani Mukherjee claimed that Sheena Bora was alive ) । চিবিআইয়ে স্পষ্ট কৰি দিছে যে আদালতৰ হস্তক্ষেপ নহ'লে এই নিৰ্দিষ্ট দিশটো চিবিআইয়ে গ্ৰহণ নকৰে ।

লগতে পঢ়ক : মটৰ মেকানিকে চন্দ্ৰত ক্ৰয় কৰিলে ৩ একৰ মাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.