ETV Bharat / crime

Beltala murder case : ফাদিল হ’ল ৰহস্য

author img

By

Published : Oct 29, 2021, 5:49 PM IST

Updated : Nov 2, 2021, 3:10 PM IST

বেলতলাৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল । কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে বৃদ্ধ দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ৷ হত্যাৰ কাৰণ ইতিমধ্যে আৰক্ষীক জনাইছে আকাশ চৌধুৰীয়ে ৷

beltala-murder-mystery-solved
Beltala murder case : ফাদিল হ’ল ৰহস্য

গুৱাহাটী, ২৯ অক্টোবৰ: বেলতলা চাৰ্ভেৰ চন্দন নগৰত সংঘটিত হোৱা বৰুৱা দম্পতীৰ হত্যাকাণ্ডই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাৰ পিছতেই প্ৰথমে সন্দেহ প্ৰকাশ কৰা হৈছিল যে, মাটি-সম্পত্তিৰ বাবেই হত্যা কৰা হৈছিল বয়োজ্যেষ্ঠ বৰুৱা দম্পতীক ৷ পিছে সম্প্ৰতি পোহৰলৈ আহিছে যে, মাটি-সম্পত্তিৰ বাবে নহয় আন কিবা অজ্ঞাত কাৰণত হে কৰা হৈছিল এই হত্যা ৷

Beltala murder case : ফাদিল হ’ল ৰহস্য

জানিব পৰা গৈছে যে, কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে শোৱাপাটিতে বৃদ্ধ দম্পতী ননী গোপাল বৰুৱা আৰু পত্নী মীনা বৰুৱাক হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে । কিন্তু কি কাৰণত আকাশে দুই বৃদ্ধ দম্পতীক হত্যা কৰিছিল সেই বিষয়ে আৰক্ষীৰ আগত তেওঁ প্ৰকাশ কৰিছে যদিও আৰক্ষীয়ে বিশেষ কাৰণত ৰাজহুৱা কৰা নাই হত্যাৰ কাৰণ ।

এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছিল আকাশ চৌধুৰীৰ পত্নী পুতু দাসকো ৷ অৱশ্যে, ঘটনাৰ লগত তেওঁ জড়িত নথকা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত(joint commissioner of police) পাৰ্থ সাৰথি মহন্তই ।

তেওঁ কয় যে, ২৫ অক্টোবৰৰ নিশা চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যাৰ এই ঘটনাটো সংঘটিত হৈছিল। ঘটনাৰ লগত জড়িত থকা মূল অভিযুক্ত আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত জেৰাত আকাশ চৌধুৰীয়ে বৃদ্ধদম্পতীক হত্যা কৰা বুলি স্বীকাৰ কৰিছে । সমগ্ৰ ঘটনাটোৰ তদন্ত ইতিমধ্যে সম্পূৰ্ণ হৈছে । হত্যাকাণ্ডৰ লগত জড়িত থকাৰ প্ৰমাণ আকাশ চৌধুৰীৰ বিৰুদ্ধে পোৱা গৈছে ।

হত্যাকাণ্ড সংঘটিত কৰাৰ কথা নিজেই স্বীকাৰো কৰিছে আকাশ চৌধুৰীয়ে । আকাশ চৌধুৰীয়ে নিজে অকলে হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু শিলেৰে মাৰি হত্যা কৰিছিল বুলিও আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় । অৱশ্যে, হত্যাৰ কাৰণ সন্দৰ্ভত বিশেষ কোনো কাৰণত তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক : গৰুখুটিৰ দৰে লামডিং বনাঞ্চলতো উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ

Last Updated :Nov 2, 2021, 3:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.