ETV Bharat / city

জ্যোতি প্ৰসাদৰ কৰ্ম সাধনাস্থলী তেজপুৰত শিল্পী দিৱস পালন

author img

By

Published : Jan 17, 2022, 10:44 PM IST

অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prasad Agarwala) ৷ সেই উপলক্ষে সোমবাৰৰ দিনটোত কৰ্ম সাধনাস্থলী তেজপুৰত পালন কৰা হ’ল শিল্পী দিৱস (Silpi Divas observed in Tezpur) ৷

silpi-divas-observed-in-tezpur
জ্যোতি প্ৰসাদৰ কৰ্ম সাধনাস্থলী তেজপুৰত শিল্পী দিৱস পালন

তেজপুৰ, ১৭ জানুৱাৰী: তেজপুৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭১তম মৃত্যু বাৰ্ষিকী উপলক্ষে জ্যোতিৰ পৈত্রিক গৃহ জ্যোতি ভাৰতীৰ 'পকী'ত গীতে মাতে মহান মণিষী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Tribute to Jyoti Prasad Agarwala in Tezpur) । পুৱা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (State BJP President Bhabesh Kalita) , তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে জ্যোতিপ্ৰসাদৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

জ্যোতি প্ৰসাদৰ কৰ্ম সাধনাস্থলী তেজপুৰত শিল্পী দিৱস পালন

'পকী'ত উপস্থিত হৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে 40 লাক টকা মোকোলাই দিয়া বুলি কৈ চৰকাৰক আৰু অধিক ধন আৱন্তন দিবলৈ অনুৰোধ জনাব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই । আনহাতে, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই আগৰৱালাৰ স্মৃতিত স্মৰণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতো পৰিবেশন কৰে ।

উল্লেখযোগ্য যে, পকীৰ পুনৰ নিৰ্মাণ কৰাৰ লগতে এটা অডিঅ’ ৰেকৰ্ডিং ষ্টুডিও’ আৰু সংগ্ৰাহালয় স্থাপন কৰা হব বুলিও জানিবলৈ দিয়ে বিধায়ক আৰু জিলা উপায়ুক্তই । ইফালে, এই বছৰ শিল্পী পেঞ্চন(Artist pension by Assam government) আৰু সন্মানৰ বাবে নিৰ্বাচিত শিল্পী সকলক জ্যোতি ভাৰতীত সম্বৰ্ধনা জনোৱা হয় । মহান শিল্পী গৰাকীৰ স্মৃতিত তেজপুৰৰ বান থিয়েটাৰ ,সাহিত্য সভা ভৱন, জ্যোতিপ্ৰসাদৰ সমাধিস্থল , ত্ৰিমূৰ্তি উদ্যান ,তৰুণ অসম সংঘ আদিতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ।
লগতে পঢ়ক : ৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যবাসীয়ে পালন কৰিলে শিল্পী দিৱসৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যবাসীয়ে পালন কৰিলে শিল্পী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.