11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Sep 8, 2021, 11:02 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে কলিয়াবৰত ‘গুৰু-কীৰ্ত্তন’

আজি মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি(Death Anniversary) ৷ কৰ’ণা কালৰ মাজতে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চৌদিশ । কলিয়াবৰৰ ছ-অৰা সত্ৰতো(Satra) গুৰুজনাক স্মৰণ কৰা আৰম্ভ হৈছে ‘গুৰু-কীৰ্ত্তন’ ৷

Birthday Special: স্মৃতি ৰোমান্থন কৰা আশা ভোশলেৰ 5 টা ইণ্ডি-পপ গীত

আজি কোকিলকণ্ঠী গায়িকা আশা ভোশলেৰ(Asha Bhosle)ৰ 88 সংখ্যক ওপজা দিন ৷ কণ্ঠশিল্পীগৰাকীৰ জন্মদিনৰ শুভক্ষণত আহক জুকিয়াই চাও তেওঁ কণ্ঠ নিগৰোৱা কেইটামান ইণ্ডি-পপ(Indie-Pop) গীত...

4 বছৰ সম্পূৰ্ণ কৰিলে ৰীমা দাসৰ VILLAGE ROCKSTERSৰ

কামৰূপী উপভাষাত নিৰ্মিত ভিলেজ ৰকষ্টাৰ্ছে পাৰ কৰিলে চাৰিটাকৈ বছৰ ৷ ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰা এই ছবিখন সমাজৰ বাবে এক আদৰ্শস্বৰূপ ৷ আজিও চৰ্চাত VILLAGE ROCKSTERS ৰ কাহিনী, চিত্ৰগ্ৰহণ তথা অভিনয়ৰ প্ৰসংগ ৷

চাহ জনজাতি লোকক চাইকেল বিতৰণ বিধায়ক জিতু গোস্বামীৰ

নগাঁও সদৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত বিধায়ক জিতু গোস্বামীয়ে 48 গৰাকী চাহ জনগোষ্ঠী লোকক চাইকেল বিতৰণ কৰে ৷ বঢ়মপুৰ সমষ্টিক অসমৰ ভিতৰতে উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সভাত সদৰি কৰে বিধায়কগৰাকীয়ে ৷

কলগাছিয়াত বন বিভাগৰ অভিযানত ৭ খন অবৈধ কাঠৰ দোকান ছীল

বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলত বৰপেটা আঞ্চলিক বন বিষয়াৰ নিৰ্দেশত বনপালক মুনিন্দ্ৰ তালুকদাৰ আৰু ৰাতুল পাঠকৰ সহযোগত উপ বন সংপালক তপন কুমাৰ আৰু প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত বন বিভাগে অভিযান চলাই সাতখনকৈ অবৈধ কাঠৰ দোকান ছীল কৰে । অভিযানকাৰী দলটোৱে বাংকাভাঙা বজাৰৰ পৰা ২ খন আৰু লাংলা বজাৰৰ পৰা ৫ খনকৈ অবৈধ কাঠৰ দোকান ছীল কৰে ।

মৰাণত কাঠ ভৰ্তি ট্ৰাক জব্দ

বন বিভাগৰ চকুৰ সন্মুখতে ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ সৰবৰাহ । একাংশ লোকে বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে কাঠৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে । ডিব্ৰুগড়ত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ কাঠ ।

সঁচাকৈয়ে মৃত্যদণ্ড দিয়া হ’ল নেকি অৰুণাভ গগৈক !

আলফা স্বাধীনৰ (ULFA)সদস্য সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈক মৃত্যুদণ্ডৰ প্ৰসংগত চিন্তিত পৰিয়াল । আলফা স্বাধীনক স্পষ্ট কৰিবলৈ আহ্বান পৰিয়ালৰ ।

চীনে তালিবানেৰে সম্পৰ্ক উন্নত কৰিবলৈ নিশ্চয়কৈ ব্যৱস্থা ল’ব : জ’ বাইডেন

চীনৰ যদিও তালিবানৰ সৈতে সম্পৰ্ক যথেষ্ট উন্নত নহয় কিন্তপ দেশখনে সাংগঠনটোৰে নিজৰ সম্পৰ্ক গাঢ় কৰিবলৈ নিশ্চয়কৈ কিবা পদক্ষেপ গ্ৰহণ কৰিব ৷ এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ৷

অসম ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ যুঁজাৰু বিমান

পথ পৰিবহনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ ৷ সাধাৰণ যান-বাহনৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব যুঁজাৰু বিমানো ৷ কোন কোন ঘাইপথত চলিব এই বিমান ৷ সবিশেষ এই প্ৰতিবেদনত...

বিশ্বৰ ক'ত আৰম্ভ হৈছে ২ বছৰ তলৰ শিশুক টীকাকৰণৰ প্ৰক্ৰিয়া ?

বিশ্বজুৰি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে । কোনো দেশে কিশোৰ-কিশোৰীসকলকো প্ৰতিষেধক প্ৰদান কৰিছে । কিন্তু পোন প্ৰথমবাৰৰ বাবে ২ বছৰৰ তলৰ শিশুক প্ৰতিষেধক প্ৰদান কৰা হৈছে । কোনখন দেশত আৰম্ভ হৈছে এই অভিযান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.