Birthday Special: স্মৃতি ৰোমান্থন কৰা আশা ভোশলেৰ 5 টা ইণ্ডি-পপ গীত

author img

By

Published : Sep 8, 2021, 10:14 AM IST

birth anniversary of singer asha bhosle

আজি কোকিলকণ্ঠী গায়িকা আশা ভোশলেৰ(Asha Bhosle)ৰ 88 সংখ্যক ওপজা দিন ৷ কণ্ঠশিল্পীগৰাকীৰ জন্মদিনৰ শুভক্ষণত আহক জুকিয়াই চাও তেওঁ কণ্ঠ নিগৰোৱা কেইটামান ইণ্ডি-পপ(Indie-Pop) গীত...

চিটাৰা ডেস্ক, 8 ছেপ্তেম্বৰ: ‘চোড় দো আঁচল জমানা ক্যা কহেগা’, ‘হাল কেইছা হ্যে জনাৱ কা’, ‘আইয়ে মেহেৰবা’, ‘আজা আজা’, ‘দম মাৰো দম’ আদি চিৰসেউজ গীতসমূহ, যিয়ে চলচ্চিত্ৰসমূহক অধিক ৰঙীন কৰি তুলিছিল ৷ এই গীতসমূহৰ কণ্ঠ নিগৰাইছিল কিংবদন্তি তথা সংগীত জগতৰ কোকিলকণ্ঠী গায়িকা আশা ভোশলেই(Asha Bhosle) । এইগৰাকী ইণ্ডি-পপ(Indie-Pop) গায়িকা আশা ভোশলেৰ প্ৰতিটো গীতেই আজিও সংগীত প্ৰেমীৰ স্মৃতি ৰোমান্থন কৰে ৷

আজি 88 বছৰ বয়সত ভৰি দিলে চিৰ সেউজ গায়িকা আশা ভোশলেই ৷ তেওঁৰ ওপজা দিনৰ শুভক্ষণত সংগীত প্ৰেমীসকলে নিশ্চয়কৈ এবাৰ হ’লেও আঁওৰাব তেওঁৰ গীতসমূহ ৷ গজল, লোকগীতৰ পৰা আৰম্ভ কৰি ৰোমাণ্টিক গীতলৈকে সকলোতে আশা ভোশলেৰ অৱস্থান সুকীয়া ৷

আহক আশাজীৰ কিছুমান ইণ্ডি-পপ গীতলৈ উভতি চাও, যি গীতসমূহে প্ৰত্যেকগৰাকী সংগীত প্ৰেমীকে নষ্টালজিয়া কৰি তুলিব...

1. কভী তো নজৰ মিলাও

কণ্ঠশিল্পী আদনান চামীৰ(Adnan Sami) গভীৰ কণ্ঠস্বৰ, আশা ভোশলেৰ সুমধুৰ সুৰেৰে ‘কভী তো নজৰ মিলাও’ এই গীতটি এটা যাদুতকৈ কম নহয় ৷ এই ইণ্ডি-পপ গীতটিৱে সেই সময়চোৱাত এক চমক সৃষ্টি কৰিছিল ৷

2. চা চা চা

আশা ভোশলেই কণ্ঠদান কৰা ‘চা চা চা’ ইণ্ডি-পপ গীতটিৱে আপোনাক এবাৰ হ’লেও নচুৱাবলৈ সক্ষম হ’ব ৷

3. জব চামনে

প্ৰিয়জনৰ মৰমৰ বাবে মিঠা আকাংক্ষাৰ সৈতে অনুভূতি প্ৰকাশ কৰিবলৈ আশা ভোশলেৰ এই গীতটিয়ে আপোনাকো এক শিহৰণ জগাই তুলিব ৷ গীতটিত আশা ভোশলেৰ সৈতে কণ্ঠ নিগৰাইছিল কণ্ঠশিল্পী জগজিৎ সিঙে(Jagjit Singh) ৷

4. আপ কে দিল মে

গীতটিত অভিনেতা সঞ্জয় দত্ত(Sanjay Dutt) আৰু আশা ভোশলেৰ কণ্ঠই কৰা ফ্লাৰ্টৰ(Flirt) বিষয়ত আমি নতুনকৈ একো ক’ব নাই ৷

5. জানম চমঝা কৰো

ৰাত শ্ববনমী, ভিগী চান্দনী, তিছৰা কোই দুৰ তক নেহী, ইস্কে আগে হম, ঔৰ ক্যা কাঁহে, জানম চমঝা কৰো- গায়িকাগৰাকীৰ কণ্ঠত জনপ্ৰিয়তা লাভ কৰা এই গীতসমূহে আপোনাক নষ্টালজিয়া নকৰিব নে?

1933 চনৰ 8 ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰা আশা ভোশলেই মাত্ৰ দহ বছৰ বয়সতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল । তেওঁ কেৰিয়াৰত 20 টা ভাষাত প্ৰায় 16,000 টা চিৰ সেউজ গীত বাণীবদ্ধ কৰিছিল ৷ আশাৰ কণ্ঠত মুক্তিলাভ কৰা আও হুজুৰ তুমকো, পিয়া তু অব তো আজা, পৰ্দে ম্যে ৰেহনে দো আদি গীতসমূহ আজিও সংগীত প্ৰেমীসকলৰ মুখত শুনিবলৈ পোৱা যায় ৷

ভাৰতীৰ সংগীত জগতৰ এইগৰাকী চিৰ সেউজ গায়িকালৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল অলেখ শুভকামনা ৷

লগতে পঢ়ক: ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.