মৰাণত কাঠ ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Sep 8, 2021, 10:53 AM IST

dibrugarh

বন বিভাগৰ চকুৰ সন্মুখতে ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ সৰবৰাহ । একাংশ লোকে বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে কাঠৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে । ডিব্ৰুগড়ত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ কাঠ ।

মৰাণ, ৮ ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং বেহা । একাংশ দুষ্টচক্ৰই বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই গৈছে । বন বিভাগৰ (Forest Department) চকুৰ সন্মুখতে একাংশ লোকে এই অবৈধ ব্যৱসায় চলাই গৈছে । অৱশ্যে এই ক্ষেত্ৰত বন বিভাগৰ কৰ্তব্যৰ ওপৰত বহু সময়ত আঙুলি তুলি আহিছে বিভিন্ন সংগঠনে ।

dibrugarh
মৰাণত কাঠ ভৰ্তি ট্ৰাক জব্দ

ইয়াৰ মাজতে ৰাইজ তথা দল-সংগঠনৰ অভিযোগৰ ভিত্তিত বহু সময়ত আৰক্ষী তথা বন বিভাগে অভিযান চলাই ৰাজ্যৰ বহু স্থানত চোৰাং কাঠ জব্দ কৰিবলৈয়ো সক্ষম হৈছে । এইবাৰ ডিব্ৰুগড়তো জব্দ হ'ল বৃহৎ পৰিমাণৰ কাঠ । অৰুণাচলৰ পৰা তিনিচুকীয়া হৈ ডিব্ৰুগড়ৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি এই কাঠখিনি সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল ।

dibrugarh
মৰাণত কাঠ ভৰ্তি ট্ৰাক জব্দ

কিন্তু নিশা খোৱাং আঞ্চলিক বন বিভাগৰ এটা দলে চেঁচা দলঙৰ পৰা অনুসৰণ কৰি মৰাণত AS-০৬-BC-০১০৯ নম্বৰৰ এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । খোৱাং আঞ্চলিক বন বিষয়াই জানিবলৈ দিয়া মতে জব্দ কৰা কাঠ ভৰ্তি ট্ৰাকখন অৰুণাচলৰ জয়ৰামপুৰৰ পৰা দৰং জিলালৈ গৈ আছিল ।

কাঠসমূহ বৈধ নে অবৈধ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে । উল্লেখ্য যে, খোৱাং আঞ্চলিক বন বিভাগে কিছুদিনৰ পূৰ্বেও আন এখন অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ কৰিছিল । বৰ্তমানেও উক্ত কাঠ ভৰ্তি ট্ৰাকখন বন বিভাগৰ কাৰ্যালয়তে আছে ।

লগতে পঢ়ক:অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত ১ কোটি টকাৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.