অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত ১ কোটি টকাৰ গাঞ্জা জব্দ

author img

By

Published : Sep 8, 2021, 10:28 AM IST

GANZA SEIZED AT ASSAM TRIPURA BORDER BY TRIPURA POLICE

অসমলৈ গাঞ্জাৰ অবৈধ সৰবৰাহ । অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিলে গাঞ্জাসহ দুখন ট্ৰাক । ১১৯৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ত্ৰিপুৰা আৰক্ষীয়ে ।

কোকৰাঝাৰ, ৮ ছেপ্টেম্বৰ : অসমত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে প্ৰশাসনে অভিযান অব্যাহত ৰখাৰ সময়তে অসম-ত্ৰিপুৰা সীমান্ত জব্দ হ'ল বহু পৰিমাণৰ গাঞ্জা । অসমত প্ৰৱেশৰ প্ৰাক মূহুৰ্তত ত্ৰিপুৰা আৰক্ষীয়ে চুৰাইবাৰীত অভিযান চলাই ১১৯৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে । দুখন ট্ৰাকত অনা হৈছিল গাঞ্জাখিনি । আৰক্ষীয়ে ট্ৰাক দুখনত তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে ।

আৰক্ষীয়ে এখন ট্ৰাকৰ চালক আৰু সহ চালকক আটক কৰে যদিও আন এখন ট্ৰাকৰ চালক আৰু সহ চালক আৰক্ষীৰ সন্মুখৰ পৰাই পলায়ন কৰিবলৈ সক্ষম হয় । জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১ কোটি টকা । অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী এলেকাত PB 19 M 9376 নম্বৰৰ এখন ট্ৰাকত আৰক্ষীয়ে প্ৰথমে অভিযান চলাই মুঠ ৯৮৭ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰু ট্ৰাকখনৰ চালক আৰু সহচালকক আটক কৰে । ইয়াৰ পাছতে NL 01 AB 4645 নম্বৰৰ আনখন ট্ৰাকত আৰক্ষীয়ে অভিযান চলায় আৰু ট্ৰাকখনৰ পৰা ২০৭ কিলোগ্ৰাম গাঞ্জা জব্দ হয় ।

আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে যদিও ট্ৰাকখনৰ চালক আৰু সহ চালকে পলায়ন কৰিবলৈ সক্ষম হয় । অসমলৈ সৰবৰাহৰ উদ্দেশ্যেৰে গাঞ্জাখনি অনা হৈছিল ।

ত্ৰিপুৰাৰ কোন ঠাইৰ পৰা ট্ৰাক দুখনত গাঞ্জাখিনি কঢ়িয়াই অনা হৈছিল আৰু অসমৰ কোন ঠাইত সেই গাঞ্জাখিনি দিয়াৰ কথা আছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই । সম্প্ৰতি ত্ৰিপুৰা আৰক্ষীয়ে ধৃত চালক আৰু সহ চালকৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে অসমক ড্ৰাগছ মুক্ত কৰাৰ সংকল্প লৈছিল আৰু প্ৰশাসনীয় বিষয়াসকলক নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছিল ।

এই পৰ্যন্ত লাখ লাখ টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ হৈছে । শেহতীয়াকৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও ৰাজ্যখনত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । কিন্তু অসাধু ব্যৱসায়ীয়ে প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা চলাই আছে ।

লগতে পঢ়ক:মুকালমুৱাৰ যুৱতীক ৰাজস্থানত চাৰি লাখ টকাত বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.