মুকালমুৱাৰ যুৱতীক ৰাজস্থানত চাৰি লাখ টকাত বিক্ৰী

author img

By

Published : Sep 7, 2021, 10:12 PM IST

a-young-woman-of-mukalmuwa-was-sold-in-rajasthan-for-rs-4-lakh

অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহৰ ৰমৰমীয়া বেহা ৷ আৰক্ষীৰ তৎপৰতাত এইবাৰ ৰাজস্থানৰ পৰা উদ্ধাৰ হৈছে অসমৰ যুৱতী ৷

নলবাৰী,7 ছেপ্টেম্বৰ: ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে নাৰী সৰবৰাহৰ ৰমৰমীয়া বেহা ৷ শেহতীয়াকৈ মুকালমুৱাৰ 2 নং কাপলাবড়ীৰ এগৰাকী যুৱতী বহিঃৰাজ্যত বিক্ৰী হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰায় চাৰি মাহ পুৰ্বে 2 নং কাপলাবড়ীৰ যুৱতী গৰাকীয়ে কাপলাবড়ীৰ চ'ক বজাৰত থকা বেংক এটালৈ টকা উলিয়াব গৈছিল আৰু তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী ৷

প্ৰাপ্ত তথ্য মতে, নজৰুল আলী নামৰ যুৱক এজনে বৰপেটাৰ চাইফ আলী নামৰ অন্য এজন যুৱকৰ সৈতে যুৱতী গৰাকীক নিচাজাতীয় দ্ৰব্যৰে অচেতন কৰি গাড়ীত উঠাই গুৱাহাটীলৈ লৈ যায় ৷ গুৱাহাটীৰ পৰা বিয়াৰ প্ৰলোভন দি ৰাজাস্থানলৈ নি ৰাজস্থানৰ জুনজুনু জিলাৰ কিষাণ নামৰ এজন লোকৰ ওচৰত চাৰি লাখ টকাৰ বিনিময়ত বিক্ৰী কৰে যুৱতী গৰাকীক ৷ তাৰ কিছুদিন পিছতে অসহায় যুৱতী গৰাকীয়ে পৰিয়াল লোকক ফোন যোগে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷

মুকালমুৱাৰ যুৱতীক ৰাজস্থানত চাৰি লাখ টকাত বিক্ৰী

সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক উদ্ধাৰ কৰিবলৈ দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ অৱশেষত দৌলাশাল আৰক্ষী চকীৰ আই চি ৰাজশ্ৰী বুঢ়াগোহাঁইৰ তৎপৰতাত যুৱতী গৰাকীৰ পিতৃয়ে ৰাজস্থানত গৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷

ৰাজস্থান আৰক্ষীৰ সহযোগত অৱশেষত যুৱতী গৰাকীক উদ্ধাৰ কৰি নিজ গৃহলৈ লৈ আহে দৌলাশাল আৰক্ষী আৰু পিতৃয়ে ৷

লগতে পঢ়কঃ বিজেপি অসম প্ৰদেশৰ বিভিন্ন মৰ্চাৰ পূৰ্ণাংগ সমিতি ঘােষণা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.