4 বছৰ সম্পূৰ্ণ কৰিলে ৰীমা দাসৰ VILLAGE ROCKSTERSৰ

author img

By

Published : Sep 8, 2021, 9:27 AM IST

Village rockstar completes 4 years

কামৰূপী উপভাষাত নিৰ্মিত ভিলেজ ৰকষ্টাৰ্ছে পাৰ কৰিলে চাৰিটাকৈ বছৰ ৷ ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰা এই ছবিখন সমাজৰ বাবে এক আদৰ্শস্বৰূপ ৷ আজিও চৰ্চাত VILLAGE ROCKSTERS ৰ কাহিনী, চিত্ৰগ্ৰহণ তথা অভিনয়ৰ প্ৰসংগ ৷

চিটাৰা ডেস্ক, 8 ছেপ্তেম্বৰ : চাৰিটা বছৰ সম্পূৰ্ণ কৰিলে ৰীমা দাসৰ দ্বাৰা পৰিচালিত ছবি ভিলেজ ৰকষ্টাৰ্ছে (VILLAGE ROCKSTERS) ৷ আজি চাৰি বছৰ সম্পূৰ্ণ হ’ল অসমীয়া বোলছবি ‘‘VILLAGE ROCKSTERS’’ ৰ ৷ সমাজৰ ঘাত-প্ৰতিঘাতকো নেওচি ‘ধুনু’ নামৰ এগৰাকী কিশোৰী আৰু তাইৰ সপোনৰ আধাৰত নিৰ্মিত হৈাছিল ছবিখন ৷

Village rockstar completes 4 years
4 বছৰ সম্পূৰ্ণ ৰীমা দাসৰ VILLAGE ROCKSTERS ৰ

‘ধুনু’ৰ সপোন তাই নিজৰ এটা বেণ্ড গঢ়ি তোলিব ৷ কিন্তু ‘ধুনু’ৰ বিধৱা মাকে এখনি সৰু দোকানৰ ওপৰত ভৰষা কৰিয়েই পৰিয়ালটোক পোহপাল দিয়ে ৷ ছোৱালৰ বাবে বেণ্ডৰ নামত পইচা খৰচ কৰাটো সপোনৰ অগোচৰ ‘ধুনু’ৰ বিধৱা মাকৰ বাবে ৷

Village rockstar completes 4 years
4 বছৰ সম্পূৰ্ণ ৰীমা দাসৰ VILLAGE ROCKSTERS ৰ

কিন্তু ‘ধুনু’য়ে অৱশ্যে সেই অসাধ্যকো সাধন কৰি দেখুৱালে ৷

লগতে পঢ়ক: ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

এই বোলছবিখনৰ জৰিয়তে এইটোৱে শিক্ষা লাভ কৰিব পাৰি যে, ধনান্মক চিন্তাৰ দ্বাৰা লক্ষ্যৰ প্ৰতি গতি কৰিলে সকলো সপোনেই সাৰ্থক হয় । বোকাত যে পদুম ফুল ফুলে, ইয়াৰ প্ৰমান কৰি দেখুৱালে ৰীমা দাসৰ ‘VILLAGE ROCKSTERS’ৰ মূল নায়িকা ধুনুৱে ৷ কেৱল জ্যেষ্ঠজনৰ বাবেই এই চিনেমাখন আৰ্হি স্বৰূপ নহয়, উঠি অহা নৱ-প্ৰজন্মৰ বাবেও এক আদৰ্শ স্বৰূপ এই ছবিখন ৷

Village rockstar completes 4 years
4 বছৰ পাচতো চৰ্চাত ভিলেজ ৰকষ্টাৰ্ছ

লগতে পঢ়ক: Happy Birthday ৰাধিকা আপ্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.