Happy Birthday ৰাধিকা আপ্তে

author img

By

Published : Sep 7, 2021, 2:12 PM IST

Happy Birthday Radhika Apte
Happy Birthday ৰাধিকা আপ্তে ()

আজি বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাধিকা আপ্তেৰ জন্মদিন ৷ কেইবাখনো ছবিত কৰা দুৰ্দান্ত অভিনয়েৰে ৰাধিকাই বলীউডত সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷

চিটাৰা ডেস্ক, 7 ছেপ্তেম্বৰ : আজি বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাধিকা আপ্তেৰ জন্মদিন ৷ অভিনেত্ৰীগৰাকীয়ে কেইবাখনো ছবিত কৰা নিজৰ দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷ ৰাধিকাৰ জন্ম হৈছিল 1985 চনৰ 7 ছেপ্তম্বৰত তামিলনাডুত ৷ ৰাধিকাৰ পিতৃ ডাঃ চাৰু আপ্তে এগৰাকী নিউৰ’চাৰ্জন ৷

Happy Birthday Radhika Apte
সৌজন্য Google

ৰাধিকাই অভিনয় যাত্ৰাৰ আৰম্ভণি বিভিন্ন সৰু চৰিত্ৰৰ দ্বাৰা কৰিছিল ৷ ৰাধিকাই 2005 চনত মুক্তিপ্ৰাপ্ত শ্বাহিদ কাপুৰ অভিনীত ছবি ‘Wah Life Ho Toh Aisi’ত অভিনয় কৰিছিল ৷ ছবিখনত এটা অতি সৰু চৰিত্ৰত অভিনয় কৰিছিল ৰাধিকাই ৷

Happy Birthday Radhika Apte
সৌজন্য Google

ৰাধিকাই 2011 চনত মুক্তিপ্ৰাপ্ত ছবি ‘Shor In The City’ ছবিখনত কৰা অভিনয়েৰে সকলোৰে মনযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছত তেওঁ ‘Manjhi: The Mountain Man’, ‘Lust Story, Padman’, ‘Phobia’, ‘Badlapur’, ‘Parched’ আদি কেইবাখনো ছবিত অভিনয় কৰে ৷

লগতে পঢ়ক : Happy Birthday পংকজ ত্ৰিপাঠী : বিহাৰৰ এখন সৰু গাঁৱৰ পৰা বলীউডলৈ

Parched ছবিখনৰ বাবে ৰাধিকাই India Film Festival Of Los Angeles ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ৰাধিকাই কেইবাটাও প্ৰত্যাহ্বানপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ 2015 চনত অনুৰাগ কাশ্যপে এখন চুটি ছবি নিৰ্মাণ কৰিছিল ৷ এই ছবিখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তহে প্ৰস্তুত কৰা হৈছিল ৷ ছবিখনত অভিনেত্ৰীগৰাকীয়ে কৰা এটি বোল্ড চিন লিক হয় ৷

Happy Birthday Radhika Apte
সৌজন্য Google

ইয়াৰ পিছতে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী ৷ কেৱল এয়াই নহয় The Wedding Guest আৰু Parched ছবিখনৰ বাবেও সমালোচনাৰ সন্মুখীন হৈছিল ৰাধিকা ৷ ৰাধিকাই Ahalya, That Day After Everyday, The Calling, Kriti আদি চুটি ছবিত অভিনয় কৰিছে ৷

লগতে পঢ়ক : দুবছৰ সম্পূৰ্ণ সুশান্তৰ শেষ ছবি Chhichhor ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.