চাহ জনজাতি লোকক চাইকেল বিতৰণ বিধায়ক জিতু গোস্বামীৰ

author img

By

Published : Sep 8, 2021, 9:31 AM IST

mla Jitu Goswami distribute Cycle to tea tribe people

নগাঁও সদৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত বিধায়ক জিতু গোস্বামীয়ে 48 গৰাকী চাহ জনগোষ্ঠী লোকক চাইকেল বিতৰণ কৰে ৷ বঢ়মপুৰ সমষ্টিক অসমৰ ভিতৰতে উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সভাত সদৰি কৰে বিধায়কগৰাকীয়ে ৷

চামগুৰি, 8 ছেপ্টেম্বৰ : বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে (Jitu Goswami) মঙলবাৰে চাহ জনগোষ্ঠীয় লোকৰ মাজত চাইকেল বিতৰণ কৰে । চাহ জনজাতি কল্যাণ ব'ৰ্ডৰ অধীনত বিধায়কগৰাকীয়ে বঢ়মপুৰ সমষ্টিৰ বিভিন্ন চাহ বাগিচাত কৰ্মৰত ৪৮ গৰাকী চাহ বাগিচাৰ কৰ্মচাৰীক এই চাইকেল বিতৰণ কৰে ।

mla Jitu Goswami distribute Cycle to tea tribe people
চাহ জনজাতি লোকক চাইকেল বিতৰণ বিধায়ক জিতু গোস্বামীৰ

নগাঁও সদৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হয় এই চাইকেল বিতৰণ কাৰ্যসূচী ৷ অনুষ্ঠানত বিধায়ক জিতু গোস্বামীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ লগতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ চাহ জনজাতি লোকসকলৰ কল্যাণৰ বাবেও চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

বিধায়কগৰাকীয়ে লগতে চৰকাৰৰ উন্নয়নমূলক কাম কাজত ৰাইজৰ সহযোগিতা বিচাৰে । তেওঁ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চাহ জনগোষ্ঠী লোকসকলৰ সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ কথাও সদৰি কৰে । ইয়াৰ লগতে, বঢ়মপুৰৰ চাহ বাগিচাসমূহত বিশুদ্ধ খোৱাপানী ব্যৱস্থাৰ বাবে শীঘ্ৰে আঁচনি ৰূপায়ন কৰাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

mla Jitu Goswami distribute Cycle to tea tribe people
চাহ জনজাতি লোকক চাইকেল বিতৰণ বিধায়ক জিতু গোস্বামীৰ

বিধায়কগৰাকীয়ে বঢ়মপুৰ সমষ্টিক ৰাজ্যখনৰ ভিতৰতে উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ কথা ব্যক্ত কৰি ইয়াৰ বাবে বিভিন্ন প্ৰকল্প স্থাপনৰ বাবে আঁচনি গ্ৰহণ কৰাৰ লগতে সমষ্টিটোৰ যাতায়ত ব্যৱস্থাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.