গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে কলিয়াবৰত ‘গুৰু-কীৰ্ত্তন’

author img

By

Published : Sep 8, 2021, 9:23 AM IST

tirobhab-tithi-of-srimanta-sankardev-celebrated

আজি মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি(Death Anniversary) ৷ কৰ’ণা কালৰ মাজতে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চৌদিশ । কলিয়াবৰৰ ছ-অৰা সত্ৰতো(Satra) গুৰুজনাক স্মৰণ কৰা আৰম্ভ হৈছে ‘গুৰু-কীৰ্ত্তন’ ৷

কলিয়াবৰ, 8 ছেপ্তেম্বৰ : মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি(Death Anniversary) উপলক্ষে বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰা হৈছে গুৰুজনাক ৷ কলিয়াবৰৰ ছ-অৰা সত্ৰতো আৰম্ভ হৈছে ‘গুৰু-কীৰ্ত্তন’ ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ছ-অৰা সত্ৰ(Satra) ৷ সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল(Covid Protocol) মানি ভকত-বৈষ্ণৱসকলে আৰম্ভ কৰিছে নাম-প্ৰসংগ ৷

কলিয়াবৰত ‘গুৰু-কীৰ্ত্তন’

বিগত দুবছৰে কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰিবলগীয়া হৈছে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি ৷ ছ-অৰা সত্ৰৰ উপৰিও কলিয়াবৰৰ অন্য ঐতিহাসিক সত্ৰ আৰু নামঘৰসমূহত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ আয়োজন চলিছে । কলিয়াবৰত 1650 শকত মাজুলীৰ পৰা আহি বিশ্বম্ভৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহাসিক শ্ৰীশ্ৰী চামগুৰি সত্ৰতো গুৰুজনাৰ তিথি ‘গুৰু-কীৰ্ত্তন‘ৰূপে পালন কৰা হ’ব ।

tirobhab-tithi-of-srimanta-sankardev-celebrated
কলিয়াবৰত ‘গুৰু-কীৰ্ত্তন’

প্ৰতিবছৰে মহাপুৰুষজনাৰ পাদুকা প্ৰতিষ্ঠা কৰি স্ব-মহিমাৰে উদ্ভাষিত শ্ৰীশ্ৰী চামগুৰি সত্ৰত আড়ম্বৰ আৰু ভক্তিপূৰ্ণ আয়োজনেৰে গুৰুজনাৰ তিথি পালন কৰা হয় । সত্ৰৰ নামঘৰৰ লগতে প্ৰতিষ্ঠিত গুৰুজনাৰ পাদুকা স্থানত সংৰক্ষিত গুৰুজনাৰ পাদুকা, গুৰুজনাৰ গুৰুসেৱাৰ জঁপাকে ধৰি সংৰক্ষিত এই সত্ৰখনত এইবাৰো কৰা হৈছে অনুষ্টুপীয়া আয়োজন ।

tirobhab-tithi-of-srimanta-sankardev-celebrated
কলিয়াবৰত ‘গুৰু-কীৰ্ত্তন’

অৱশ্যে গুৰুজনাৰ পাদুকাকে ধৰি অনান্য সংৰক্ষিত অমূল্য সম্পদসমূহ বহাগ বিহুৰ গোসাঁই বিহুৰ দিনাহে ভক্তপ্ৰাণ দৰ্শনাৰ্থীলৈ মুকলি কৰি দিয়া হয় । এই কৰ’ণা কালৰ মাজতে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চৌদিশ । অৱশ্যে বিগত বৰ্ষসমূহৰ দৰে ৰাইজৰ মাজত নাই উছাহ-উদ্দীপনা ।

ৰাজ্য চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া ক’ভিড নীতি-নিয়ম মানি সমগ্ৰ ৰাজ্যত পালন কৰা হৈছে জগতগুৰুৰ তিৰোভাৱ তিথি । কৰ’ণাৰ কাল সংহাৰে ব্যাঘাত জন্মাইছে সাতামপুৰুষীয়া পৰম্পৰাত ।

লগতে পঢ়ক: ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.