বিশ্বৰ ক'ত আৰম্ভ হৈছে ২ বছৰ তলৰ শিশুক টীকাকৰণৰ প্ৰক্ৰিয়া ?

author img

By

Published : Sep 7, 2021, 5:37 PM IST

Cuba

বিশ্বজুৰি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে । কোনো দেশে কিশোৰ-কিশোৰীসকলকো প্ৰতিষেধক প্ৰদান কৰিছে । কিন্তু পোন প্ৰথমবাৰৰ বাবে ২ বছৰৰ তলৰ শিশুক প্ৰতিষেধক প্ৰদান কৰা হৈছে । কোনখন দেশত আৰম্ভ হৈছে এই অভিযান ?

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ ছেপ্তেম্বৰ: বিশ্বত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে দুই বছৰৰ তলৰ শিশুক ক'ভিড প্ৰতিষেধক প্ৰদানৰ অভিযান । কিউবা দেশে আৰম্ভ কৰিছে এই অভিযান । বিদ্যালয়সমূহ পুনৰ খোলাৰ পূৰ্বে দেশৰ সকলো শিশুকে টীকাকৰণ কৰাৰ লক্ষ্য আগত ৰাখিয়ে দেশখনে আৰম্ভ কৰিছে টীকাকৰণৰ এই অভিযান । প্ৰায় ১১ নিযুত জনসংখ্যাৰ দেশখনে নিজ দেশতে উৎপাদিত ক'ভিড প্ৰতিষেধক ব্যৱহাৰ কৰি আছে ।

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) স্বীকৃতি দিয়া নাই যদিও দুটাকৈ স্বদেশী প্ৰতিষেধক ক্ৰমে আব্দালা (Abdala) আৰু ছোবেৰানা (Soberana) ব্যৱহাৰ কৰি আছে দেশখনে । স্থানীয় ক্লিনিকেল পৰীক্ষাত এইটোও দেখুওৱা হৈছে যে প্ৰতিষেধক দুটাৰ ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকাৰীতাৰ হাৰ প্ৰায় ৯০ শতাংশ । কিউবা (Cuba) প্ৰশাসনে আশা কৰা মতে শিশুসকলক প্ৰতিষেধক প্ৰদান কৰাৰ লগে লগে বিদ্যালয়সমূহো খুলিব পৰা যাব ।

যিহেতু ২০২০ চনৰ পৰাই মহামাৰী পৰিস্থিতিৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই শিক্ষাৰ্থীসকল । ইফালে ইণ্টাৰনেটৰ পৰ্যাপ্ত সুবিধা নথকাৰ বাবে দেশখনৰ শিক্ষাৰ্থীসকলে মাত্ৰ দূৰদৰ্শনত শৈক্ষিক অনুষ্ঠানৰ জৰিয়তেহে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে । কতৃপক্ষই জনোৱা মতে সকলো শিশুকে প্ৰতিষেধক প্ৰদান কৰিব পাৰিলে অহা অক্টোবৰ মাহৰ পৰা ক্ৰমান্বয়ে বিদ্যালয়সমূহ খুলিব পৰা যাব ।

সূত্ৰৰ মতে ক্লিনিকেল পৰীক্ষণৰ অন্তত যোৱা শুকুৰবাৰৰ পৰা দেশখনত ১২ বছৰ আৰু তাৰ উৰ্ধৰ কিশোৰ কিশোৰীসকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল । আনহাতে সোমবাৰৰ পৰা মধ্য কিউবাৰ চিয়েনফুয়েগোছ প্ৰদেশত দুইৰ পৰা এঘাৰ বছৰ বয়সৰ শিশুসকলকো প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ এক তথ্য অনুসৰি, যোৱা বছৰ কিউবাত সংক্ৰমণ কিছু হ্ৰাস হৈছিল যদিও পুনৰ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । মহামাৰীত দেশখনৰ প্ৰায় ৬ লাখ ৯০ হাজাৰ লোক আক্ৰান্ত হৈছে ।

শেহতীয়াকৈ আক্ৰান্তৰ সংখ্যা দেশখনত ইমানে বৃদ্ধি পাইছে যে মুঠ আক্ৰান্তৰ এক তৃতীয়াংশতকৈও অধিক লোক কেৱল যোৱা মাহটোত কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে দেশখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ৫,৭০০ গৰাকী লোক আৰু তাৰ ভিতৰত কেৱল যোৱা মাহত ২,৪০০ গৰাকী লোকৰ মৃত্যু হৈছে । ইফালে দেশখনত কৰ'ণাই স্বাস্থ্য সেৱাত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে ।

দ্য নিউয়ৰ্ক টাইমছৰ (The New York Times) বাতৰি অনুসৰি দেশখনত অক্সিজেনৰ নাটনি হৈছে আৰু মৰ্গবোৰত মৃতদেহ থ'বলৈ ঠাইৰ অভাৱ হৈছে । মহামাৰীৰ সৈতে মোকাবিলা কৰাত একপ্ৰকাৰ বিফল হৈছে দেশখনৰ প্ৰশাসন যন্ত্ৰ । আনকি স্বাস্থ্যসেৱাৰ সৈতে জড়িত লোকসকলেও চৰকাৰৰ ভূমিকাক সমালোচনা কৰিছে ।

অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চলি থকা বিবাদৰ বাবে দেশখনে এই সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে চৰকাৰে । কিয়নো আমেৰিকাৰ পৰা চিকিৎসা সামগ্ৰী ক্ৰয় কৰাত বাধাৰ সৃষ্টি হৈছে চৰকাৰৰ । কিন্তু ইমানৰ পাছতো দেশখনে শিশুসকলৰ বাবে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰাত এতিয়া বিশ্ববাসীৰ দৃষ্টি কিউবাৰ ওপৰত । বাকী কেইবাখনো দেশেও ইতিমধ্যে শিশুসকলৰ টীকাকৰণৰ অনুমতি পাইছে যদিও টীকাকৰণৰ কাৰ্যসূচী আৰম্ভ হোৱা নাই ।

ছাউথ চাইনা মৰ্ণিং পোষ্টৰ বাতৰি অনুসৰি জুন মাহত চীনে তিনি বছৰতকৈ কম বয়সৰ শিশুৰ বাবে চিনোভাক ভেকছিন (Sinovac vaccine) ব্যৱহাৰৰ অনুমোদন জনাইছিল । আনহাতে আৰৱে এই মাহৰ আৰম্ভণিতে ঘোষণা কৰা মতে, ৩ ৰ পৰা ১৭ বছৰৰ কিশোৰ কিশোৰীসকলক চীনৰ চিনোফাৰ্ম (Sinopharm) ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰা আৰম্ভ কৰিব । ইফালে সোমবাৰে চিলিয়ে ছয় বছৰৰ কম বয়সৰ শিশুৰ বাবে চীনত নিৰ্মিত চিনোভাক প্ৰতিষেধক (Sinovac vaccine) প্ৰদানত অনুমোদন জনাইছে । দেশখনে মে' মাহত ১২ বছৰৰ অধিক বয়সৰ শিশুৰ বাবে ফাইজাৰ প্ৰতিষেধক ব্যৱহাৰৰ অনুমোদন জনাইছিল ।

লগতে পঢ়ক :COVID-19 ক লৈ কঠোৰ Facebook: বন্ধ কৰিলে উৰা বাতৰি প্ৰচাৰ কৰা পেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.