ETV Bharat / city

নগাঁৱৰ এটা অসহায় পৰিয়ালৰ আৰ্তনাদ !

author img

By

Published : Feb 5, 2020, 4:24 PM IST

নগাঁও
চকুৰ এক জটিল ৰোগত আক্ৰান্ত

নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলি বেঙেনাআটি গা‍ঁৱৰ বাসিন্দা মাধৱ শইকীয়া বিগত ছমাহ ধৰি চকুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ দিক্​বিদিক হেৰুৱাই পেলাইছে । দিন-হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া মাধৱ শইকীয়াৰ সোঁ চকুটো এক জটিল ৰোগত আক্ৰান্ত হয় ৷ দুৰ্ভগীয়া পৰিয়ালটোক কোনো লোকে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে ৬০০০৬-২৯২৯৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উক্ত পৰিয়ালটোৱে ।

নগাওঁ,5 ফেব্ৰুৱাৰীঃ আৰ্থিক দৈন্যতাত ককবকাই থকা এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন ৰোগাক্ৰান্ত হৈ পৰাত সংকটত পৰিছে পৰিয়ালৰ প্ৰতিজন সদস্য। নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলি-বেঙেনাআটি গা‍ঁৱৰ বাসিন্দা মাধৱ শইকীয়া বিগত ছমাহ ধৰি চকুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ দিক্​বিদিক হেৰুৱাই পেলাইছে । দিন-হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া মাধৱ শইকীয়াৰ সোঁ চকুটো এক জটিল ৰোগত আক্ৰান্ত হয় ৷

চকুৰ জটিল ৰোগত আক্ৰান্ত

ৰোগত আক্ৰান্ত মাধৱ শইকীয়াই পৰিয়ালৰ সহযোগত অসমৰ বিভিন্ন স্থানত চিকিৎসা কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে নেপাললৈ যায় যদিও আৰোগ্য লাভৰ পৰা বঞ্চিত হয় ৷ সম্প্ৰতি বহু লোকৰ ঘৰৰ দুৱাৰে-দুৱাৰে সাহাৰ্য বিচাৰি হাবাথুৰি খাই ফুৰা দৰিদ্ৰ পৰিয়ালটোৰ ব্যক্তিগৰাকীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে এক বৃহৎ পৰিমাণৰ আৰ্থিক সাহাৰ্যৰ । এতিয়া এইগৰাকী লোকক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ । সমগ্ৰ অসমবাসী ৰাইজৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । উল্লেখ্য যে,দুৰ্ভগীয়া পৰিয়ালটোক কোনো লোকে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে ৬০০০৬-২৯২৯৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উক্ত পৰিয়ালটোৱে ।

লগতে চাওকঃনাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত আঘাতপ্ৰাপ্ত ছানিদুললৈ আমছুৰ আৰ্থিক সাহাৰ্য

Intro:আৰ্থিক দীনতাত পৰি ককবকাই থকা এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জন ৰোগাক্ৰান্ত হৈ পৰাত সংকটত পৰিয়ালৰ প্ৰতিজন সদস্য। Body:নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলি-বেঙেনাআটি গা‍ঁৱৰ বাসিন্দা মাধৱ শইকীয়াই বিগত ৬ মাহ ধৰি চকুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ দিক-বিদিক হেৰুৱাই পেলাইছে। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া মাধৱ শইকীয়াই ৬ মাহ পূৰ্বে সোঁ চকুটো এক জটিল ৰোগত আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্ত হৈ মাধৱ শইকীয়াই পৰিয়ালৰ সহযোগত অসমৰ বিভিন্ন স্থানত চিকিৎসা কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে নেপাললৈ যায় যদিও সুস্থ হৈ নুঠে। বহু লোকৰ ঘৰৰ দুৱাৰে-দুৱাৰে সাহাৰ্য বিছাৰি হাবাথুৰি খাই ফুৰা দৰিদ্ৰ পৰিয়ালটোৱে বৰ্তমান উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাবলৈ এক বৃহৎ পৰিমানৰ অৰ্থৰ প্ৰয়োজন হৈছে। এতিয়া এইগৰাকী লোকক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। সমগ্ৰ অসমবাসী ৰাইজৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো এতিয়া সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। উল্লেখ্য যে, দুৰ্ভগীয়া পৰিয়ালটোক কোনো লোকে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে ৬০০০৬-২৯২৯৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।
Bites: পৰিয়ালৰ লোক
-----------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৫-২-২০Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.