ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত আঘাতপ্ৰাপ্ত ছানিদুললৈ আমছুৰ আৰ্থিক সাহাৰ্য

author img

By

Published : Feb 5, 2020, 10:45 AM IST

চিৰাঙত আমছুৰ উদ্যোগত বি টি চি-ৰ সংখ্যালঘু বিভিন্ন দল-সংগঠন আৰু বুদ্ধিজীৱীৰ মাজত নাগৰিক সভা অনুষ্ঠিত হয় ৷ চৰ্ত সাপেক্ষে তৃতীয়খন বড়ো শান্তিচুক্তি আৰু বি টি আৰ সমৰ্থন সম্বন্ধত অনুষ্ঠিত হয় সভাখন । নাগৰিক সভাৰ পিচতে সংবাদমেল সম্বোধন কৰে সংখ্যালঘুৰ নেতৃবৰ্গই । সংবাদমেলখনৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা বৰপেটা জিলাৰ চেঙাৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছানিদুল ইছলামৰ পৰিয়ালক আমছুৰ তৰফৰ পৰা সংগ্ৰহ কৰা 3,02,000 টকাৰ নগদ ধন আগবঢ়োৱা হয় ৷

নাগৰিক সভা
চিৰাঙত আমছুৰ সংবাদমেল

চিৰাং,5 ফেব্ৰুৱাৰীঃ চিৰাঙত আমছুৰ উদ্যোগত বি টি চি-ৰ সংখ্যালঘু বিভিন্ন দল-সংগঠন আৰু বুদ্ধিজীৱীৰ মাজত নাগৰিক সভা অনুষ্ঠিত হয় ৷ চৰ্ত সাপেক্ষে তৃতীয়খন বড়ো শান্তিচুক্তি আৰু বি টি আৰ সমৰ্থন সম্বন্ধত অনুষ্ঠিত হয় সভাখন । উক্ত সভাখন চিৰাঙৰ কাজলগাঁও গড়কাপ্তানি বিভাগৰ অতিথিশালাত অনুষ্ঠিত হয় ৷ সভাত বি টি চিৰ সংখ্যালঘু লোকৰ বিভিন্ন দিশক সাঙুৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

উল্লেখিত প্ৰস্তাৱসমূহ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ লগতে বি টি চি চৰকাৰ আৰু বড়ো নেতৃত্বই কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে বড়ো শান্তি চুক্তি সম্পাদন কৰাৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য সেয়া প্ৰকৃতাৰ্থত বাস্তৱায়িত হ’ব বুলি দল-সংগঠনসমূহে বিশ্বাস কৰে ৷ অন্যথা অন্যান্য জনগোষ্ঠীৰ লোকসকল সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হ’ব যিটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় ৷ সভাখনত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, ইমতিয়াজ হুছেইন, এ বি এমছুৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক, বৰ্তমানৰ সভাপতি শ্বেখ আশ্ৰাফুল হক, ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’ছাইটিৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খণ্ডকাৰ, সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰ, আৰ এম চিৰ সাধাৰণ সম্পাদক ৰেজাউল সৰকাৰৰ লগতে জমিয়তৰ নেতৃবৰ্গ, বি টি এ ডি তথা বি টি আৰৰ অন্তৰ্গত এলেকাৰ সচেতন নাগৰিকসকল উপস্থিত থাকে ।

চিৰাঙত আমছুৰ সংবাদমেল

নাগৰিক সভাৰ পিচতে সংবাদমেল সম্বোধন কৰে সংখ্যালঘুৰ নেতৃবৰ্গই । সংবাদমেলখনৰ জৰিয়তে নাগৰিক সভাৰ যাৱতীয় তথ্য জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা বৰপেটা জিলাৰ চেঙাৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছানিদুল ইছলামৰ পৰিয়ালক আমছুৰ তৰফৰ পৰা সংগ্ৰহ কৰা 3,02,000 টকাৰ নগদ ধন আগবঢ়োৱা হয় ৷

লগতে চাওকঃঅন্ধবিশ্বাসৰ কৰাল গ্ৰাসত বিশ্বনাথৰ ডিৰিং চাহ বাগিছা

Intro:চিৰাঙত আমছুৰ উদ্যোগত বিটিচিৰ সংখ্যালঘু বিভিন্ন দল সংগঠন আৰু বুদ্ধি জীৱিৰে নাগৰিক সভা । 
চৰ্ত সাপেক্ষে তৃতিয়খন বড়ো শান্তি চুক্তি আৰু বিটিআৰ সমৰ্থন । সংখ্যালঘু বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ যৌথ সংবাদমেল কাজলগাঁওত । 


Body: আজি চিৰাঙৰ কাজলগাঁও গঢ়কপ্তানি বিভাগৰ অতিথিশালাত আমছুৰ উদ্যোগত বিটিচিৰ সংখ্যালঘু বিভিন্ন দল সংগঠন আৰু বুদ্ধি জীৱিৰে নাগৰিক সভা । সভাত বিটিচিৰ সংখ্যালঘু লোকৰ বিভিন্ন দিশ সাঙুৰি কেবাটাও প্ৰস্থাব গ্ৰহন। বিটিএডি অঞ্চলত বিগত তিনি দহকতকৈ অধিক কাল বড়ো জনগোষ্ঠীৰ একাংশ লোকে নিজৰ জনগোষ্ঠীটোৰ সম্যক উন্নতিৰ নিমিত্তে সশস্ৰ সংগ্ৰাম কৰি অহাত সমগ্ৰ বিটিএডিৰ লগতে বিটিএডিৰ দাতিকাষৰীয়া অঞ্চলতো অস্ত্ৰৰ ঝনঝন শব্দ শুনা গৈছিল। যোৱা ইং ২৭-০১-২০২০ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, বিদ্ৰোহী এন ডিএফবিৰ চাৰিওটা গোট  আৰু এবছুৰ মাজত শান্তি চুক্তি সম্পাদন কৰি বিটিএডিক  বিটিআৰলৈ উন্নীত কৰাৰ লগতে বিদ্ৰোহী সকলে অস্ত্ৰ সম্বৰণ কৰি প্ৰস্তাবিত বিটিআৰলৈ শান্তিৰ পৰিবেশ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। আনহাতে ডিভাইড অসম ফিফ্টি ফিফ্টি অৰ্থাৎ পৃথক বড়োলেণ্ডৰ দাবী পৰিহাৰ কৰি অখণ্ড অসমৰ পোষকতা কৰাটো অতি শুভলক্ষণ। বিটিএডি/বিটিআৰৰ অন্যান্য জাতী-জনগোষ্ঠীৰ লোকৰ সৰ্বাঙ্গীন উন্নয়নৰ ব্যৱস্থা কৰাৰ চৰ্ত সাপেক্ষে অস্ত্ৰৰ ঝনঝননী নিঃশেষ কৰি বিটিএডি অঞ্চলৰ লগতে সামগ্ৰিক ভাৱে অসমত শান্তি প্ৰতিষ্ঠাৰ  স্বাৰ্থত যোৱা ২৭ জানুৱাৰী, ২০২০ তাৰিখে কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰ, বিটিচি প্ৰশাসন, এবছু আৰু এন ডি এফ বিৰ চাৰিওটা গোটৰ মাজত সম্পাদন হোৱা বড়ো শান্তি চুক্তিৰ দ্বাৰা বড়ো জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নয়ন হওঁক তাতে সহমত পোষণ কৰা হয় নাগৰিক সভাত। 

 বড়ো জনগোষ্ঠীৰ সম্যক উন্নতি আমি কামনা কৰি সামাজিক, ৰাজনৈতিক, শৈক্ষিক, অৰ্থনৈতিক সকলো দিশত বড়ো জনগোষ্ঠীৰ লোকক চৰকাৰে আগবঢ়াই নিয়ক তাতে আমছু আৰু বিটিএডি তথা অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে পূৰ্ণ সহযোগ কৰি যাব। কিন্তু বিটিএডি তথা নতুন বিটিআৰৰ বড়োলোক সকলৰ সমান্তৰালকৈ অন্যান্য জনগোষ্ঠীৰ লোক সকলৰো সমউন্নয়ন, সমবিকাশ হব লাগিব।সকলোকে সমমৰ্যদা প্ৰদান কৰিব লাগিব। নতুন বড়ো শান্তি চুক্তিৰ দ্বাৰা বিটিআৰৰ লগতে ৰাজ্যখনতে শান্তিৰ বাতাবৰণ সৃষ্টি হব যদিও বড়ো নেতৃত্বই কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰৰ লগত আলোচনা কৰি বিটিআৰৰ লগতে প্ৰস্তাৱিত বড়ো কছাৰী কল্যাণ পৰিষদৰ বাকী জনগোষ্ঠী সকলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰতো বলিষ্ঠ ভুমিকা গ্ৰহন কৰি অন্যান্য জনগোষ্ঠীৰ লোকৰ মাজত বিশ্বাস আৰু আস্থাৰ পৰিবেশ সৃষ্টি কৰিব লাগিব। তেতিয়াহে প্ৰকৃত শান্তি বিৰাজ কৰিব। পূৰ্বে ১৯৯৩ আৰু  ২০০৩ চনতো দুবাৰকৈ বড়ো শান্তি চুক্তি সম্পাদন হৈছিল। বড়ো জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ মাজত বড়ো নেতৃত্বই বিশ্বাস-আস্থা তথা সমন্বয় গঢ়ি তুলিব নোৱাৰাৰ বাবে ১৯৯৪, ১৯৯৬, ১৯৯৮, ২০০৮, ২০১২, ২০১৪ চনত বড়ো আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ মাজত সংঘাত  হৈছিল ফলত বহুলোকৰ  মৃত্যু হোৱাৰ লগতে সামাজিক ব্যৱধান বৃদ্ধি পাইছিল। প্ৰকৃত শান্তি বিচাৰিলে জাতি জনগোষ্ঠী সমূহৰ মাজত বিশ্বাস আৰু আস্থাৰ পৰিবেশ সৃষ্টি কৰিব লাগিব। এই ক্ষেত্ৰত বড়ো নেতৃত্বই আগভাগ লব লাগিব। ধৰ্মীয় সংখ্যালঘূ সকলে সদায় শান্তিৰ পক্ষত আছে আৰু থাকিব। ভাৰতৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ পিছদিনা দিল্লীত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰীৰ উপস্থিতিত সম্পাদন কৰা বড়ো চুক্তি সম্পৰ্কে আলোচনা কৰাৰ্থে আমছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আয়োজিত নাগৰিক সভাত কেবাটাও প্ৰস্থাৱ গ্ৰহন কৰে । প্ৰস্থাৱ সমুহ ক্ৰমে, কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ নেতৃত্বৰ লগতে অন্যান্য জনগোষ্ঠীয় নেতৃত্বক সম্পূৰ্ণ অন্ধকাৰত ৰাখি বড়ো নেতৃত্বৰ লগত চুক্তি কৰা কথাটোত আজিৰ সভাই ক্ষোভ প্ৰকাশ কৰি নিম্ন উল্লেখিত প্ৰস্তাৱ সমুহ কাৰ্য্যকৰী কৰাৰ চৰ্তত অৰ্থাৎ বিটিএডি/বিটিআৰৰ অন্যান্য জনগোষ্ঠীৰ লোকৰ সৰ্বাঙ্গীন উন্নয়নৰ ব্যৱস্থা কৰাৰ চৰ্ত সাপেক্ষে অস্ত্ৰৰ ঝনঝননী নিঃশেষ কৰি বিটিএডি অঞ্চলৰ লগতে সামগ্ৰিক ভাৱে অসমত শান্তি প্ৰতিষ্ঠাৰ  স্বাৰ্থত যোৱা ২৭ জানুৱাৰী, ২০২০ তাৰিখে কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰ, বিটিচি প্ৰশাসন, এবছু আৰু এন ডি এফ বিৰ চাৰিওটা গোটৰ মাজত সম্পাদন হোৱা বড়ো শান্তি চুক্তিৰ দ্বাৰা বড়ো জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নয়ন হওঁক তাতে সহমত পোষণ কৰি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। বড়ো জনবসতি ৫০% তকৈ কম থকা গাওঁ সমূহ প্ৰস্তাৱিত বিটিআৰৰ পৰা কৰ্তন তথা বড়ো জনবসতি ৫০% তকৈ অধিক থকা গাওঁ সমূহ অন্তৰ্ভুক্ত কৰাৰ লগতে বিটিআৰৰ সমষ্টি পুনৰনিৰ্ধাৰনৰ বাবে চুক্তি স্বাক্ষৰ কৰা সকলৰ সিদ্ধান্তক আদৰণি জনাই গাওঁ কৰ্তন আৰু অন্তৰ্ভুক্ত কৰিবলৈ তথা সমষ্টি পুনৰনিৰ্ধাৰনৰ বাবে গঠন কৰিব লগা উচ্চ ক্ষমতা সম্পন্ন আয়োগত প্ৰস্তাবিত বিটিআৰ এলেকাৰ সমূহ ৰাজনৈতিক দল আৰু সংগঠনৰ একোজনকৈ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে । ২০০৩ চনৰ বিটিচি চুক্তি স্বাক্ষৰ হোৱা তাৰিখৰ পূৰ্বে বিটিএডি বা প্ৰস্তাবিত বিটিআৰত বসবাস কৰা সমূহ জনগোষ্ঠীৰ লোকক ভুমিৰ সমঅধিকাৰ প্ৰদান কৰি অৰ্থাৎ যি যত বাস কৰি আছে তাক তাতে বিনা অসুবিধাত বাস কৰিব দিয়াৰ লগতে ভুমিৰ পট্টা প্ৰদান কৰিব লাগে বুলি দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে যিকোনো ভুমি আইন অথবা ভুমি নীতি গ্ৰহনৰ সময়ত বিটিআৰত বসতি কৰিথকা ভুমিহীন তথা গৰাখহনীয়া গ্ৰস্ত বিস্তাপিত লোকক ভুমি প্ৰদান কৰাৰ লগতে ভুমিৰ ক্ৰয় বিক্ৰয় হস্তান্তৰৰ অধিকাৰ প্ৰদান কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বড়ো জনগোষ্ঠীয় লোকৰ অধিকাৰৰ বাবে কৰা সশস্ত্ৰ সংগ্ৰামৰ কালত তথা বিভিন্ন সময়ত হোৱা গোষ্ঠী সংঘৰ্ষত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে নিহত হোৱা প্ৰতিজনৰ নিকট আত্মীয়ক এককালীন ৫ লাখ আৰ্থিক সাহাৰ্য্যৰ লগতে পৰিয়ালৰ যিকোনো এজনক যোগ্যতা অনুসৰি চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে। বিটিএডি তথা প্ৰস্তাবিত বিটিআৰৰ অন্তৰ্ভুক্ত অন্যান্য জনগোষ্ঠীয় লোকৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বড়ো আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ মাজত বিশ্বাস-আস্থা জন্মোৱাৰ লগতে সমন্বয় সৃষ্টি কৰিবলৈ বড়ো নেতৃত্বক আগভাগ লবলৈ আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত আমছু তথা বিটিএডি/বিটিআৰৰ সংখ্যালঘু সংগঠনৰ নেতৃত্বই বড়ো নেতৃত্বক সম্পূৰ্ণ সহযোগ কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। বিটিএডি তথা প্ৰস্তাৱিত বিটিআৰত চৰকাৰী চাকৰি, ঠিকা-ঠুকলি তথা চৰকাৰী সা-সুবিধা যাতে জনসংখ্যা অনুপাতে প্ৰদান কৰে তাৰ দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। বিটিএডি তথা প্ৰস্তাৱিত বিটিআৰত বড়ো জনগোষ্ঠীৰ বাবে সংৰক্ষিত থকা আসন সমূহৰ বাদে বাকী থকা অসংৰক্ষিত আসনত যাতে অন্যান্য জনগোষ্ঠীৰ প্ৰতিনিধি সকলে প্ৰতিনিধিত্ব কৰিব পাৰে তথা পৰিষদীয় চৰকাৰতো উচিত সংখ্যাত প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ বড়ো নেতৃত্ব আৰু কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰক দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে। সংখ্যালঘু উন্নয়ন বিভাগ খোলাৰ সিদ্ধান্তক আদৰনি জনাই সংখ্যালঘু সকলৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ সংখ্যালঘু উন্নয়ন বৰ্ড গঠন কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰোপৰি বিটিএডি/বিটিআৰৰ ধৰ্মীয় সংখ্যালঘু সকলৰ শৈক্ষিক উন্নয়নৰ বাবে সংখ্যালঘু সকলৰ বাবে বিশেষ আসন বিশিষ্ট বিশ্ববিদ্যালয় সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰতিষ্ঠা কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । বিটিএডি /বিটিআৰৰ সংখ্যালঘু সকলৰ বিভিন্ন অধিকাৰ সাব্যস্ত কৰাৰ লগতে সমস্যা সমাধান কৰাৰ নিমিত্তে ঐক্যবদ্ধ বাবে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিবলৈ আমছুৰ নেতৃত্বত আমছু, এবিএমছু, জমিয়ত, ব্ৰহ্মপুত্ৰ ভেলী চিভিল চছাইটি, আৰ এম চিক লৈ বিটিএডি/বিটিআৰৰ সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি নামেৰে এটি সমন্বয় সমিতি গঠন কৰা হয়। পৰবৰ্তী সময়ত উক্ত সমন্বয় সমিতিয়ে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিব। ওপৰত উল্লেখিত প্ৰস্তাৱ সমূহ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰৰ লগতে বিটিচি প্ৰশাসন, এবছু আৰু অন্যান্য বড়ো নেতৃত্বক আমছু তথা নৱগঠিত সমন্বয় সমিতিৰ লগত আনুষ্ঠানিক বৈঠক কৰিবলৈ আহ্বান জনাই সভাই প্ৰস্তাৱ গ্ৰহন কৰে।

     উল্লেখিত প্ৰস্তাৱ সমূহ কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰৰ লগতে বিটিচি চৰকাৰ আৰু বড়ো নেতৃত্বই কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে বড়ো শান্তি চুক্তি সম্পাদন কৰাৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য সেয়া প্ৰকৃতাৰ্থত বাস্তৱায়িত হব বুলি আমি বিশ্বাসী। অন্যথাই অন্যান্য জনগোষ্ঠীৰ লোক সকলে নিজৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হব যিটো কোনো কাৰনতে গ্ৰহনযোগ্য নহয়। বড়ো নেতৃত্বই সকলোৰে আস্থা আৰু বিশ্বাস অৰ্জন কৰিব পাৰিলে বিটিআৰৰ লগতে সামগ্ৰিক ভাৱে অসমৰ প্ৰগতি ত্বৰান্বিত হব। আজিৰ সভাত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰন সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, ইমতিয়াজ হুছেইন, এবিএমছুৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক, বৰ্তমানৰ সভাপতি শ্বেখ আশ্ৰাফুল হক, ব্ৰহ্মপুত্ৰ ভেলী চিভিল চছাইটিৰ কাৰ্য্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ, সাধাৰন সম্পাদক ছাহজাহান তালুকদাৰ, আৰ এম চিৰ সাধাৰণ সম্পাদক ৰেজাউল সৰকাৰৰ লগতে জমিয়তৰ নেতৃত্ব, বিটিএডি/বিটিআৰৰ অন্তৰ্গত এলেকাৰ বিশিষ্ট সচেতন নাগৰিক সকল উপস্থিত থাকে। 


   Byte : Rejaul Karim Sarkar, President AAMSU.


Conclusion:নাগৰিক সভাৰ পিচতে সংবাদ মেল অনুষ্টিত কৰে সংখ্যালঘু নেতৃত্বই । সংবাদ মেলত নাগৰিক সভাৰ যাৱতীয় তথ্য জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনি আইন বিৰোধি আন্দোলনত গুলিবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত হোৱা বৰপেটা জিলাৰ চেঙাৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছানিদুল ইচলামৰ পৰিয়ালক আমছুৰ তৰফৰ পৰা দান বৰঙনিৰে সংগ্ৰহ কৰা তিনিলাখ দুহেজাৰ টকাৰ নগদ ধন চিকিৎসাধীন ছানিদুলৰ পৰিয়ালক আগবঢ়ায় । লগতে অসমৰ সকলো লোকক দৰিদ্ৰ পৰিয়ালটিক সহায়ৰ বাবে আহ্বান জনায় আমছুৰ নেতৃত্বই । 


চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.