তেজপুৰত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিতব্য় দশম আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰস্তুতি - International Day of Yoga 2024
Preparation for international day of yoga: অহা ২১ জুনত অনুষ্ঠিত হ'ব দশম আন্তৰ্জাতিক যোগ দিৱস । অসমতো চলিছে আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰস্তুতি । তেজপুৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিতব্য় এই যোগ দিৱসৰ সাতদিনীয়া ক্ষণগণনা কাৰ্যসূচীৰ আজি আৰম্ভ হয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ প্ৰাংগণত ।

Published : June 14, 2024 at 8:49 PM IST
তেজপুৰ, ১৪ জুন: অহা ২১ জুনত ৰাজ্যিক পৰ্যায়ত তেজপুৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'বলগীয়া দশম আন্তৰ্জাতিক যোগ দিৱস । এই যোগ দিৱসৰ সাতদিনীয়া ক্ষণগণনা কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে ঢেকিয়াজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত নতুন চিৰাজুলিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ প্ৰাংগণত প্ৰথম দিনাৰ কাৰ্যসূচী অনুষ্ঠিত হয় ।
পুৱা ৭ বজাত যোগাভ্যাস অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, ঢেকিয়াজুলীৰ ৰাজহ চক্ৰ বিষয়া নয়ন জ্যোতি পাঠক, সহকাৰী আয়ুক্ত বৰ্ষা তালুকদাৰ, বৰছলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তনুমণি ভূঞা আৰু গুৱাহাটীৰ আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ আশ্ৰম প্ৰশাসক তথা যোগ প্ৰশিক্ষক ব্ৰহ্মচাৰী মাধৱানন্দই ।
ৰাষ্ট্ৰীয় আয়ুস মিছন, অসমৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই যোগাভ্যাস অনুষ্ঠানত গুৱাহাটীস্থিত আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ যোগ প্ৰশিক্ষক ব্ৰহ্মচাৰী মাধৱানন্দই যোগ প্ৰশিক্ষণ প্ৰদান কৰে । এই অনুষ্ঠানত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শতাধিক ছাত্ৰী, তেজপুৰ ফ্ৰন্টিয়াৰ হেড কোৱাৰ্টাৰৰ এছ এছ বিৰ জোৱান আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ।
আদৰণি ভাষণ পাঠ কৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ অধীক্ষক তথা ৱাৰ্ডেন ৰিতুমনি দাসে । যোগ শিবিৰৰ শেষত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰে যোগ অভ্যাসৰ উপকাৰিতা আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিতংকৈ ব্যাখ্যা কৰে । তেওঁ ছাত্ৰীসকলক নিয়মিতভাৱে যোগাভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । ইয়াৰ পিচতেই সহকাৰী আয়ুক্ত বৰ্ষা তালুকদাৰ আৰু বৰছলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তনুমণি ভূঞাই মহিলা সৱলীকৰণৰ গুৰুত্বৰ বিষয়ে উদ্গনিমূলক ব্যক্তব্য আগবঢ়াই ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰে ।

