ETV Bharat / city

গৃহ চহৰত 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত যতীন বৰা

author img

By

Published : Sep 28, 2019, 7:17 PM IST

জনপ্ৰিয় অভিনেতা যতীন বৰাই তেওঁৰ আগন্তুক অসমীয়া বোলছবি 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত হ'ল গৃহ জিলা নগাঁৱত ৷ শনিবাৰে নগাঁৱৰ পাঁচখন মহাবিদ্যালয়ত 'টীম ৰত্নাকৰ'ৰ সৈতে উপস্থিত হৈ প্ৰচাৰ কৰে অভিনেতাগৰাকীয়ে ৷ প্ৰথমে নগাঁও মহাবিদ্যালয় আৰু তাৰ পাছতে প্ৰচাৰ চলাই নগাঁও ছোৱালী মহাবিদ্যালয়ত ৷

টীম ৰত্নাকৰ

নগাঁও, 28 ছেপ্টেম্বৰ : জনপ্ৰিয় অভিনেতা যতীন বৰাই তেওঁৰ আগন্তুক অসমীয়া বোলছবি 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত হ'ল গৃহ জিলা নগাঁৱত ৷ শনিবাৰে নগাঁৱৰ পাঁচখন মহাবিদ্যালয়ত 'টীম ৰত্নাকৰ'ৰ সৈতে উপস্থিত হৈ প্ৰচাৰ কৰে অভিনেতাগৰাকীয়ে ৷ প্ৰথমে নগাঁও মহাবিদ্যালয় আৰু তাৰ পাছতে প্ৰচাৰ চলাই নগাঁও ছোৱালী মহাবিদ্যালয়ত ৷ প্ৰতিখন মহাবিদ্যালয়তে 'টীম ৰত্নাকৰ'ৰ সৈতে যতীন বৰা উপস্থিত হোৱাত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ ৷ যতীন বৰাৰ লগতে ৰত্নাকৰৰ অভিনেতা-অভিনেত্ৰী,শিল্পী, কলা-কুশলীক ওচৰত পাই আনন্দত আত্মহাৰা হৈ পৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকল ৷

গৃহ চহৰত 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে উপস্থিত যতীন বৰা

গৃহ চহৰত উপস্থিত হৈ গৌৰৱাম্বিত বুলি মন্তব্য কৰে যতীন বৰাই ৷ সকলোকে চিত্ৰগৃহলৈ গৈ 11 অক্টোবৰৰ দিনা ৰত্নাকৰ চাবলৈ আহ্বান জনালে অভিনেতাগৰাকীয়ে ৷ এই অনুষ্ঠানতে উপস্থিত থাকি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই মন্তব্য কৰে যে,অসমীয়া ছবিৰ প্ৰচাৰে এই চলচিত্ৰ উদ্যোগৰ সোণালী যাত্ৰা অক্ষুণ্ণ ৰাখিব ৷ ছবিৰ প্ৰচাৰৰ সময়ত যুৱপ্ৰজন্মৰ পৰা যথেষ্ট সমাদৰ লাভ কৰা বুলি মন্তব্য কৰে বৰষা ৰাণী বিষয়াই ৷ ৰত্নাকৰ ছবিখন সকলোৱে আঁকোৱালী ল'ব বুলি আশা প্ৰকাশ কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। ৰত্নাকৰৰ জনপ্ৰিয় গীত 'এটা কথা কোৱানা' গীতৰ শিল্পী হৰ্ষিতাই গীতটিৰ কলিটো সকলোৰে আগত প্ৰদৰ্শন কৰে ৷ ভৱিষ্যতে লতা মংগেশকাৰৰ দৰে এগৰাকী সুকন্ঠী গায়িকা হোৱাৰ ইচ্ছা প্ৰকাশ কৰে কণমানি হৰ্ষিতাই ৷

Intro:এইবাৰ গৃহ চহৰত টিম ৰত্নাকৰ লগত লৈ প্ৰচাৰ যতীন বৰাৰ। ছাত্ৰ ছাত্ৰীৰ হৰ্ষোল্লাহৰ মাজতে নগাঁৱৰ পাঁচখন মহাবিদ্যালয়ত প্ৰচাৰ ৰত্নাকৰৰ। অসমত কেৱল অসমীয়া ছবিয়েই চলাৰ আশাবাদী অভিনেত্ৰী বৰষা। ই টি ভি ভাৰতৰ সন্মুখত কণমানি হৰ্ষিতাই গালে ৰত্নাকৰৰ জনপ্ৰিয় গীতৰ কলি। লতা মংগেস্কাৰৰ দৰে গায়িকা হোৱাৰ সপোন হৰ্ষিতাৰ।


Body:জনপ্রিয় অভিনেতা যতীন বৰা সপোনৰ ছবি ৰত্নাকৰৰ প্ৰচাৰ এইবাৰ অভিনেতাগৰাকীৰ গৃহ চহৰ নগাঁৱত। শনিবাৰে নগাঁৱৰ পাঁচখনকৈ মহাবিদ্যালয়ত টিম ৰত্নাকৰক লগত লৈ প্ৰচাৰ চলালে যতীন বৰাই। প্ৰথমে নগাওঁ মহাবিদ্যালয়ত প্ৰচাৰ চলোৱাৰ পিছত প্ৰচাৰ চলাই নগাওঁ ছোৱালী মহাবিদ্যালয়ত। প্ৰতিখন মহাবিদ্যালয়ৰ লগতে নগাওঁ ছোৱালী মহাবিদ্যালয়ত টিম ৰত্নাকৰ লৈ যতীন বৰা উপস্থিত হোৱাৰ লগে সৃষ্টি হয় উৎসৱমুখৰ পৰিবেশ। ছাত্ৰীৰ হৰ্ষোল্লাহৰ মাজতে চলালে প্ৰচাৰ। যতীন বৰা লগতে ৰত্নাকৰৰ অভিনেতা, অভিনেত্ৰী, শিল্পী, কলা কুশলী কাষত পাই আনন্দত আত্মহাৰা মহাবিদ্যালয়খনৰ ছাত্ৰী। গৃহ চহৰত ৰত্নাকৰৰ প্ৰচাৰ চলাই যতীন বৰাৰ মন্তব্য। গৃহ চহৰত ৰত্নাকৰৰ প্ৰচাৰ চলাই গৌৰৱাম্বিত যতীন বৰা। সকলোলে১১ অক্টোবৰত ৰত্নাকৰ চাবলৈ আহ্বান যতীন বৰা।
bite, যতীন বৰা
vo- অসমৰ বিভিন্ন প্ৰান্তত ৰত্নাকৰৰ প্ৰচাৰ চলাই বিশেষকৈ যুৱপ্ৰজন্মৰ পৰা লাভ কৰা বুলি উল্লেখ কৰি অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ মন্তব্য অসমীয়া ছবিৰ প্ৰচাৰে অক্ষুন্ন ৰাখিব অসমীয়া ছবিৰ সোণালী যাত্ৰা। ভৱিষ্যতে অসমত কেৱল অসমীয়া ছবিয়েই চলাৰ কামনা বৰষা ৰাণী বিষয়াৰ। ৰত্নাকৰ ছবিখন সকলোৱে আকোঁৱলী লব বুলি আশাবাদী অভিনেত্ৰী নিশিতা গোস্বামী।
bite, বৰষা, নিশিতা


Conclusion:ৰত্নাকৰৰ জনপ্ৰিয় গীত এটা কথা কোৱানা গীতৰ শিল্পী কণমানি হৰ্ষিতাই গালে গীতটিৰ এটা কলি। কণমানি হৰ্ষিতাই ভৱিষ্যতে লতা মংগেস্কাৰৰ দৰে গায়িকা হোৱাৰ দেখিছে সপোন।
bite--হৰ্ষিতা
----------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৮-৯-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.