ETV Bharat / city

হাতীমূৰাৰ ঐতিহাসিক দুৰ্গা মন্দিৰৰ মূল গম্বুজত ফাঁট

author img

By

Published : Apr 28, 2021, 7:30 PM IST

মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ মূল গম্বুজত ফাঁট
মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ মূল গম্বুজত ফাঁট

কলিয়াবৰত ভূইকঁপত ফাঁট মেলিছে ঐতিহাসিক হাতীমূৰা মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ মূল গম্বুজ ৷ ফাঁট মেলিছে জল সম্পদ বিভাগৰ হাতীমূৰাস্থিত পৰিদৰ্শন বাংলোৰ লগতে পৰিদৰ্শন চকীৰো দেৱালত ৷

কলিয়াবৰ, 28 এপ্ৰিল : বুধবাৰে ৰাতিপুৱা অহা ভূইকঁপত কলিয়াবৰৰ হাতীমূৰাৰ ঐতিহাসিক মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ মূল গম্বুজৰ বিভিন্ন স্থানত ফাঁট মেলা দেখা গৈছে । ১৭৪৫ চনত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰা ঐতিহাসিক দশভূজা মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ প্ৰায় এমাহ পূৰ্বে ৰাজ্যৰ প্ৰত্নতত্ব আৰু স্থাপত্য সঞ্চালকালয়ৰ তত্বাৱধানত মেৰামতি সম্পূৰ্ণ কৰা হৈছিল ৷

মহিষমৰ্দিনী দুৰ্গা মন্দিৰৰ মূল গম্বুজত ফাঁট

ইতিমধ্যে মন্দিৰৰ তত্বাৱধানত থকা চৰকাৰী কৰ্মচাৰী গৰাকীয়ে উৰ্ধতন মহলক মন্দিৰৰ সবিশেষ তথ্য প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ৷ আনহাতে, জল সম্পদ বিভাগৰ হাতীমূৰাস্থিত নৱনিৰ্মিত তথা অলপতে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উন্মোচন কৰা জল সম্পদ বিভাগৰ পৰিদৰ্শন বাংলো আৰু পৰিদৰ্শন চকীৰ দেৱালতো ফাঁট মেলা দেখা গৈছে ।

লগতে পঢ়ক : অক্সিজেন ভৰ্তি বাহন আৰক্ষীয়ে ৰখাই থোৱাৰ বাবেই ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.