ETV Bharat / city

ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

author img

By

Published : Apr 6, 2022, 6:38 PM IST

Governor Jagdish Mukhi's visit Nagaon College
ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

নগাঁও মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰে বৈঠকত মিলিত ৰাজ্যপাল মুখী ৷ নতুন শিক্ষা নীতি ২০২০(New Education Policy 2020) ৰ লগত সংগতি ৰাখি স্বায়ত্ত শাসিত মহাবিদ্যালয়(Autonomous College) হিচাপে অনতিপলমে পাঠ্যসূচী প্ৰস্তুত কৰিবৰ বাবে অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাক আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে(Governor Jagdish Mukhi meeting with Nagaon College student) ৷

নগাঁও, 6 এপ্ৰিল : অসম চৰকাৰে নগাঁও কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদানৰ ঘোষণা কৰাৰ পাচত বুধবাৰে প্ৰথমবাৰলৈ মহাবিদ্যালয়খনত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী(Assam Governor Jagdish Mukhi) ৷ ৰাজ্যপালগৰাকীয়ে নগাঁও কলেজৰ অধ্যক্ষ, শিক্ষক সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয়(Governor Jagdish Mukhi meeting with Nagaon College student) । সংস্কৃত বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৈদিক মন্ত্ৰেৰে আৰম্ভ হোৱা এই মত বিনিময় অনুষ্ঠানতো ৰাজ্যপালগৰাকীয়ে বিদ্বান শিক্ষকেহে এখন বিশ্ববিদ্যালয় গঢ়িব পাৰে বুলি মন্তব্য কৰে ৷

ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

তেওঁ নতুন শিক্ষা নীতি ২০২০ ৰ লগত সংগতি ৰাখি স্বায়ত্ত শাসিত মহাবিদ্যালয়(Autonomous College) হিচাপে অনতিপলমে পাঠ্যসূচী প্ৰস্তুত কৰিবৰ বাবে অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাক আহ্বান জনায় ৷ অনুষ্ঠানটোত নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষে গৱেষক আৰু ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ পৰীক্ষিত গগৈক গুণগত গৱেষণা আৰু গৱেষণা পত্ৰ প্ৰকাশৰ বাবে ২০২১ বৰ্ষৰ দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা ৰাজ্যপালগৰাকীৰ জৰিয়তে প্ৰদান কৰে ।

Governor Jagdish Mukhi's visit Nagaon College
ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

এই বঁটাৰ লগত আছে নগদ ৩০,০০০ টকা আৰু এখন মানপত্ৰ ৷ এই অনুষ্ঠানত নগাঁও কলেজ (Autonomous College)ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপিকা কৰৱী দেৱীয়ে প্ৰকাশ কৰি উলিওৱা 'হিন্দী কী নই কাহানিয়ো মে নাৰী কা মনোবিশ্লষণ' শীর্ষক গ্ৰন্থখনো ৰাজ্যপাল জগদীশ মুখীয়ে উন্মোচন কৰে ।

লগতে পঢ়ক : পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.