ETV Bharat / city

Majuli by-election : মাজুলী উপনির্বাচনৰ অধিসূচনা জাৰি

author img

By

Published : Feb 10, 2022, 6:46 PM IST

eci-issued-notification-for-majuli-lac-by-election
মাজুলী উপনির্বাচনৰ অধিসূচনা জাৰি

বৃহস্পতিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে মাজুলী উপ-নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিলে (ECI issued notification for Majuli LAC by-election) ৷ উল্লেখ্য যে, 7 মাৰ্চত অনুষ্ঠিত হ‘ব মাজুলী উপনিৰ্বাচন ৷

গুৱাহাটী, 10 ফেব্ৰুৱাৰী : মাজুলীৰ উপ-নিৰ্বাচনক (Majuli LAC by-election) লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে । শেহতীয়াকৈ বৃহস্পতিবাৰে মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India) আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছে (ECI issued notification for Majuli LAC by-election) । এই অধিসূচনা অনুসৰি মাজুলী উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 17 ফেব্ৰুৱাৰী ।

আগন্তুক 18 ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু আগন্তুক 21 ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ৷ আনহাতে, 7 মাৰ্চ তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ’ব (Bypolls to Majuli seat in Assam to be held on March 7) ৷ এইবাৰ মাজুলীৰ উপ-নিৰ্বাচন স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ অৰ্থে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাড়েই সংশ্লিষ্ট সকলোৰে সহযোগিতা কামনা কৰিছে ৷

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ লগত চামিল হোৱাত দীৰ্ঘদিন ধৰি মাজুলী বিধানসভাৰ আসনখন খালী হৈ আছিল ৷ ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে মাজুলীত বলৱৎ হৈছে নিৰ্বাচনী আচৰণ বিধি ৷

লগতে পঢ়ক : আনন্দ মিশ্রৰ বদলিৰ আঁৰত আছে নেকি প্ৰৱঞ্চক মৃদুপৱন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.