ETV Bharat / state

আনন্দ মিশ্রৰ বদলিৰ আঁৰত আছে নেকি প্ৰৱঞ্চক মৃদুপৱন ?

author img

By

Published : Feb 10, 2022, 5:23 PM IST

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিৰ পিছতে চৰ্চালৈ আহিছে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ প্ৰসংগ (Fraudster Mridupaban Neog Case)৷ হাত দীঘল ব্যক্তি হিচাপে পৰিচিত গুৱাহাটীৰ প্ৰৱঞ্চক মৃদুপৱন নেওগক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । এনে অৱস্থাত হঠাৎ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিয়েই অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷

Fraudster Mridupaban Neog Case
আনন্দ মিশ্রৰ বদলিৰ আঁৰত আছে নেকি প্ৰৱঞ্চক মৃদুপৱন?

নগাঁও, 10 ফেব্ৰুৱাৰী: প্ৰৱঞ্চক মৃদুপৱন নেওগ বিতৰ্কৰ মাজতে বদলি হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra transferred)। নগাঁওবাসীক ধন্যবাদ জনাই বিদায় ল’লে আনন্দ মিশ্ৰই । ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই নগাঁওবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা আনন্দ মিশ্ৰৰ বদলিত ক্ষুণ্ণ একাংশ সচেতন মহল । আনন্দ মিশ্ৰৰ বদলিৰ পিছতেই উত্থাপন হৈছে বহু প্ৰশ্নৰ ।

এটা এনকাউণ্টাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে হঠাৎ বদলি হ’ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ নগাঁওবাসীক ধন্যবাদ জনাই বিদায় ল’লে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ চোৰ, ডকাইতকে ধৰি নগাঁৱৰ অপৰাধ জগতত মুক্ষম আঘাত হানিবলৈ সক্ষম হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ সাঙোৰ খাই পৰিছিল নগাঁৱৰ প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰা এনকাউণ্টাৰ বিতৰ্কত । বুধবাৰে এই এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদনক লৈ সংবাদমেলৰ আয়োজন কৰাৰ পিছতেই হঠাৎ জাৰি হ'ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিৰ নিৰ্দেশ । ইয়াৰ মাজতে উত্থাপিত হৈছে প্ৰৱঞ্চক মৃদুপৱনৰ প্ৰসংগ(Fraudster Mridupaban Neog Case) ৷

আনন্দ মিশ্রৰ বদলিৰ আঁৰত আছে নেকি প্ৰৱঞ্চক মৃদুপৱন?

হাত দীঘল ব্যক্তি হিচাপে পৰিচিত গুৱাহাটীৰ প্ৰৱঞ্চক মৃদুপৱন নেওগক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । এগৰাকী দক্ষ আই পি এছ বিষয়া হিচাপে পৰিচিত আনন্দ মিশ্ৰকো একপ্ৰকাৰ চেলেঞ্জ কৰি সামাজিক মাধ্যমত বহুকেইটা চাঞ্চল্যকৰ মন্তব্য কৰিছিল প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত মৃদুপৱন নেওগে । এনে অৱস্থাত হঠাৎ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিত চৰ্চালৈ আহিছে বহু বাঘা বাঘা নেতাৰে ঘনিষ্ঠ বুলি চৰ্চিত প্ৰৱঞ্চক মৃদুপৱন নেওগৰ প্ৰসংগ ।

অপৰাধীৰ বিৰুদ্ধে চলোৱা সফল অভিযানেই হওঁক অথবা সংগীত জগতৰ সৈতে থকা সম্পৰ্কৰ বাবেই হওঁক, সামাজিক মাধ্যমত লাভ কৰা জনপ্ৰিয়তাই আনন্দ মিশ্ৰৰ বাবে কাল হ'ল বুলিও ক'ব বিচাৰে বিভিন্নজনে । কাৰণ যিয়েই নহওঁক নগাঁৱৰ অপৰাধ জগতক বহু পৰিমানে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ বদলিত ক্ষুণ্ণ নগাঁৱৰ বিভিন্ন মহল ।

এতিয়া প্ৰশ্ন হয়, ড্ৰাগছকে ধৰি অপৰাধৰ ঘাটিত পৰিণত হোৱা নগাঁৱত এতিয়া পূৰ্বৰ দৰেই চলিব নে অপৰাধীৰ বিৰুদ্ধে অভিযান ? নে, পুনৰ আৰম্ভ হ'ব পূৰ্বৰ দৰেই ড্ৰাগছৰ সাম্ৰাজ্য ?

লগতে পঢ়ক: নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ’ল আনন্দ মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.