ETV Bharat / city

মৰিয়নিত কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ আলীক আটক

author img

By

Published : May 1, 2022, 9:31 PM IST

drugs-mafia-arrested-by-police-at-mariani
মৰিয়নিত কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ আলিক আটক

দেওবাৰে মৰিয়নিৰ পুখুৰীয়া অঞ্চলত আৰক্ষীয়ে অভিযান চলাই কুখ্যাত ড্ৰাগছ মাফিয়াজনৰ নাম আমজাদ আলীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে (Brown sugar seized at Mariani) ৷

যোৰহাট, 1 মে’: শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ এইদৰে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam police raid against drugs) অব্যাহত থকাৰ সময়তে মৰিয়নিত আৰক্ষীয়ে আটক কৰে এজন কুখ্যাত ড্ৰাগছ মফিয়াক ৷

ঘটনা অনুসৰি, এক গোপন সূত্ৰ অনুসৰি দেওবাৰে মৰিয়নিৰ পুখুৰীয়া অঞ্চলত মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্ৰৰঞ্জন বুঢ়াগোঁহাইৰ নেতৃত্বত এটা দলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ব্ৰাউন চুগাৰসহ এজন কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰে (Drugs mafia arrested at Mariani) ৷

মৰিয়নিত কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ আলিক আটক

জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ 12 গ্ৰাম (Brown sugar seized at Mariani) ৷ ইফালে আটকাধীন কুখ্যাত ড্ৰাগছ মাফিয়াজনৰ নাম আমজাদ আলী বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

ইফালে লখিমপুৰত এগৰাকী তৃতীয় শ্ৰেণীত অধ্যয়নৰত শিশুৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ (Child drugs peddler in Lakhimpur) ৷ আনফালে, বেংকৰ পৰা ঋণ লৈ নগাঁৱত হাজেৰা খাতুন নামৰ এগৰাকী মহিলাই আৰম্ভ কৰিব বিচাৰিছিল ড্ৰাগছৰ ব্যৱসায় ৷ পিছে ব্যৱসায়ৰ প্ৰথম দিনটোতেই ৰাইজে আটক কৰিলে হাজেৰা খাতুনক ৷

লগতে পঢ়ক : Anti Drugs Mission in Lakhimpur: তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ জেপত ওলাইছে ড্ৰাগছৰ কন্টেইনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.